প্ৰফুল্ল ৰায়
প্ৰফুল্ল ৰায় (১১ ছেপ্টেম্বৰ ১৯৩৪) পশ্চিমবঙ্গৰ আগশাৰীৰ অন্যতম সমসাময়িক সাহিত্যিক; তেওঁৰ জন্ম ১৯৩৪ চনত তেতিয়াৰ পূব পাকিস্তানৰ ঢাকা জিলাত।[1] ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁ তেতিয়াৰ পূব পাকিস্তানৰ পৰা (বৰ্তমান বাংলাদেশ ) ভাৰতলৈ আহিছিল। নতুন ঠাইত ভৰি দিবলৈ তেওঁ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। সংগ্ৰামী জনসাধাৰণৰ জীৱন অনুভৱ কৰিবলৈ তেওঁ দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। আৰু এই উদ্দেশ্যৰেই তেওঁ কিছুদিন নাগালেণ্ডৰ জনজাতীয় লোকসকলৰ মাজত আছিল, যিসকল আছিল বিহাৰৰ অস্পৃশ্য আৰু আন্দামানৰ মূল ভূখণ্ডৰ শিপাহীন লোক। পিছলৈ তেওঁৰ লেখাত যিসকলৰ অধিকাংশই ত্ৰুটিহীনভাৱে ধৰা দিছিল।[1]
প্ৰফুল্ল ৰায় | |
---|---|
জন্ম | ১১ ছেপ্তেম্বৰ, ১৯৩৪ ঢাকা, বেংগল প্ৰেছিডেন্সী, বৃটিছ ইণ্ডিয়া |
পেচা | লেখক |
ভাষা | বাংলা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
প্ৰাথমিক জীৱন
সম্পাদনা কৰক১৯৩৪ চনৰ ১১ ছেপ্টেম্বৰত অবিভক্ত ভাৰত, বৰ্তমানৰ বাংলাদেশৰ ঢাকা জিলাৰ বিক্ৰমপুৰৰ আটপাড়া গাঁৱত জন্মগ্ৰহণ কৰা প্ৰফুল্ল ৰায় স্বাধীনতাৰ পিছত ১৯৫০ চনত ভাৰতলৈ প্ৰব্ৰজন কৰে। বৰ্তমান তেওঁ কলকাতাৰ বাসিন্দা।[2]
সাহিত্য
সম্পাদনা কৰকপ্ৰফুল্ল ৰায়ৰ ৰচনাসমূহত নগৰ আৰু গাঁৱৰ উভয় পৰিৱেশ শক্তিশালী ৰূপত প্ৰকাশিত হৈছে আৰু বাস্তৱতাৰ সঁচা চিত্ৰই পাঠকক বহুমাত্ৰিক সমাজৰ সাঁথৰ অন্বেষণ কৰাত সহায় কৰে। তেওঁ উপন্যাস আৰু চুটিগল্পকে ধৰি প্ৰায় ডেৰশখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ প্ৰথম উপন্যাস "পূৰ্ব পাৰ্বতী", যিখন নাগালেণ্ডত ৰচনা কৰা হৈছিল আৰু ১৯৫৭ চনত প্ৰকাশিত হৈছিল। ইয়াৰ উপৰিও শৰণাৰ্থীৰ জীৱনক কেন্দ্ৰ কৰি তেওঁ ৰচনা কৰা উপন্যাসবোৰ হ’ল ‘কেয়াপাতাৰ নৌকো' (২০০৩), ‘শতধাৰায় বয়ে যায়’ (২০০৮), ‘উত্তাল সময়েৰ ইতিকথা’ (২০১৪), ‘নোনা জল মিঠে মাটি (বাং ১৩৬৬)। আদি। ‘কেয়াপাতাৰ নৌকো', ‘শতধাৰায় বয়ে যায়’, ‘উত্তাল সময়েৰ ইতিকথা’ আকাৰ আৰু নামত বেলেগ বেলেগ হ'লেও, কিন্তু দৰাচলতে তিনিওখন উপন্যাস মিলি এখন ত্ৰয়ী উপন্যাস।[3]
মনীন্দ্ৰ ৰায়ৰ উদ্যোগত ১৯৬৮-৬৯ চনত অমৃত আলোচনীত ‘কেয়াপাতাৰ নৌকো' ধাৰাবাহিকভাৱে ছপা হৈছিল।[2]
ৰূপান্তৰ
