প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়

প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বা ব্ৰহ্মাকুমাৰীসকল হৈছে এক আধ্যাত্মিক আন্দোলনৰ সংগঠক। ১৯৩০ ৰ দশকত সিন্ধুৰ হায়দৰাবাদত এই আন্দোলনৰ জন্ম হয়।[1] ব্ৰহ্মাকুমাৰী (সংস্কৃত: ब्रह्माकुमारी, অৰ্থাৎ "ব্ৰহ্মাৰ কন্যা"[2][3]) আন্দোলনটো লেখৰাজ কৃপালানীয়ে প্ৰতিষ্ঠা কৰিছিল। সংগঠনটো আন্দোলনত মহিলাসকলে পালন কৰা মুখ্য ভূমিকাৰ বাবে জনাজাত।[4] এই সংগঠনটোৱে এক প্ৰকাৰৰ ধ্যান শিক্ষা প্ৰদান কৰে যি শৰীৰৰ বিপৰীতে আত্মা হিচাপে পৰিচয়ৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে সকলো আত্মা অন্তৰ্নিহিতভাৱে ভাল আৰু ঈশ্বৰ হৈছে সকলো মঙ্গলৰ উৎস।[5] সংগঠনটোৱে শৰীৰৰ সৈতে সম্পৰ্কিত পৰিচয় যেনে জাতি, ৰাষ্ট্ৰীয়তা, ধৰ্ম আৰু লিংগক অতিক্ৰম কৰিবলৈ শিকায়, আৰু ই "আত্মা-চেতনা" ওপৰত আধাৰিত কৰি এক গোলকীয় সংস্কৃতি স্থাপনৰ আকাংক্ষা কৰে।[6][7]

২০০৮ চনত, আন্দোলনটোৱে ৮২৫,০০০ ৰো অধিক নিয়মীয়া শিক্ষাৰ্থী থকা বুলি দাবী কৰিছিল, ইয়াৰোপৰি ১০০খন দেশত তেওঁলোকৰ ৮৫০০ ৰো অধিক কেন্দ্ৰ আছিল।[6]

 
ব্ৰহ্মাকুমাৰীয়ে ঈশ্বৰক পাৰ্থিৱ শৰীৰ অবিহনে মানুহৰ আত্মাৰ দৰে জীৱিত পোহৰৰ বিন্দু হিচাপে গণ্য কৰে।

আন্দোলনটোৱে নিজকে ইয়াৰ হিন্দু মূলৰ পৰা পৃথক কৰিছে আৰু ধৰ্মৰ উৰ্ধত গৈ নিজকে আধ্যাত্মিক শিক্ষাৰ বাহক হিচাপে উপস্থাপন কৰে।[8] ব্ৰহ্মাকুমাৰীসকলে প্ৰতিজন মানুহ দুটা অংশৰে গঠিত বুলি বিশ্বাস কৰে; এক বাহ্যিক বা দৃশ্যমান শৰীৰ (স্থিতি আৰু সম্পত্তিৰ দৰে সম্প্ৰসাৰণ সহ) আৰু আত্মাৰ এক সূক্ষ্ম শক্তি যাৰ চৰিত্ৰৰ গাঁথনি এজন ব্যক্তিৰ বাহ্যিক কাৰ্যকলাপৰ জৰিয়তে প্ৰকাশ পায়। কিন্তু সদায়ে এইটো অভ্যন্তৰীণ আত্মাৰ দ্বাৰা সৃষ্টি কৰা হয় - কামবোৰ প্ৰেমেৰে, শান্তিৰে, সুখ বা নম্ৰতাৰে কৰা হয় নে নাই সেয়া এজনৰ আত্মাৰ এটা দিশ।[9]

