প্ৰকাশ (আলোচনী)

(প্ৰকাশৰ পৰা পুনঃনিৰ্দেশিত)


প্ৰকাশ হৈছে অসমীয়া ভাষাত প্ৰকাশিত হোৱা এখন মাহেকীয়া সাহিত্য আলোচনী। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈ আহিছে। প্ৰকাশৰ প্ৰচ্ছদ আঁকিছিল অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। [1] আলোচনীখনৰ বৰ্তমান মূল্য ত্ৰিশ টকা।

প্ৰকাশ
প্ৰকাশ
প্ৰকাশৰ ল'গ'
সম্পাদক মিহিৰ দেউৰী
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক প্ৰমোদ কলিতা, সচিব, অসম প্ৰকাশন পৰিষদ
দেশ ভাৰত
ভাষা অসমীয়া

১৯৭৫ চনত প্ৰথম প্ৰকাশ হোৱা এই আলোচনীখন আৰ্থিক সমস্যাৰ বাবে প্ৰায় বহুবছৰ অপ্ৰকাশিত হৈ আছিল। ২০১২ চনৰ ৭ মেত গুৱাহাটীস্থিত অসম ৰাজ্যিক যাদুঘৰৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত তেতিয়াৰ অসমৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰকাশিত সংখ্যাটো উদ্বোধন কৰে। প্ৰকাশৰ সেই সংখ্যাটোৰ সম্পাদক আছিল অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি ৰংবং তেৰাং[2][3]

আলোচনীৰ কৰ্মকৰ্তাসকল সম্পাদনা কৰক

বৰ্তমান আলোচনীখনৰ মুখ্য সম্পাদক হৈছে মিহিৰ দেউৰী। [4] সহযোগী সম্পাদক হৈছে গীতালি বৰা। সহকাৰী সম্পাদক হৈছে অৰ্চনা শইকীয়া। আলোচনীখনৰ প্ৰকাশ কৰোঁতা হৈছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। [4]

মুখ্য শিতানসমূহ সম্পাদনা কৰক

আলোচনীখনত কেইবাটাও শিতান আছে। তাৰে কেইটামান শিতান স্থায়ী।

  1. প্ৰবন্ধ শিতানঃ এই শিতানত সাহিত্য-কলা বিষয়ক ভিন্ন ৰচনা প্ৰকাশিত হয়।
  1. গল্প শিতানঃ ন-পুৰণি গল্পকাৰৰ গল্প প্ৰকাশিত হয়।
  1. অনুবাদ উপন্যাসঃ হিন্দী,ইংৰাজী আদি ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ভিন্নধৰ্মী উপন্যাস এই শিতানত প্ৰকাশ কৰা হয়।
  1. অনুবাদ গল্পঃ হিন্দী, ইংৰাজী আদি ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ভিন্নধৰ্মৰ গল্প এই শিতানত প্ৰকাশ কৰা হয়।
  1. অনুবাদ কবিতাঃ বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কবিতা এই শিতানত প্ৰকাশ কৰা হয়।[4]

তথ্য-সূত্ৰ সম্পাদনা কৰক

  1. ভূঞা, অজিত কুমাৰ (৩০ মে' ২০১৯). "কেনভাছ উকা". আমাৰ অসম. আমাৰ অসম. 
  2. "First issues of revived Prakash, Mukuta released". Assam Tribune. ৮ মে' ২০১২. Archived from the original on 2012-11-07. https://web.archive.org/web/20121107024928/http://www.assamtribune.com/scripts/detailsnew.asp?id=may0812/city05। আহৰণ কৰা হৈছে: ৪ জুন ২০১৯. 
  3. RAJIV KONWAR (৮ মে' ২০১২). "Cult magazine revived after 11 years - Assamese publication goes to print after disappearing from stands in 2001". Telegraph of India. https://www.telegraphindia.com/states/north-east/cult-magazine-revived-after-11-years-assamese-publication-goes-to-print-after-disappearing-from-stands-in-2001/cid/423688। আহৰণ কৰা হৈছে: ৪ জুন ২০১৯. 
  4. 4.0 4.1 4.2 বিভিন্ন. প্ৰকাশ. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. ISSN 2279-0683.