প্ৰদীপ চলিহা (ইংৰাজী: Pradip Chaliha, ১৯১৮-২০০৮ চন) হৈছে অসমৰ এগৰাকী সাহিত্যিক আৰু শিল্পী।[1]

প্ৰদীপ চলিহা
জন্ম ১৯১৭
যোৰহাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাহিত্যিক, শিল্পী

জন্মসম্পাদনা কৰক

প্ৰদীপ চলিহাৰ ১৯১৮ চনত অসমৰ যোৰহাট জিলাত জন্ম লাভ কৰে।

শিক্ষাসম্পাদনা কৰক

তেওঁ যোৰহাটতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। কটন কলেজত ও শিক্ষা লাভ কৰিছিল। কলিকতাৰ ছেইণ্ট পল কলেজত সুকুমাৰ কলা-সাধনা,মণিপুৰী,ভাৰত নাট্যম নৃতাধাৰাৰ শিক্ষা লয়।

কৰ্মজীৱনসম্পাদনা কৰক

শিক্ষা শেষ কৰি প্ৰদীপ চলিহাই ১৯৩৬-৩৭ চনত "প্ৰাচীন কামৰূপী নৃত্যসংঘ" নামৰ স্ংস্থাটোত এজন নৃত্য-নাট্য শিল্পীৰূপে যোগদান কৰে। ১৯৫৪ চনত "অসম সঙ্গীত-নাটক অকাডেমিত" সম্পাদক হিচাপে কায্য নিৱাহ কৰিছিল। "সদৌ অসম সঙ্গীত সন্মিলনি" নামৰ অনুষ্ঠানটোতওৰ কৰ্মত আছিল। গোলাঘাটৰ বঙালী থিয়েটাৰ হলত বঙালী ছাত্ৰ-ছাত্ৰীকো অসমীয়া গীত-পদ শিকোৱাৰ কাম হাতত লৈছিল।

সাহিত্যৰাজিসম্পাদনা কৰক

  1. "নন্দিকেশ্বৰৰ অভিনয় দৰ্পণৰ" অসমীয়া ৰূপান্তৰ ( অসম প্ৰকাশন পৰিষদ, ১৯৯৭)
  2. পুৰনি অসমৰ কৰিকৰী শিল্প (অসম বিজ্ঞান সমিতি, ১৯৯৮ )
  3. অধুনালুপ্ত নতুন "দৈনিক কাকতত" খণ্ড খণ্ডকৈ প্ৰকাশিত "অবিভক্ত অসমৰ জনজাতিসকলৰ জীৱন অৰু সংস্কৃতি।"
  4. জ্ঞানদীপ অলোচনীত প্ৰকাশিত "ভাৰতীয় মূৰ্তিশিল্প","ভাৰতীয় চিত্ৰশিল্পৰ ৰূপৰেখা", ভাৰতীয় মাৰ্গ সঙ্গীত বিৱতন।
  5. "নতুন দিন" কাকতৰ প্ৰকাশিত " চাহজনজাতীয় সংস্কৃতিৰ" বিষয়ে।

সন্মানসম্পাদনা কৰক

  1. ১৯৯৭ চনত অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদৰ ৰাভা বঁটা।
  2. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট।
  3. ১৯৯৯ চনত ৰাষ্ট্ৰীয় সঙ্গীত-নাটক অকাডেমিৰ বটা লাভ কৰে।

মৃত্যূসম্পাদনা কৰক

২০০৮ চনত প্ৰদীপ চলিহাই মৃত্যূ বৰণ কৰে।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. কথা বৰেণ্য ১০০, শোণিত বিজয় দাস অৰু মুনিন বায়ন, প্ৰথম সংস্কৰন:২০০৬, পৃষ্ঠা নং:১৩৬-১৩৭