হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় ৰাজনীতিবিদ

হিমন্ত বিশ্ব শৰ্মা (ইংৰাজী: Himanta Biswa Sarma; জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৬৯) হৈছে অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ - ২০০১, ২০০৬ আৰু ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।[1] ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, শৰ্মাই ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[2]

হিমন্ত বিশ্ব শৰ্মা
অসমৰ ১৫তম মুখ্যমন্ত্ৰী
পদাধিকাৰী
কাৰ্যভাৰ গ্ৰহণ
১০ মে' ২০২১
ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া
জগদীশ মুখী
পূৰ্বসূৰী সৰ্বানন্দ সোণোৱাল
কেবিনেট মন্ত্ৰী, অসম চৰকাৰ
কাৰ্যকাল
২৪ মে' ২০১৬ – ৯ মে' ২০২১
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মন্ত্ৰিত্ব বিত্ত, পৰিকল্পনা আৰু উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, গড়কাপ্তানী
কাৰ্যকাল
২০১১ – ২০১৪
মুখ্যমন্ত্ৰী তৰুণ গগৈ
মন্ত্ৰিত্ব বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, গড়কাপ্তানী, পৰিবৰ্তন আৰু বিকাশ
কাৰ্যকাল
২০০৬ – ২০১১
মুখ্যমন্ত্ৰী তৰুণ গগৈ
মন্ত্ৰিত্ব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
ৰাজ্যিক মন্ত্ৰী, অসম চৰকাৰ
কাৰ্যকাল
১ ছেপ্তেম্বৰ ২০০৪ – জুন ২০০৬
মুখ্যমন্ত্ৰী তৰুণ গগৈ
মন্ত্ৰিত্ব বিত্ত, পৰিকল্পনা আৰু উন্নয়ন
কাৰ্যকাল
৭ জুন ২০০২ – ৩১ আগষ্ট ২০০৪
মুখ্যমন্ত্ৰী তৰুণ গগৈ
মন্ত্ৰিত্ব কৃষি, পৰিকল্পনা আৰু উন্নয়ন
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০১
পূৰ্বসূৰী ভৃগু কুমাৰ ফুকন
সমষ্টি জালুকবাৰী বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯ (৫৫ বছৰ)
যোৰহাট, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯৬-২০১৫)
দাম্পত্যসঙ্গী ৰিণিকি ভূঞা শৰ্মা (বি. ২০০০)
সন্তান
বাসস্থান গুৱাহাটী
শিক্ষানুষ্ঠান কটন কলেজ (কলা স্নাতক/কলা স্নাতকোত্তৰ)
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় (আইনৰ স্নাতক)
গুৱাহাটী বিশ্ববিদ্যালয় (ডক্টৰেট অফ ফিলোচ'ফী)
স্বাক্ষৰ
ৱেবছাইট www.himantabiswasarma.com

পৰৱৰ্তী সময়ত শৰ্মাই ২৪ মে' ২০১৬-ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ ৰাজনৈতিক দক্ষতাৰ স্বীকৃতি হিচাপে বিজেপি নেতৃত্বয়ে তেওঁক নৱ গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়ে।[3][4] অঞ্চলটোৰ সৰ্বাংগীণ উন্নতিৰ লগতে উত্তৰ-পূব ৰাজ্যসমূহ আৰু কেন্দ্ৰৰ সুসংযোগ স্থাপন কৰায়ে ইয়াৰ মূল উদ্দেশ্য।[5] ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।[6]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকন্যা তেওঁলোকৰ সন্তান।[7]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

শৰ্মাই ২০০১ চনত অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৬ চনত তেওঁ পুনৰ নিৰ্বাচিত হয়, তাৰ পিছত ২০১১ চনত ৭৮,০০০ ভোটৰ ব্যৱধানত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।[8][9] ২০০২ চনৰ পৰা ২০১৪ চনলৈকে কৃষি, পৰিকল্পনা আৰু উন্নয়ন, বিত্ত, স্বাস্থ্য, শিক্ষা, আৰু অসম চুক্তি ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শৰ্মাই গুৰুত্বপূৰ্ণ (ৰাজ্য আৰু কেবিনেট উভয়তে) লাভ কৰিছিল।[8][10]

