প্ৰতিষ্ঠা শৰ্মা (ইংৰাজী: Pratishtha Sharma) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী। তেখেত আচাৰ্যা প্ৰতিষ্ঠা হিচাপে কৰ্মৰত।[1] প্ৰতিষ্ঠা শৰ্মা এগৰাকী যোগৰ শিক্ষক আৰু প্ৰসাৰকো। তেখেতে "ভাৰত কলেজ অৱ পাৰফৰ্মিং আৰ্ট" নামৰ শিক্ষানুষ্ঠানখনি স্থাপন কৰে।

প্ৰতিষ্ঠা শৰ্মা

প্ৰতিষ্ঠা শৰ্মাই যোগ শিক্ষা প্ৰদান কৰি থকা সময়ত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ধ্ৰুপদী নৃত্যশিল্পী, যোগ শিক্ষক
নৃত্য কথক

কৰ্মজীৱন সম্পাদনা কৰক

প্ৰতিষ্ঠা শৰ্মাই তেখেতৰ পিতৃ আৰু গুৰু শংকৰ আপ্টে কথক কেন্দ্ৰৰ পৰা যোগৰ শিক্ষা গ্ৰহণ কৰে। ২০০৭ চনৰ ২ অক্টোবৰত জি নেটৱৰ্কে তেখেতক "সবাতোকৈ তৰুণ যোগাচাৰ্য" আৰু "মাইণ্ড থেৰাপিষ্ট" হিচাপে ঘোষণা কৰে। তেখেতৰ যোগৰ অনুষ্ঠান হৈছে জাগো ভাৰত ধ্যান যোগ আন্দোলন। এই অনুষ্ঠানটো জি জাগৰণ চেনেলটোত দৈনিক তিনিবাৰকৈ সম্প্ৰচাৰিত হয়। আইচিচি জোহান্সবাৰ্গত তেখেতক ভাৰতৰ সাংস্কৃতিক সংলগ্নকাৰী "যোগ গুৰু" আৰু "কথক" প্ৰদৰ্শনকাৰীৰ দায়িত্ব পালন কৰে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ "অতুলনীয় ভাৰত" বিজ্ঞাপনধৰ্মী অভিযানটোতো তেখেতে প্ৰদৰ্শন কৰে।[2][3] ছাত্ৰী হিচাপে তেখেতে গুৰু ৰাজেন্দ্ৰ গংগানীৰ দৰে কথক গুৰুৰ সান্নিধ্য লাভ কৰে।[4] গুৰু জয়কিশান মহাৰাজ আৰু গুৰু গীতাঞ্জলী লালৰ অধীনতো তেখেতে প্ৰশিক্ষণ লাভ কৰে।[2][3]

টেলিভিছন ব্যক্তিত্ব সম্পাদনা কৰক

প্ৰতিষ্ঠা শৰ্মাই বিভিন্ন টিভি চেনেলৰ বাবে ২১টাকৈ টিভি অনুষ্ঠান পৰিৱেশন কৰিছে। সেই চেনেলসমূহৰ ভিতৰত জি জাগৰণ চেনেল, জি নিউজ, ইণ্ডিয়া টিভি, ফ'কাছ টিভি, ইটিভি, টোটেল টিভি, ফকাছ টিভি, ইটিভি, জি নিউজ উত্তৰ প্ৰদেশ, শ্ৰী নিউজ, নক্ষত্ৰ নিউজ, এবিপি নিউজ আদি। ইয়াৰ উপৰি তেখেতে কিশোৰ অৱস্থাৰ কেতবোৰ সমস্যাৰ ভিত্তিত "দ্য বেলেঞ্চিং এক্ট উইথ প্ৰতিষ্ঠা" নামৰ অনুষ্ঠানটো প্ৰযোজনা আৰু সংৰচনা কৰে। এবিপি নিউজত সম্প্ৰচাৰিত হোৱা তেখেতৰ অনুষ্ঠান "ডো মিনিট মে যোগ" এটা জনপ্ৰিয় অনুষ্ঠান।[5] আজ টক, আইবিএন ছেভেন, নিউজ ২৪, ইণ্ডিয়া টিভিৰ দৰে চেনেলে প্ৰতিষ্ঠা শৰ্মাক বিভিন্ন বাৰ্তালাপৰ অনুষ্ঠান আৰু তৰ্কানুষ্ঠানলৈ নিমন্ত্ৰিত কৰি আহিছে।[6]

