বঙালী ভাষা
বঙালী, বঙলা বা বাংলা হৈছে দক্ষিণ এছিয়াৰ পূৰ্বপ্ৰান্তৰ এটা ইন্দো-আৰ্য ভাষা। সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে। প্ৰায় ৩০ কোটি মানুহৰ ভাষা বঙালী মাতৃভাষাৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা। বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত বঙ্গ বা বাংলা নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। বঙালী বাংলাদেশৰ প্ৰধান ভাষা আৰু একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা। ভাৰতবৰ্ষত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা।[1][2] বঙালী হৈছে ভাৰতৰ পশ্চিমবঙ্গ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকাৰ চৰকাৰী ভাষা আৰু বংগোপসাগৰত অৱস্থিত আন্দামান দ্বীপপুঞ্জৰ প্ৰধান কথিত ভাষা। মধ্য প্ৰাচ্য, আমেৰিকা আৰু ইউৰোপতো যথেষ্ট সংখ্যক বঙালী ভাষী অভিবাসী আছে। বাংলাদেশৰ জাতীয় সংগীত আৰু ভাৰতৰ জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় স্তোত্ৰ বাংলা ভাষাত লিখা হৈছে।
বঙালী | |
---|---|
বাংলা | |
![]() বঙালী–অসমীয়া লিপিত লিখিত বাংলা ভাষা শব্দ | |
থলুৱা অঞ্চল | বাংলাদেশ, ভাৰত |
অঞ্চল | দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চল |
স্থানীয় ভাষিক |
আনুমানিক ৩০ কোটি |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | বঙালী–অসমীয়া লিপি (বঙালী বৰ্ণমালা) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
বাংলাদেশ, ভাৰত (ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ, ত্ৰিপুৰা আৰু অসম ৰাজ্যৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা) |
নিয়মাধীন হয় |
বাংলা একাডেমী (বাংলাদেশ) পশ্চিমবঙ্গ বাংলা আকাদেমি (পশ্চিমবঙ্গ) |
ভাষা সংকেত | |
ISO 639-1 | bn |
ISO 639-2 | ben |
ISO 639-3 | ben |
![]() মাতৃভাষা হিচাপে বঙালী ভাষাৰ ভৌগোলিক বিস্তাৰ |
ইতিহাসসম্পাদনা কৰক
খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা মধ্য ভাৰতীয় আৰ্যভাষাসমূহৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বঙালী ভাষাটোৱো এটা।[3] কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বঙালী ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে।[4] বঙালী ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:[3]
- প্ৰাচীন বঙালী (৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ) — লিখিত নিদৰ্শনৰ মাজত আছে চৰ্যাপদ, ভক্তিমূলক গান; আমি, তুমি, ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -ইলা, -ইবা, ইত্যাদি। ওড়িয়া ভাষা আৰু অসমীয়া ভাষাত এই পৰব বঙালীৰ পৰা বেলেগ হৈ পৰে।
- মধ্য বঙালী (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্তন; শব্দৰ শেষত “অ” ধ্বনিৰ বিলোপ; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
- আধুনিক বঙালী (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে তাহাৰ → তাৰ; কৰিয়াছিল → কৰেছিল)।
বঙালী ভাষা ঐতিহাসিক ভাৱে পালিৰ লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বঙালীৰ (চৈতন্য যুগেত) আৰু বঙালী সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বঙালীৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক ইন্দো-ইউৰোপীয় ভাষাসমূহৰ মাজত বঙালী আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে হিন্দী আৰু অন্যান্য ভাষাবোৰ আৰবী আৰু ফাৰ্ছী ভাষাৰ দ্বাৰা প্ৰভাবিত হৈছে।
১৮শ শতিকাৰ পূৰ্বে বঙালী ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী মানোএল দা আছসুম্পসাঁউ Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes নামত বঙালী ভাষাৰ প্ৰথম অভিধান আৰু ব্যাকৰণ ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল।[5] ন্যাথানিয়েল ব্ৰাচি হালহেড নামৰ এজন ইংৰাজ প্ৰাচ্যবিদে বঙালীৰ এখন আধুনিক ব্যাকৰণ লিখে, (A Grammar of the Bengal Language (১৭৭৮)) যিখন ছপাখানাৰ হৰফ (type) ব্যৱহাৰ কৰি প্ৰকাশিত সৰ্বপ্ৰথম বঙালী গ্ৰন্থ।[6] বঙালীসকলৰ মাজত ৰাজা ৰামমোহন ৰায় আছিল প্ৰথম ব্যাকৰণ ৰচয়িতা; তেখেতৰ গ্ৰন্থখনৰ নাম "Grammar of the Bengali Language" (১৮৩২)।[7] ১৯৫১–৫২ চনত পূৰ্ব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত "ভাষা আন্দোলনৰ" ভিত্তি আছিল বঙালী ভাষা।[8] পূৰ্ব পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মানুহ বঙালীভাষী হোৱা সত্ত্বেও একমাত্ৰ উৰ্দু ভাষাকেই সাংবিধানিক ভাৱে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদতেই ভাষা আন্দোলনৰ আৰম্ভণি হৈছিল।