২০০৬ চনত তেওঁক স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী নিযুক্তি দিয়া হয়, আৰু ২০১১ চনত তেওঁক শিক্ষাৰ অতিৰিক্ত দায়িত্বও অৰ্পণ কৰা হয়। তেওঁৰ কাৰ্যকালত যোৰহাট, বৰপেটা আৰু তেজপুৰত তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হয়।[11]

ভাৰতীয় জনতা পাৰ্টী সম্পাদনা কৰক

 
অমিত শ্বাহ আৰু কামাখ্যা প্ৰসাদ তাছাৰ সৈতে হিমন্ত বিশ্ব শৰ্মা।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে ৰাজনৈতিক মতানৈক্যৰ পিছত ২০১৪ চনৰ ২১ জুলাইত শৰ্মাই সকলো চৰকাৰী পদৰ পৰা পদত্যাগ কৰে । ২০১৫ চনৰ ১৫ ছেপ্টেম্বৰত বিধানসভাৰ পৰা পদত্যাগ কৰে।[7][12] ২০১৫ চনৰ ২৩ আগষ্টত শৰ্মাই অমিত শ্বাহনতুন দিল্লীৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।[13] ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচন(২০১৬ চনৰ বিধানসভা নিৰ্বাচন)ৰ বাবে নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল ।[14] ২০১৬ চনৰ মে’ মাহত শৰ্মাই একেৰাহে চতুৰ্থবাৰৰ বাবে জালুকবাৰী সমষ্টিত জয়লাভ কৰি ২৪ মে’ত সোনোৱাল মন্ত্ৰণালয়ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বিজেপি চৰকাৰত তেওঁক বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, পৰিকল্পনা আৰু উন্নয়ন, পৰ্যটন, পেঞ্চন আৰু জনসংযোগ আদিৰ দৰে বিভাগৰ মন্ত্ৰীত্ব দিয়া হৈছিল।[15]

মুখ্যমন্ত্ৰী হিচাপে সম্পাদনা কৰক

নিযুক্তি সম্পাদনা কৰক

বিজেপি মিত্ৰজোঁট-এ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত নতুন চৰকাৰ গঠনৰ আলোচনাৰ বাবে ২০২১ চনৰ ৮ মে’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে শৰ্মাক নতুন দিল্লীলৈ মাতি অনা হৈছিল। সেই সময়ৰ বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৪ ঘণ্টাৰো অধিক সময় ধৰি ধাৰাবাহিক বৈঠকত শৰ্মা আৰু সোণোৱাল মিলিত হয় । ৯ মে'ত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত লোৱাৰ বাবে আয়োজিত এখন বৈঠকৰ পূৰ্বে সোণোৱালে ৰাজ্যপাল জগদীশ মুখীক পদত্যাগ পত্ৰ প্ৰদান কৰে ।[16][17][18][19] হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল বিদায়ী সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু নৱনিৰ্বাচিত বিধায়িকা নন্দিতা গাৰ্লোছাই। যিহেতু মুখ্যমন্ত্ৰী পদৰ বাবে আন কাৰো নাম প্ৰস্তাৱ কৰা হোৱা নাছিল, সেয়েহে সৰ্বসন্মতিক্ৰমে শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।[20]

২০২১ চনৰ ১০ মে'ত সোণোৱালৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে অসমৰ ১৫তম মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণ কৰোৱায়।[21][22][23][24]