লেখিকাৰ ৰূপত সম্পাদনা কৰক

প্ৰতিষ্ঠা শৰআই ভাৰতৰ জাগৰণ গ্ৰুপৰ সখী আলোচনীৰ বাবে যোগ-সম্পৰ্কীয় বিভিন্ন লেখা লিখি আহিছে।[7] ইয়াৰ উপৰি আমেৰিকাৰ তথাস্তু আলোচনীৰ বাবেও তেখেতে কিছু লেখা লিখিছে। মাত্ৰ ২৫ বছৰ বয়সতে তেখেতে জীৱনৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰে। গ্ৰন্থখন প্ৰকাশ কৰিছিল মোক্ষায়তন ইণ্টাৰনেশ্যনে যোগাশ্ৰমে।[8] ইংৰাজী আৰু বাহাছা ইণ্ডোনেছিয়া ভাষাত লিখা তেখেতৰ আন এখন গ্ৰন্থ "Essential Elements of Kathak" হৈছে কথন নৃত্যৰ ওপৰত আধাৰিত। গ্ৰন্থখন জাকাৰ্টাৰ ইণ্ডিয়ান দূতাবাসে প্ৰকাশ কৰে।[9]

ভাৰতবৰ্ষৰ সাংস্কৃতিক দূত সম্পাদনা কৰক

ভাৰতীয় কলা আৰু সংস্কৃতিৰ বাৰ্তা কঢ়িয়াই প্ৰতিষ্ঠা শৰ্মাই ভালেকেইখন দেশ ভ্ৰমণ কৰিছে।[10] ভাৰতীয় সংস্কৃতিৰ প্ৰসাৰৰ হকে তেখেতে ব্যক্তিগতভাৱেও কিছুমান উদ্যোগ লৈছে।[11]

