প্ৰণয় বৰদলৈ

অসমীয়া লেখক

প্ৰণয় বৰদলৈ (ইংৰাজী: Pranay Bordoloi) অসমৰ এজন সাংবাদিক, কাকতৰ সম্পাদক, পৰিবেশপ্ৰেমী, পৰ্বত আৰোহণকাৰী আৰু লেখক। [1]

প্ৰণয় বৰদলৈ
জন্ম ১৯৬৪
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম সম্পাদনা কৰক

প্ৰণয় বৰদলৈৰ ১৯৬৪ চনত জন্ম হয়।

শিক্ষা সম্পাদনা কৰক

গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

  • তেখেতে 'জ্ঞানদ্বীপা' আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰি 'আজিৰ অসম', 'আজিৰ বাতৰি', 'আমাৰ অসম', 'জনসাধাৰণ' আদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে।
  • বৰ্তমান দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছ ৰ কাৰ্যবাহী সভাপতি ৰূপে কৰ্মৰত।
  • 'DY 365' নামৰ নিউজ চেনেলৰ পৰিচালক সম্পাদক ৰূপে কৰ্মৰত।

গ্ৰন্থৰাজি সম্পাদনা কৰক

  • হিমালয়ৰ শিখৰে মাতিছে।
  • উত্তুংগ যোগীন।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সাহিত্য সৌৰভ, সপ্তম সংস্কৰণ. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ. ২০১৭. পৃষ্ঠা. ৮৯-৯০. https://ahsec.assam.gov.in/wp-content/uploads/2023/04/Sahitya-Saurav-A.pdf. [সংযোগবিহীন উৎস]