প্ৰবীণ চন্দ্ৰ দাস

লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক, সম্পাদক

প্ৰবীণ চন্দ্ৰ দাস (ইংৰাজী: Prabin Chandra Das) অসমৰ এগৰাকী লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক, সম্পাদক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অধ্যাপক আছিল আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল৷[1] অসমৰ লোক-সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ দাসে যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে৷[2] তেখেতে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল৷ ২০২২ চনৰ ৪ ছেপ্তেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হয়৷[3]

প্ৰবীণ চন্দ্ৰ দাস
জন্ম ১৯৪২
কামৰূপ, হাজো
মৃত্যু ২০২২
পেচা অধ্যাপক, লোক-সংস্কৃতিবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ, পি.এইচ.ডি
ধৰণ ভাষা, লোক-সংস্কৃতি

জন্ম পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ১৬ ফেব্ৰুৱাৰী, ১৯৪২ চনত। জন্মস্থান কামৰূপ জিলাৰ হাজো অঞ্চলৰ বামুণটোলা গাঁও। পিতৃৰ নাম মহেন্দ্ৰ দাস আৰু মাতৃৰ নাম হিৰণ বালা দাস। তেখেতৰ ভগ্নীদ্বয়ৰ নাম ক্ৰমে কমল প্ৰভা দাস আৰু আঙুৰ বালা দাস। পত্নীৰ নাম ৰুমী দাস আৰু পুত্ৰদ্বয় ক্ৰমে অবিন্দম দাস আৰু চিৰন্তন দাস

শিক্ষা জীৱন সম্পাদনা কৰক

  • প্ৰাথমিক শিক্ষা, হাজো মজলীয়া স্কুলৰ পৰা ১৯৫৪ চনত ছাত্ৰবৃত্তিসহ তৃতীয় শ্ৰেণী উত্তীৰ্ণ।
  • হাজো শিক্ষা বিস্তাৰ সমিতি কান্দাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬২ চনত বিজ্ঞান শাখাত উত্তীৰ্ণ।
  • পাণ্ডু মহাবিদ্যালয়ৰ পৰা ১৯৬৮ খ্ৰীষ্টাব্দত অসমীয়া বিষয়ত সন্মান সহ বিশ্ববিদ্যালয়ত প্ৰথম স্থান অধিকাৰ কৰি বি.এ. পৰীক্ষাত উত্তীৰ্ণ।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭০ খ্ৰীষ্টাব্দত অসমীয়া বিষয়ত প্ৰথম স্থান অধিকাৰ কৰি এম.এ. পৰীক্ষাত উত্তীৰ্ণ।
  • ১৯৮৪ খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগত ড° প্ৰফুল্লদত্ত গোস্বামীৰ তত্ত্বাৱধানত Hajo: A Socio Cultural Study (হাজোঃ এটি সামাজিক-সাংস্কৃতিক অধ্যয়ন) শীৰ্ষক গৱেষণা-কৰ্মৰ বাবে পি.এইচ.ডি ডিগ্ৰী অৰ্জন। [1]