ব্ৰহ্মাকুমাৰীসকলে ঈশ্বৰক বুজাবলৈ "সৰ্বোচ্চ আত্মা" শব্দটো ব্যৱহাৰ কৰে। তেওঁলোকে ঈশ্বৰক নিৰপেক্ষ আৰু চিৰন্তন বুলি ভাবে আৰু তেওঁক পাৰ্থিৱ শৰীৰ অবিহনে মানুহৰ আত্মাৰ দৰে জীৱিত পোহৰৰ বিন্দু হিচাপে গণ্য কৰে। কিয়নো তেওঁ জন্ম, মৃত্যু আৰু পুনৰ্জন্মৰ চক্ৰত প্ৰৱেশ নকৰে বুলি বিশ্বাস কৰা হয়। ঈশ্বৰক সকলো গুণ, শক্তি আৰু মূল্যবোধৰ নিখুঁত আৰু নিৰন্তৰ মূৰ্তি হিচাপে দেখা যায় আৰু ধৰ্ম, লিংগ বা সংস্কৃতি নিৰ্বিশেষে তেওঁ হৈছে সকলো আত্মাৰ নিঃচৰ্ত প্ৰেমময় পিতৃ।[10]

ব্ৰহ্মাকুমাৰীসকলে বিশ্বাস কৰে যে ঈশ্বৰৰ উদ্দেশ্য হৈছে মানৱতাৰ আধ্যাত্মিক পুনৰ জাগৰণ আৰু সকলো দুখ, দুষ্টতা আৰু নেতিবাচকতা আঁতৰ কৰা। তেওঁলোকে ঈশ্বৰক পদাৰ্থৰ সৃষ্টিকৰ্ত্তা বুলি গণ্য নকৰে, কিয়নো তেওঁলোকে পদাৰ্থক চিৰন্তন বুলি বিবেচনা কৰে।[11]

