প্ৰণৱ বৰুৱা (ইংৰাজী: Pranob Boruah, ১৯৩৫-২০০২ চন ) হৈছে এগৰাকী অসমীয়া চিত্ৰকলাৰ এক বৰ্ণাঢ্য ব্যক্তি। তেওঁ শিল্প সাধনাত পশ্চাত্য শিল্প কলাৰ দীৰ্ঘ ইতিহাসৰ প্ৰেৰণা সৰ্বাধিক।[1]

ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় চিত্ৰশিল্প

প্ৰণৱ বৰুৱাৰ ১৯৩৫ চনত জন্ম হৈছিল।

তেওঁ মুম্বাইৰ জে জে স্কুল অফ আৰ্টত শিক্ষা কলা অধ্যয়ন কৰিছিল।

কৰ্মজীৱন

সম্পাদনা কৰক

প্ৰণৱ বৰুৱা নগাঁৱতে থাকি নিজস্ব এক চিত্ৰশৈলী উদ্ভাৱন চেষ্টা কৰাৰ লগতে নতুন প্ৰজন্মৰ প্ৰতিশ্ৰুতপূৰ্ণ শিল্পীসকলৰ বাবে শিক্ষা চৰ্চাৰ এটা পৰিৱেশ গঢ়ি তুলিছিল।

শিল্পকৃতি

সম্পাদনা কৰক
  • ১৯৭৯ চনত প্ৰণৱ বৰুৱা কলিকতা একাডেমী অফ ফাইন আটৰ্ছত চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
  • ১৯৮১ চনত নতুন দিল্লীৰ ললিত কলা একাডেমীত আৰু চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
  • ১৯৯০ চনত ত্ৰিবেণী কলা সংগমত চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।

চিত্ৰশিল্পৰ বিষয়বস্ত

সম্পাদনা কৰক

প্ৰণয় বৰুৱাৰ চিত্ৰশিল্পসমূহ অন্যতম প্ৰিয় থীম নৰ-নাৰীৰ সম্পৰ্ক যদিও খ্ৰীষ্ট, কৃষ্ণ, গণেশ আদিৰ দৰে চিন্ত কিছুমানক লৈয়ো তেওঁ স্মৰণীয় চিত্ৰ প্ৰস্তত কৰিছিল।

২০০০ চনত প্ৰণয় বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে৷

২০০২ চনত প্ৰণয় বৰুৱাই মৃত্যু বৰণ কৰে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. শোণিত বিজয় দাস অৰু মুনিন বায়ন (প্ৰথম সংস্কৰণ: ২০০৬). কথা বৰেণ্য ১০০. পৃষ্ঠা. ২৮২.