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  • পুণ্যভূমি হাজো, ৰূপ প্ৰকাশ, গুৱাহাটী, ১৯৮৩
  • মণিকূট, সপ্তদশ শতিকাৰ কবি ৰামচন্দ্ৰ বৰপাত্ৰ বিৰচিত মণিকূট পুথিৰ সমীক্ষাত্মক সম্পাদনা, বাণী প্ৰকাশ, গুৱাহাটী, ১৯৮৬
  • 'সুভদ্ৰাহৰণ নাট, শ্ৰীৰাম আতা বিৰচিত নাটৰ সম্পাদনা, বাণী প্ৰকাশ, গুৱাহাটী, ১৯৮৯
  • বব্ৰুবাহনৰ যুদ্ধ, হৰিবৰ বিপ্ল বিৰচিত কাব্যৰ সমীক্ষাত্মক সম্পাদনা, বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯০
  • অসমীয়া ভাষা আৰু সাহিত্যৰ কথা, অসমীয়া ভাষা আৰু সাহিত্যৰ চমু বুৰঞ্জী, বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯৩[4]
  • দুৰ্গাবৰী ৰামায়ণ, কবি দুৰ্গাবৰ কায়স্থ বিৰচিত পুথিৰ সমীক্ষাত্মক সম্পাদনা, বাণী প্ৰকাশ, গুৱাহাটী, ১৯৯৪
  • A Handbook of Folklore Material of North East India, উত্তৰ পূব ভাৰতৰ লোক-সাংস্কৃতিক সমলৰ গ্ৰন্থ (ড° বীৰেন্দ্ৰনাথ দত্ত আৰু ড° নবীন চন্দ্ৰ শৰ্মাৰ সৈতে যুটীয়াভাৱে ৰচিত, আবিলাক, গুৱাহাটী, ১৯৯৪
  • অমৃত মহাভাৰত, অতুল চন্দ্ৰ হাজৰিকা ৰচিত মহাভাৰতৰ সম্পাদনা, বাণী প্ৰকাশ,গুৱাহাটী, ১৯৯৬
  • The Blessed Land, হাজোৰ সমাজ-সংস্কৃতিমূলক গৱেষণা গ্ৰন্থ, ৰূপ প্ৰকাশ, গুৱাহাটী, ১৯৯৯
  • Hajo: The Blessed Land (The Blessed Land-ৰ পৰিশোধিত আৰু সংক্ষিপ্ত সংস্কৰণ), ৰূপ প্ৰকাশ, গুৱাহাটী, ২০১০
  • প্ৰসংগ লোকসংস্কৃতি, লোকসংস্কৃতি বিষয়ক প্ৰবন্ধ সংকলন, ৰূপ প্ৰকাশ, গুৱাহাটী, ২০১৩
  • পদ্মাপুৰাণ, কবি মনকৰ আৰু দুৰ্গাবৰ বিৰচিত কাব্যৰ সম্পাদনা, ৰূপ প্ৰকাশ, গুৱাহাটী, ২০১৩
  • ববচা বনত বকুল বুটলি, (আত্মকথাৰ প্ৰথম পৰ্ব), নিৰীক্ষণ প্ৰকাশ, গুৱাহাটী, ২০১৩
  • কৰণিৰ ফুল, বিভিন্ন প্ৰবন্ধৰ সংকলন, অসম পাব্লিচিং কোম্পানী, গুৱাহাটী, ২০১৪
  • উদাসীন সত্যশ্ৰৱাৰ আসাম ভ্ৰমণ, সম্পাদনা, পণ্ডিত ৰামকুমাৰ বিদ্যাৰত্নৰ গ্ৰন্থৰ অসমীয়া ৰূপান্তৰ, অসম পাব্লিচিং কোম্পানী, গুৱাহাটী,২০১৪
  • অসমীয়া ভাষা সাহিত্য সংস্কৃতি, মুখ্য সম্পাদনা,অসমীয়া ভাষা সাহিত্য সংস্কৃতি বিষয়ক গৱেষণা পত্ৰৰ সংকলন, নিৰীক্ষণ প্ৰকাশ, গুৱাহাটী, ২০১৫
  • হৰিবিলাস আগৰৱালাৰ ডায়েৰি, সম্পাদনা, অসম পাব্লিচিং কোম্পানী, গুৱাহাটী,২০১৬
  • বন বিৰিণাৰ ছাঁত, (আত্মকথাৰ দ্বিতীয় পৰ্ব), নৱেল পাবলিচাৰ্চ, গুৱাহাটী, ২০১৬
  • GRAMMAR OF ASSAMESE LANGUAGE William Robinson Nathan Brown G F Nicholl] ড° খগেশ সেন ডেকাৰ সৈতে যুটীয়াভাৱে সম্পাদনা, অসম বুক হাইভ, গুৱাহাটী, ২০১২
  • বসন্তৰ বাউলী বোকোচাত, আত্মকথাৰ তৃতীয় পৰ্ব প্ৰথম খণ্ড, পূৰ্বায়ণ প্ৰকাশন, গুৱাহাটী, ২০২১[5]

কৰ্মজীৱন সম্পাদনা কৰক

  • ভাৰতীয় জীৱন বীমা নিগমত ১৯৬২ খ্ৰীষ্টাব্দৰ মে' মাহৰ পৰা জুলাই মাহলৈ নিম্নবৰ্গৰ সহায়ক।
  • উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মালীগাঁওস্থিত মুখ্য কাৰ্যালয়ত ১৯৬২ খ্ৰীষ্টাব্দৰ পৰা ১৯৭২ খ্ৰীষ্টাব্দলৈ নিম্নবৰ্গৰ সহায়ক।
  • পাণ্ডু মহাবিদ্যালয়ত ১৯৭২ খ্ৰীষ্টাব্দত কিছুদিনৰ বাবে প্ৰবক্তা ৰূপে শিক্ষকতা।
  • চেণ্ট এগুমাণ্ডছ কলেজ, শ্বিলঙত অসমীয়া বিভাগৰ প্ৰবক্তাৰূপে ১৯৭২ খ্ৰীষ্টাব্দৰ জুলাই মাহৰ পৰা ১৯৮১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহলৈ শিক্ষকতা।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগত ১৯৮১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ পৰা ১৯৯০ খ্ৰীষ্টাব্দৰ জুলাই মাহলৈ প্ৰবক্তা হিচাপে শিক্ষকতা।
  • ১৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১৯৯৮ খ্ৰীষ্টাব্দলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক পদত কাৰ্যনিৰ্বাহ।
  • ১৯৯৮ খ্ৰীষ্টাব্দৰ পৰা ২০০৪ খ্ৰীষ্টাব্দৰ ৩১ মাৰ্চলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ আৰু অৱসৰ গ্ৰহণ।[1]