নৃত্য পৰিচালক আৰু প্ৰদৰ্শনকাৰী সম্পাদনা কৰক

কমেও ২৫টা নৃত্য প্ৰযোজনাত প্ৰতিষ্ঠা শৰ্মাই নৃত্য প্ৰদৰ্শন কৰিছে। সেইসমূহ নৃত্য তেখেতেই পৰিচালনাও কৰিছে। ২০১৪ চনত "ASEAN" সভাত তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰি এটা সাংস্কৃতিক কাৰ্যাৱলী উপস্থাপন কৰে। ২০১৫ চনৰ মিছ ইণ্ডিয়া ইণ্ডোনেছিয়া অনুষ্ঠানতো তেখেতে অনুষ্ঠান পৰিৱেশন কৰিছিল।[12][13] তেখেতৰ দ্বাৰা পৰিচালিত সৰ্বাধিক জনপ্ৰিয় নৃত্যানুষ্ঠানটো হৈছে 'Krishna the perfection'। এইটো নৃত্যানুষ্ঠান হৈছে কথক নৃত্যৰ দ্বাৰা পৰিৱেশিত একধৰণৰ সাংগীতিক কাহিনী। অনুষ্ঠানটো সমগ্ৰ বিশ্বতে ১৫০বাৰতকৈও অধিক পৰিৱেশন কৰা হৈছে।[14][15]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Kathak dancer enthralls audience". Hindustan Times. 1 June 2007. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924202759/http://www.highbeam.com/doc/1P3-1281132031.html। আহৰণ কৰা হৈছে: 15 January 2013. 
  2. 2.0 2.1 "ArtScape biography". http://www.artindia.net/pratishtha.html। আহৰণ কৰা হৈছে: 15 January 2013. 
  3. 3.0 3.1 "Acharya Pratishtha biography". Indian Kalakar. http://www.indiankalakar.com/artistdetails.php?artid=136। আহৰণ কৰা হৈছে: 15 January 2013. 
  4. "Entertainment Delhi\Dance: Curtains up". The Hindu. 30 September 2005. http://www.hindu.com/fr/2005/09/30/stories/2005093002410200.htm। আহৰণ কৰা হৈছে: 15 January 2013. "With her electric freezes on sama and smiling ease while performing, talented Pratishtha Sharma, trained under Guru Rajendra Gangani, with the innovative flair for trying out her own thematic numbers, needs to bring in a quality of response into her presentation, which now has a `bedam' breathless quality of unceasing speed giving the viewer a brain fag." 
  5. "2 minute me Yog by ACHARYA PRATISHTHA". ABP News. 12 June 2017. Archived from the original on 2 April 2019. https://web.archive.org/web/20190402222024/https://www.abplive.in/videos/2-minutes-yoga-here-is-how-you-can-have-slim-waist-538383। আহৰণ কৰা হৈছে: 2 April 2019. 
  6. "The balancing act with pratishtha - Zee jagran's new program - of teens, for teens..". indiantelevision.com. http://www.indiantelevision.com/release/y2k12/apr/aprrel34.php। আহৰণ কৰা হৈছে: 15 January 2013. "Spearheaded and anchored by India's ace Yogacharya and Mind Therapist, Pratishtha Sharma, 'The Balancing Act' is a talk-show targeted at the youth especially teenagers" 
  7. "THE Gaursons Times :- A Gaursons India Limited Publication (Fortnightly News Paper)". gaursonstimes.com. http://www.gaursonstimes.com/। আহৰণ কৰা হৈছে: 2 October 2014. 
  8. Acharya Pratishtha (8 January 2013). "Yoga for the busy woman". Archived from the original on 6 October 2014. https://web.archive.org/web/20141006074518/http://www.tathaastumag.com/newsletter_January2013/Yoga-for-the-busy-Woman.pdf। আহৰণ কৰা হৈছে: 2 October 2014. 
  9. Her Book launched by ambassador of India News from Jakarta clearly mentioned about book name etc/https://www.oneindia.com/international/republic-day-celebrated-with-fervour-in-jakarta-1383431.html
  10. Ministry of External affairs (1 Mar 2010). "Acharya Pratishtha visited Gulf countries for performance through ICCR". http://www.iccr.gov.in/sites/default/files/OCD2009-2010.pdf। আহৰণ কৰা হৈছে: 2 April 2019. 
  11. ICCR, Government of India (10 January 2015). "Acharya Pratishtha Performed in international women foundation day, Jakarta". http://iccr.gov.in/sites/default/files/newsletter_pdfs/News%20Letter.pdf। আহৰণ কৰা হৈছে: 2 April 2019. 
  12. Anon (24 September 2013). "चीफ कोरियोग्राफर बनी प्रतिष्ठा" (Hindi ভাষাত). Sarahanpur (Jagran). http://www.jagran.com/uttar-pradesh/saharanpur-10748149.html। আহৰণ কৰা হৈছে: 2 April 2019.  – News with photo about her appointed as the chief choreographer at festival weave of friendship organized by government of India with joint venture with government of Indonesia to celebrate the year of 100th years of Indian film Industry
  13. Anon (November 2014). "Kathak Dance Performance" (English ভাষাত). Newsletter November-December 2014 (Indian Council for Cultural Relations): পৃষ্ঠা 4. http://iccr.gov.in/sites/default/files/newsletter_pdfs/News%20Letter.pdf। আহৰণ কৰা হৈছে: 2 April 2019.  – News on government of India portal of ICCR Ministry of external affairs india news letter in which news on her when Ms. Pratishtha Sharma performed with her students for charity function by International women foundation in front of president of Indonesia Mr.Jokowi as chief Guest
  14. Anon (1 February 2017). "Krishna's Life Depicted Through Kathak" (English ভাষাত). The Tribune (India) | Chandigarh | Community. http://www.tribuneindia.com/news/chandigarh/community/krishna-s-life-depicted-through-kathak/357870.html। আহৰণ কৰা হৈছে: 2 April 2019.  – News about her presentation "Krishan-the perfection" with her 14 students at the Tagore theatre, Chandigarh, India during the "Basant festival". She performed this ballet more than 100 times in many countries including around the Gulf.
  15. Anon (1 February 2017). "Dance of Faith" (English ভাষাত). Indian Express. http://epaper.indianexpress.com/1089984/Chandigarh/February-1,-2017#page/27/2। আহৰণ কৰা হৈছে: 2 April 2019. "The Nritya Maya Katha was directed by Acharya Pratishtha, acclaimed yoga and kathak maestro at Tagore Theatre here [Chandigarh]."  - Photograph with caption