ব্ৰহ্মাকুমাৰীসকলে এক প্ৰকাৰৰ ধ্যানৰ শিক্ষা দিয়ে,[12] যাৰ জৰিয়তে শিক্ষাৰ্থীসকলক তেওঁলোকৰ মন বিশুদ্ধ কৰিবলৈ উৎসাহিত কৰা হয়। এই ধ্যান হয়তো শান্তভাৱে বহি আত্মাৰ চিৰন্তন প্ৰকৃতি, নিজৰ প্ৰকৃতিৰ মূল বিশুদ্ধতা আৰু ঈশ্বৰৰ প্ৰকৃতি সম্পৰ্কে কৰা এক প্ৰকাৰৰ প্ৰতিজ্ঞা।[13] দৈনন্দিন জীৱনত ব্যস্ত থকাৰ সময়ত ধ্যানশীল প্ৰতিজ্ঞাবোৰ বৰ্তাই ৰাখিবলৈ শিকাটোও ব্ৰহ্মাকুমাৰী ধ্যানৰ লক্ষ্য। এই কাৰণতে ব্ৰহ্মাকুমাৰী ধ্যান সাধাৰণতে মুকলি চকুৰে শিকোৱা আৰু অনুশীলন কৰা হয়।[11] ব্ৰহ্মাকুমাৰীৰ শিক্ষাৰ্থীসকলে মুৰুলী অধ্যয়ন কৰে। হিন্দী শব্দ মুৰুলীক আক্ষৰিকভাৱে অনুবাদ কৰিলে অসমীয়াত এয়া "বাঁহী" লৈ ৰূপান্তৰিত হয়। এই অধ্যয়ন হৈছে এক প্ৰকাৰৰ মৌখিক অধ্যয়ন। পৃথিৱীৰ বেছিভাগ ব্ৰহ্মাকুমাৰী কেন্দ্ৰত ৰাতিপুৱাৰ ভাগত এই অধ্যয়নৰ ব্যৱস্থা কৰা হয়। মুৰুলীবোৰ মৃত আৰু জীৱিত আত্মাৰ মাজৰ সংযোগৰ বাবে কৰা ধ্যান আৰু আত্মাৰ অধিকাৰৰ পৰা আহৰণ কৰা হয়।[14][15][16]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Summary of movement. censamm.org
  2. What Does Brahma Kumaris Mean? brahmakumaris.org
  3. Monier-Williams, Monier (1899) Sanskrit Dictionary. Clarendon Press, Oxford. p. 292
  4. Kranenborg, Reender (1999). "Brahma Kumaris: A New Religion?". Center for Studies on New Religions. http://www.cesnur.org/testi/bryn/br_kranenborg.htm। আহৰণ কৰা হৈছে: 27 July 2007. "A preliminary version of a paper presented at CESNUR 99" 
  5. Religions of the World. A Comprehensive Encyclopedia of Beliefs and Practices. J Gordon Melton and Martin Baumann. Facts on File Inc, 2007, আই.এচ.বি.এন. 0-8160-5458-4
  6. 6.0 6.1 Melton, J. Gordon; Baumann, Martin (2010). Religions of the World. A Comprehensive Encyclopedia of Beliefs and Practices. ABC-CLEO, LLC. পৃষ্ঠা. 383–384. ISBN 9781576072233. https://archive.org/details/religionsworldco00melt. 
  7. Tomlinson, Matt; Smith, Wendy; Manderson, Lenore (2012). "4. Brahma Kumaris: Purity and the Globalization of Faith". Flows of Faith: Religious Reach and Community in Asia and Pacific. Springer. ISBN 978-94-007-2931-5. 
  8. Howell (2006), p. 71
  9. Ramsay, Tamasin (Sep 2010). Custodians of Purity An Ethnography of the Brahma Kumaris. Monash University. pp. 105. 
  10. Ramsay, Tamasin (Sep 2010). Custodians of Purity An Ethnography of the Brahma Kumaris. Monash University. pp. 107–108. 
  11. 11.0 11.1 Ramsay, Tamasin (Sep 2010). Custodians of Purity An Ethnography of the Brahma Kumaris. Monash University. pp. 108–110. 
  12. Bartholomeusz, Tessa J. (1994). Women under the Bo Tree: Buddhist nuns in Sri Lanka. Cambridge Studies in Religious Traditions. Cambridge University Press. ISBN 978-0-521-46129-0. 
  13. Chryssides, George (2011). Historical Dictionary of New Religious Movements. Scarecrow Press. ISBN 978-0-8108-7967-6. ""Members are encouraged to purify their minds by the practise of Raja Yoga. This can entail sitting tranquilly, in front of a screen which Dada Lehkraj's picture projected, then making a number of "affirmations", regarding the eternal nature of the soul (atma), the original purity of one's nature, and the nature of God (paramatmā Shiva). The Brahma Kumaris believe that practice of Raja Yoga enables spiritual progress as well as having pragmatic benefits, for example, business success. Brahma Kumaris frequently organise seminars on business management and on developing personal life skills"" 
  14. Musselwhite, Richard (Sep 2009). Possessing knowledge: organizational boundaries among the Brahma Kumaris (PhD). University of North Carolina. pp. 51–52. ""The most recognizable religious feature of the Brahma Kumaris institution is spirit-possession. Ever since God possessed the body of Dada Lekhraj for the first time in 1935, God has continued to descend and possess the body of a Brahma Kumaris host in order to speak to them." "Far from seeking to undermine or protest the world’s hegemonic orders, the Brahma Kumaris practice of spirit-possession seeks to quicken it in preparation for the end of days. One could argue that the Brahma Kumaris' ultimate aims are subversive (because they anticipate the end of the world), but the Brahma Kumaris never seek to undermine global order."" 
  15. Ramsay, Tamasin (Sep 2010). "8: Spirit Possession and Purity in Orissa". Custodians of Purity An Ethnography of the Brahma Kumaris (PhD). Monash University. pp. 277–278, 281. https://www.academia.edu/1113749. "However Brahma Kumaris women become core members by being fully 'surrendered,’ and their prominence derives from their mediumistic capacities, channelling murlis (sermons) from their dead founder. As a result, their power is veiled...through the device of possession... Hence, the importance of spirit possession, where women are the instruments or mouthpieces of a male spirit. (p277-278, citing Puttick 2003)
    Possession in the Brahma Kumaris is supported by solid cultural logic that sits in a receptacle of history and tradition. (p281)"
     
  16. Ramsay, Tamasin. Spirit possession and purity: A case study of a Brahma Kumaris ascetic. Paper presented at the conference on Medical Anthropology at the Intersections: Celebrating 50 Years of Interdisciplinarity, Yale University, New Haven, USA, 24‐27 September 2009.