অন্যান্য সামাজিক জীৱন সম্পাদনা কৰক

  • ২০০৫ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ।
  • ২০০৭ চনৰ পৰা ২০১১ খ্ৰীষ্টাব্দলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগত অতিথি অধ্যাপক হিচাপে পাঠদান।
  • 200৭ চনৰ পৰা ২০১২ খ্ৰীষ্টাব্দলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভিজিটিং ফে’ল।
  • ২০০৭ চনৰ পৰা ২০১০ খ্ৰীষ্টাব্দলৈ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ তুৰা চৌহদ) ভিজিটিং ফেল।
  • ২০১০ চনৰ পৰা ২০১৫ খ্ৰীষ্টাব্দলৈ অসম ইন্সষ্টিটিউট অব্ মেনেজমেণ্ট এণ্ড টেকনলজিৰ পৰিচালন সঞ্চালক।
  • উপ সভাপতি, ‘অসম জনকৃষ্টি সমাজ', গুৱাহাটী, ২০০৯-২০২০
  • সভাপতি, ‘অসম জনকৃষ্টি সমাজ', গুৱাহাটী, ২০২০
  • 'যুটীয়া সম্পাদক, ‘অসম ভাষাবিজ্ঞান সমিতি' গুৱাহাটী, ১৯৮৩-১৯৮৫
  • যুটীয়া সম্পাদক, ‘গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা',১৯৮৪
  • সভাপতি, ‘গুৱাহাটী বিশ্ববিদ্যালয় বিষয়া সংস্থা', ১৯৯৯-২০০১
  • ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা'ৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সমন্বয়ক, ১৯৯৪-১৯৯৬
  • “ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা'ৰ অধীনত ‘আন্তঃ বিশ্ববিদ্যালয় ক্ৰীড়া সমিতিৰ কাৰ্যবাহী সদস্য, ১৯৯৪-১৯৯৬
  • সভাপতি, ‘ৰূপালীম নগৰ উন্নয়ন সমিতি', পশ্চিম জালুকবাৰী, গুৱাহাটী, ২০০৪-২০১৯
  • সভাপতি, ‘অসম নাট্য সন্মিলন', কামৰূপ জিলা, ২০০৪-২০০৬
  • সদস্য, কাৰ্যকৰী সমিতি আৰু পৰিচালনা সমিতি, ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ, কলকাতা, ২০১২-২০১৫
  • সভাপতি, ‘পাণ্ডু মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থা', ২০০৭-২০১৮
  • সভাপতি, পৰিচালনা সমিতি, সুৰেন দাস কলেজ, হাজো ২০১০-২০২০
  • প্ৰতিষ্ঠাপক সভাপতি, ‘ৰঙাআলি সমন্বয় ক্ষেত্ৰ’, জালুকবাৰী, ২০১৯
  • সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অসমীয়া বিভাগৰ উদযাপন সমিতি, ২০২২[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 উমেশ চন্দ্ৰ ডেকা আৰু (সহ-সম্পাদনা- নৱজিৎ ডেকা) (২০২২). সমাজ-সাহিত্য সংস্কৃতি (ডঃ প্ৰবীণ চন্দ্ৰ দাস অভিনন্দন গ্ৰন্থ). পৃষ্ঠা. ৩৩০. 
  2. "শিক্ষাবিদ, গৱেষক, লোক সংস্কৃতিৰ সাধক ড০ প্ৰবীণ চন্দ্ৰ দাসৰ শেষ নিশ্বাস ত্যাগঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন…". www.asomiyapratidin.in. 4 September 2022. https://www.asomiyapratidin.in/educationist-researcher-folk-culture-saint-dr-praveen-chandra-das-passes-away/। আহৰণ কৰা হৈছে: 4 September 2022. 
  3. "লোক সংস্কৃতিবিদ ড৹ প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান". www.etvbharat.com. 4 September 2022. https://www.etvbharat.com/amp/assamese/assam/city/guwahati/notable-educationist-prabin-chandra-das-passed-away/assam20220904070549151151059। আহৰণ কৰা হৈছে: 4 September 2022. 
  4. "Asomia Bhaxa Aru Sahitya Kotha Paperback – 1 January 2011". www.amazon.in. https://www.amazon.in/Asomia-Bhaxa-Aru-Sahitya-Kotha/dp/B01GCR9T7Y/ref=sr_1_4?qid=1662295218&refinements=p_27%3ADr.+Prabin+Chandra+Das&s=books&sr=1-4। আহৰণ কৰা হৈছে: 4 September 2022. 
  5. "Basantar Baulee Bokosat (Assamese) বসন্তৰ বাউলী বোকোচাত". www.amazon.in. https://www.amazon.in/Basantar-Baulee-Bokosat-Assamese-বোকোচাত/dp/B09Z97Y2LR/ref=sr_1_2?qid=1662295218&refinements=p_27%3ADr.+Prabin+Chandra+Das&s=books&sr=1-2। আহৰণ কৰা হৈছে: 4 September 2022.