প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য (জন্ম:১৯২৫-২০১৮ ) (ইংৰাজী: Pramud chandra Bhattacharya) তেখেতে একাধাৰে গৱেষক, ভাষাবিদ, কবি, অভিধানপ্ৰণেতা আছিল। অসমত ভাষাতত্ত্ব-চৰ্চালৈ তেখেতৰ অৱদান উল্লেখযোগ্য। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া ভাষা শাখাত এম.এ ডিগ্ৰী লাভ কৰে আৰু ১৯৬৫ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰপৰা বিশিষ্ট ভাষাতাত্ত্বিক সুকুমাৰ সেনৰ অধীনত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে।
প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য | |
---|---|
জন্ম | নলবাৰী দীঘেলী গাঁও, অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭১ চনত অসমীয়া সাহিত্যত স্নাতকোত্তৰ |
বিষয় | সমালোচনা সাহিত্য, ভাষাবিদ, অভিধানপ্ৰণেতা |
পৰিচয়
সম্পাদনা কৰকড॰ বাণীকান্ত কাকতিৰ পাছতে অসমত ভাষাতত্ত্ব-চৰ্চালৈ বিশিষ্ট অৱদান আগবঢ়োৱা মুষ্টিমেয় গৱেষক-পণ্ডিতৰ ভিতৰত ড॰ প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য অন্যতম। ড॰ ভট্টাচাৰ্যৰ চিন্তা-চৰ্চা আৰু গৱেষণাৰ ক্ষেত্ৰখন হ’ল তিব্বতবৰ্মী ও মূলৰ বড়ো ভাষা। উক্ত ভাষাৰ বৰ্ণনামূলক বিশ্লেষণত তেওঁ বিশেষ বুৎপত্তিৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তেওঁৰ গৱেষক-জীৱনৰ কৃতি হ’ল এ ডেছক্ৰিপটিভ এনালাইছিছ অব দি বড়ো লেংগুৱেইজ (১৯৭৭) নামৰ গ্ৰন্থখন।[1] ইয়াৰ উপৰি বড়ো-অসমীয়া অভিধানখনো তেওঁৰ জীৱনৰ বিশেষ কৃতি। ১৯২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখে নলবাৰীৰ দীঘেলী গাঁৱত জন্ম লাভ কৰা ড॰ ভট্টাচাৰ্যই ১৯৪৩ চনত নলবাৰী গৰ্ডন হাইস্কুলৰপৰা মেট্ৰিক, ১৯৪৫ চনত গুৱাহাটী বি বৰুৱা কলেজৰপৰা আই.এ, ১৯৪৮ চনত কটন কলেজৰপৰা বি.এ আৰু ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া ভাষা শাখাত এম.এ ডিগ্ৰী লাভ কৰে। ১৯৬৫ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা বিশিষ্ট ভাষাতাত্ত্বিক সুকুমাৰ সেনৰ অধীনত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে। আৰম্ভণিতে দুখনমান কাকত-আলোচনীৰ সম্পাদনাৰে কৰ্মজীৱনৰ সূচনা কৰা ড॰ ভট্টাচাৰ্যই পাছত গুৱাহাটী বি বৰুৱা কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে সোমাই শেষৰফালে অধ্যক্ষ দায়িত্ব লাভ কৰি অৱসৰ গ্ৰহণ কৰে। তেখেতে দেশ-বিদেশৰ ভালেমান সন্মিলনত ভাষাতাত্ত্বিক হিচাপে অংশগ্ৰহণ কৰিছে।[2]
সাহিত্যৰাজি[3]
সম্পাদনা কৰক- এ ডেছক্ৰিপটিভ এনালাইছিছ অব দি বড়ো লেংগুৱেইজ (১৯৭৭)
- বড়ো ফৌক ছংছ এণ্ড টেইলছ (১৯৫৮)
- অসমৰ লোক উৎসৱ (১৯৬৯)
- প্ৰতিনিধি ভাষানিবন্ধ (১৯৯৮)
- অসমৰ জনজাতি (১৯৬২)
কবিতা পুথি
সম্পাদনা কৰক- সৰাফুল (১৯৯৭)
- কুঁৱলিৰ আঁৰে আঁৰে (১৯৯৮)