অন্যান্য সম্পাদনা কৰক

শৰ্মা ভাৰতীয় বেডমিণ্টন সন্থাৰ (Badminton Association of India) সভাপতি। তেওঁ ২০১৬ চনৰ পৰা ২০১৯ চনলৈ অসম ক্ৰিকেট সন্থাৰ (Assam Cricket Association) সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।[25][26][27][28] তাৰ পূৰ্বে ২০০২ৰ পৰা ২০১৬লৈ তেওঁ ইয়াৰ উপ-সভাপতি হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বৰ্তমানলৈ লিখি উলিওৱা কিতাপ কেইখন হ'ল : 'ভিন্ন সময় অভিন্ন মত', 'এটা সপোনৰ পম খেদি', 'সমাগত সময়','অন্য এক দৃষ্টিকোণ'।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "I told Rahul Gandhi you will not cross 25 seats, he said we will win: BJP MLA Himanta Biswa Sarma". http://indianexpress.com/article/elections-2016/india/india-news-india/assam-assembly-elections-2016-bjp-himanta-biswa-sarma-2809869/. 
  2. "Himanta Biswa Sarma: In 2016 Assam election, Bangladeshi immigrants want their own CM too". http://indianexpress.com/article/india/politics/himanta-biswa-sarma-in-this-assam-election-bangladeshi-immigrants-want-their-own-cm-too/. 
  3. "Himanta Biswa Sarma Named Convener Of BJP's Northeast Alliance". NDTV.com. https://www.ndtv.com/india-news/himanta-biswa-sarma-named-convener-of-bjps-northeast-alliance-1409767। আহৰণ কৰা হৈছে: 2022-07-26. 
  4. "Himanta Biswa Sarma Named Convener Of BJP's Northeast Alliance". https://www.ndtv.com/india-news/himanta-biswa-sarma-named-convener-of-bjps-northeast-alliance-1409767। আহৰণ কৰা হৈছে: 22 May 2022. 
  5. "Former Gogoi close aide Himanta Biswa Sarma named convener of NDA's northeast alliance | Latest News & Updates at Daily News & Analysis" (en-US ভাষাত). dna. 2016-05-24. http://www.dnaindia.com/india/report-former-gogoi-close-aide-himanta-biswa-sarma-named-convener-of-nda-s-northeast-alliance-2216129। আহৰণ কৰা হৈছে: 2016-05-24. 
  6. "Himanta Biswa Sarma is Assam’s new chief minister". www.moneycontrol.com. https://www.moneycontrol.com/news/india/after-week-long-suspense-bjp-picks-master-strategist-himanta-biswa-sarma-as-assams-next-cm-6871331.html। আহৰণ কৰা হৈছে: 9 মে' 2021. 
  7. 7.0 7.1 "Dr. Himanta Biswa Sarma". Government of Assam. http://216.150.25.81/nict11/pdf/profile/himanta_biswa_sarma.pdf। আহৰণ কৰা হৈছে: 30 August 2012. [সংযোগবিহীন উৎস]
  8. 8.0 8.1 IANS (15 September 2015). "Former Assam Minister Himanta Biswa Sarma Quits Assembly". NDTV. https://www.ndtv.com/india-news/former-assam-minister-himanta-biswa-sarma-quits-assembly-1217926. 
  9. Choudhury, Ratnadip (9 May 2021). "From Student Body To Assam Chief Minister: Long Journey For Himanta Biswa Sarma". NDTV. https://www.ndtv.com/india-news/from-student-body-to-assam-chief-minister-long-journey-for-himanta-biswa-sarma-2438262। আহৰণ কৰা হৈছে: 22 September 2021. 
  10. "Himanta Biswa Sarma". Business Standard India. https://www.business-standard.com/topic/himanta-biswa-sarma. 
  11. Haq, Zia (3 May 2021). "Assam: The phenomenon called Himanta Biswa Sarma" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/elections/assam-assembly-election/assamthe-phenomenon-called-himanta-biswa-sarma-101620017280296.html। আহৰণ কৰা হৈছে: 22 September 2021. 
  12. Himanta resigns from MLA post. Telegraph India. 15 September 2015. Archived on 1 August 2018.
  13. -to-join-bjp/story-ieqWZLEc8RL9QqeMC4NPpI.html ""Former Assam minister Himanta Biswa meets Amit Shah, to join BJP"". হিন্দুস্তান টাইমছ. 23 August 2015. https://www.hindustantimes.com/india/former-assam-minister-himanta-biswa-meets-amit-shah... -to-join-bjp/story-ieqWZLEc8RL9QqeMC4NPpI.html। আহৰণ কৰা হৈছে: ২২ ছেপ্টেম্বৰ ২০২১. [সংযোগবিহীন উৎস]