সম্পাদনা কৰকতেওঁৰ গল্প আৰু উপন্যাসৰ আধাৰত ৪৫খন টেলিফিল্ম, টেলি-চিৰিয়েল, ফিচাৰ-ফিল্ম নিৰ্মাণ কৰা হৈছে। তাৰ ভিতৰত পিঞ্জৰ (১৯৭১), বাঘবন্দী খেল (১৯৭৫), ‘মোহনাৰ দিকে’ (১৯৮৪), ‘আদমী ঔৰ ঔৰত’ (১৯৮৪), ‘একান্ত আপন’ (১৯৮৭), ‘চৰাচৰ’ (১৯৯৪), ‘টাৰ্গেট’ ( ১৯৯৭), ‘মন্দ মেয়েৰ উপাখ্যান’ (২০০৩), ‘ক্ৰান্তিকাল’ (২০০৫) আদি উল্লেখযোগ্য।
ইয়াৰ বাহিৰেও তেওঁৰ 'কেয়া পাতাৰ নৌকা' উপন্যাসৰ অৱলম্বনত ভাৰতে একেই নামৰ এখন ধাৰাবাহিক নিৰ্মাণ কৰে, যিখন ভাৰতীয় চেনেল জি বাংলাত প্ৰচাৰিত হৈছিল।
পুৰস্কাৰ
সম্পাদনা কৰকউপন্যাস ৰচনাৰ বাবে প্ৰফুল্ল ৰয়ে ওৰে জীৱনত বহুকেইটা বঁটা লাভ কৰিছিল। ২০০৩ চনত 'ক্ৰান্তিকাল'ৰ বাবে সাহিত্য অকাডেমী বঁটা।[4] ১৯৮৫ চনত 'আকাশেৰ নীচে মানুষ'ৰ বাবে 'বঙ্কিম পুৰস্কাৰ' লাভ কৰে। ইয়াৰ উপৰিও 'ৰামকুমাৰ ভুয়ালকা', পাবলিচাৰ্ছ এণ্ড বুক চেলাৰ্চ গিল্ডৰ 'লাইফ টাইম এচিভমেণ্ট', 'শৰৎস্মৃতি', 'বি কে জে এ' ইত্যাদিৰে তেওঁ সন্মানিত হৈছে।
গ্ৰন্থতালিকা
সম্পাদনা কৰক- পূব পাৰ্বতী
- প্ৰতিধ্বনি
- সসাগৰা
- আগুনেৰ কাছাকাছি
- জগৎ সংসাৰ
- মধ্যৱৰ্তিনী
- কিন্নৰী
- ভাতেৰ গন্ধ
- সীমাৰেখা মুছে যায়
- মানুষেৰ যুদ্ধ
- স্বৰ্গেৰ এক বাসিন্দা
- কেয়াপাতাৰ নৌকো
- শতধাৰায় বয়ে যায়
- উত্তাল সময়েৰ ইতিকথা
- সিন্ধুপাৰেৰ পাখি
- প্ৰস্তুতি পৰ্ব
- আৱিষ্কাৰ
- পিতৃভূমি
- আঁধাৰে ধূপেৰ গন্ধ
- জলেৰ ৰেখা
- শতবৰ্ষেৰ যুদ্ধ
- অদ্বিতীয়া
- ৰণসজ্জা
- দায়দায়িত্ব
- ৰথ যাত্ৰা
- ইচ্ছাপূৰণ
আৰু চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Prafulla Roy". https://beebooks.in/prafulla-roy/। আহৰণ কৰা হৈছে: 13 November 2024.
- ↑ 2.0 2.1 ইমদাদুল হক মিলন. "প্ৰফুল্ল ৰায় ও কেয়াপাতাৰ নৌকো". https://www.bd-pratidin.com/first-page/2019/04/26/418941। আহৰণ কৰা হৈছে: 13 November 2024.
- ↑ "সহজ কৰে কঠিন কথা বলেন প্ৰফুল্ল ৰায়". https://www.ntvbd.com/arts-and-literature/173193/%E0%A6%B8%E0%A6%B9%E0%A6%9C-%E0%A6%95%E0%A6%B0%E0%A7%87-%E0%A6%95%E0%A6%A0%E0%A6%BF%E0%A6%A8-%E0%A6%95%E0%A6%A5%E0%A6%BE-%E0%A6%AC%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%8D%E0%A6%B2-%E0%A6%B0%E0%A6%BE%E0%A7%9F। আহৰণ কৰা হৈছে: 13 November 2024.
- ↑ "AKADEMI AWARDS (1955-2023)". https://sahitya-akademi.gov.in//awards/akademi%20samman_suchi.jsp। আহৰণ কৰা হৈছে: 13 November 2024.