ভৌগোলিক বিস্তাৰসম্পাদনা কৰক
বঙালী দক্ষিণ এছিয়াৰ পূৰ্বভাগৰ বঙ্গ বা বাংলা নামৰ অঞ্চলৰ লোকসকলৰ মাতৃভাষা। এই অঞ্চলটি বৰ্তমান ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ আৰু স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ সমন্বয়ত গঠিত। বাংলাদেশৰ প্ৰায় ৯৮% মানুহৰেই মাতৃভাষা বঙালী।[9] ইয়াৰ বাহিৰেও মধ্যপ্ৰাচ্য, মালয়েছিয়া আৰু প্ৰাশ্চাত্যত উল্লেখযোগ্য সংখ্যক বঙালীভাষী লোক বসবাস কৰে।
চৰকাৰী মৰ্য্যদাসম্পাদনা কৰক
বঙালী দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ বাংলাদেশৰ একমাত্ৰ স্বীকৃত ৰাষ্ট্ৰভাষা। ইয়াৰ বাহিৰেও ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ২৩টা চৰকাৰী ভাষাৰ মাজতো বঙালী অন্যতম।[10] ভাৰতৰ পশ্চিমবঙ্গ আৰু ত্ৰিপুৰা ৰাজ্যৰ চৰকাৰী ভাষা হ'ল বঙালী[11] লগতে অসম ৰাজ্যৰ বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত স্বীকৃত চৰকাৰী ভাষা হ'ল বঙালী।[12] ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্যতম স্বীকৃত ভাষা হৈছে বঙালী ভাষা।[13][14]
বঙালী ইউনিক’ডসম্পাদনা কৰক
বঙালী ইউনিক’ড U+0980’ৰ পৰা U+09FF পৰ্যন্ত আছে।
বঙালী[1][2] অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+098x | ঀ | ঁ | ং | ঃ | অ | আ | ই | ঈ | উ | ঊ | ঋ | ঌ | এ | |||
U+099x | ঐ | ও | ঔ | ক | খ | গ | ঘ | ঙ | চ | ছ | জ | ঝ | ঞ | ট | ||
U+09Ax | ঠ | ড | ঢ | ণ | ত | থ | দ | ধ | ন | প | ফ | ব | ভ | ম | য | |
U+09Bx | র | ল | শ | ষ | স | হ | ় | ঽ | া | ি | ||||||
U+09Cx | ী | ু | ূ | ৃ | ৄ | ে | ৈ | ো | ৌ | ্ | ৎ | |||||
U+09Dx | ৗ | ড় | ঢ় | য় | ||||||||||||
U+09Ex | ৠ | ৡ | ৢ | ৣ | ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ||
U+09Fx | ৰ | ৱ | ৲ | ৳ | ৴ | ৵ | ৶ | ৷ | ৸ | ৹ | ৺ | ৻ | ৼ | ৽ | ৾ | |
বি. দ্ৰ. |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Gordon, Raymond G., Jr. (ed. (2005). "Languages of India". Ethnologue: Languages of the World, Fifteenth edition.. SIL International. http://www.ethnologue.com/show_country.asp?name=IN। আহৰণ কৰা হৈছে: 2006-11-17.
- ↑ "Languages in Descending Order of Strength - India, States and Union Territories - 1991 Census". Census Data Online. Office of the Registrar General, India. পৃষ্ঠাসমূহ: 1. http://www.censusindia.net/cendat/language/lang_table1.PDF। আহৰণ কৰা হৈছে: 2006-11-19.
- ↑ 3.0 3.1 (Bhattacharya 2000)
- ↑ (Sen 1996)
- ↑ Rahman, Aminur. "Grammar". Banglapedia. Asiatic Society of Bangladesh. http://banglapedia.search.com.bd/HT/G_0193.htm। আহৰণ কৰা হৈছে: 2006-11-19.
- ↑ Bangla language in Asiatic Society of Bangladesh 2003
- ↑ Ray, S Kumar. "The Bengali Language and Translation". Translation Articles. Kwintessential. http://www.kwintessential.co.uk/translation/articles/bengali-language.html। আহৰণ কৰা হৈছে: 2006-11-19.
- ↑ (Baxter 1997, পৃষ্ঠা 62-63)
- ↑ "The World Fact Book". CIA. https://www.cia.gov/library/publications/the-world-factbook/geos/bg.html। আহৰণ কৰা হৈছে: 2006-11-04.
- ↑ Gordon, Raymond G., Jr. (ed. (2005). "Languages of India". Ethnologue: Languages of the World, Fifteenth edition.. SIL International. http://www.ethnologue.com/show_country.asp?name=IN। আহৰণ কৰা হৈছে: 2006-11-17.
- ↑ Bhattacharjee, Kishalay (April 30, 2008). "It's Indian language vs Indian language". ndtv.com. http://www.ndtv.com/convergence/ndtv/story.aspx?id=NEWEN20080048434। আহৰণ কৰা হৈছে: 2008-05-27.
- ↑ NIC, Assam State Centre, Guwahati, Assam. "Language". Government of Assam. Archived from the original on 2006-12-06. http://web.archive.org/web/20061206111055/http://www.assam.gov.in/language.asp। আহৰণ কৰা হৈছে: 2006-06-20.
- ↑ "Profile: A&N Islands at a Glance". Andaman District. National Informatics Center. http://andamandt.nic.in/profile.htm। আহৰণ কৰা হৈছে: 2008-05-27.
- ↑ "Andaman District". Andaman & Nicobar Police. National Informatics Center. http://police.and.nic.in/andaman.htm। আহৰণ কৰা হৈছে: 2008-05-27.
গ্ৰন্থ সংগ্ৰহসম্পাদনা কৰক
|
|