  14. [https://www.livemint.com/elections/assembly-elections/dogged-determination-hard-work- rewards-himanta-biswa-sarma-with-the-cm-s-mantle-11620559528405.html "" Dogged determination, hard work rewards Himanta Biswa Sarma with the CM's mantle"] (english ভাষাত). mint. 9 May 2021. https://www.livemint.com/elections/assembly-elections/dogged-determination-hard-work- rewards-himanta-biswa-sarma-with-the-cm-s-mantle-11620559528405.html। আহৰণ কৰা হৈছে: ২২ ছেপ্টেম্বৰ ২০২১. [সংযোগবিহীন উৎস]
  15. "Minister’s Portfolio, Parliamentary Affairs, Government Of Assam, India". parliamentaryaffairs.assam.gov.in. https://parliamentaryaffairs.assam.gov.in/portlets/ministers-portfolio। আহৰণ কৰা হৈছে: ২২ ছেপ্টেম্বৰ ২০২১. 
  16. PTI (9 May 2021). "Sonowal resigns as CM before BJP MLAs meet to elect new leader". Business Standard India. https://www.business-standard.com/article/current-affairs/sonowal-resigns-as-cm-before-bjp-mlas-meet-to-elect-new-leader-121050900284_1.html. 
  17. PTI (9 May 2021). "Sarbananda Sonowal tenders resignation, prior to election of new Assam CM". The Times of India. https://timesofindia.indiatimes.com/india/sarbananda-sonowal-tenders-resignation-prior-to-election-of-new-assam-cm/articleshow/82494934.cms. 
  18. "Sarbananda Sonowal resigns as chief minister; Assam BJP MLAs’ meet today". Northeast Now. 9 May 2021. https://nenow.in/north-east-news/assam/sarbananda-sonowal-resigns-as-chief-minister-assam-bjp-mlas-meet-today.html। আহৰণ কৰা হৈছে: 8 May 2022. 
  19. Parashar, Shipra (9 May 2021). "Assam CM Sarbananda Sonowal submits his resignation to Governor". Zee News. https://zeenews.india.com/india/assam-cm-sarbananda-sonowal-submits-his-resignation-to-governor-2360742.html. 
  20. PTI (9 May 2021). "Himanta Biswa Sarma set to become chief minister of Assam". The Economic Times. https://economictimes.indiatimes.com/news/elections/assembly-elections/assam/himanta-biswa-sarma-set-to-become-chief-minister-of-assam/articleshow/82495260.cms. 
  21. Sharma, Vibha (9 May 2021). "Himanta Biswa Sarma is new chief minister of Assam". Tribune India. https://www.tribuneindia.com/news/nation/sonowal-tenders-resignation-prior-to-election-of-new-assam-cm-250327। আহৰণ কৰা হৈছে: 22 September 2021. 
  22. "Himanta Biswa Sarma sworn-in as 15th chief minister of Assam". The Times of India. 10 May 2021. https://timesofindia.indiatimes.com/india/himanta-biswa-sarma-neda-convenor-sworn-in-as-15th-chief-minister-of-assam/articleshow/82516855.cms. 
  23. "Himanta Biswa Sarma sworn in as Assam CM". The Hindu. 10 May 2021. ISSN 0971-751X. https://www.thehindu.com/elections/assam-assembly/himanta-biswa-sarma-sworn-in-as-assam-cm/article34525379.ece. 
  24. ANI (10 May 2021). "Himanta Biswa Sarma sworn in as Chief Minister of Assam". Business Standard India. https://www.business-standard.com/article/politics/himanta-biswa-sarma-sworn-in-as-chief-minister-of-assam-121051000395_1.html. 
  25. "Himanta Biswa Sarma becomes ACA chief". Archived from the original on 2016-08-05. https://web.archive.org/web/20160805042712/http://www.assamtribune.com/scripts/detailsnew.asp?id=jun1316%2Fsports054। আহৰণ কৰা হৈছে: 2016-08-03. 
  26. Himanta Biswa Sarma set to be new Assam CA prez
  27. "High voltage AGM at Barsapara today". Archived from the original on 2016-08-08. https://web.archive.org/web/20160808154932/http://www.sentinelassam.com/localsports/story.php?sec=2&subsec=11&id=270491&dtP=2016-06-12&ppr=1। আহৰণ কৰা হৈছে: 2016-08-03. 
  28. Himanta Biswa Sarma Set To Become New Assam Cricket Association Chief

বাহ্যিক সংযোগ সম্পাদনা কৰক