প্ৰমোদ ভগত

ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ

প্ৰমোদ ভগত (ইংৰাজী: Pramod Bhagat; জন্ম: ৪ জুন ১৯৮৮) এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ছেপ্টেম্বৰ ২০২১-ৰ তথ্য অনুসৰি, তেওঁ পেৰা-বেডমিণ্টন পুৰুষৰ একক এছএল৩ শাখাত বিশ্বৰ প্ৰথম স্থানৰ আছে।[1] তেওঁ ২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি পুৰুষৰ একক এছএল৩ বেডমিণ্টন প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে।[2][3] তেওঁ হৈছে ভাৰতৰ বাবে বেডমিণ্টনত অলিম্পিক বা পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।[4]

প্ৰমোদ ভগত

২০২০ চনত প্ৰমোদ ভগত
ব্যক্তিগত তথ্য
দেশ  ভাৰত
জন্ম ৪ জুন, ১৯৮৮ (৩৫ বছৰ)
আট্টাবিৰা, বৰগড় জিলা, উৰিষ্যা, ভাৰত
বাসগৃহ ভুৱনেশ্বৰ, উৰিষ্যা, ভাৰত
সক্ৰিয়তাৰ সময় ২০০৬–বৰ্তমান
হাত বাওঁ
প্ৰশিক্ষক শিৱা প্ৰসাদ দাস
পুৰুষৰ একক এছএল৩
সৰ্বোচ্চ ৰেংকিং
বৰ্তমান ৰেংকিং

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

প্ৰমোদ ভগতৰ মূল ভাৰতৰ উৰিষ্যা ৰাজ্যৰ বৰগড় জিলাৰ আট্টাবিৰা। তেওঁ ছয়জন সহোদৰৰ মাজৰ এজন। পাঁচ বছৰ বয়সত তেওঁ বাওঁ ভৰিত আসোঁৱাহে দেখা দিছিল। ১৩ বছৰ বয়সত তেওঁ বেডমিণ্টন খেল চাবলৈ গৈছিল আৰু খেলখনৰ প্ৰতি আকৰ্ষিত হৈছিল। পৰৱৰ্তী ২ বছৰৰ বাবে তেওঁ বেডমিণ্টনৰ ফুটৱৰ্ক, ফিটনেছ আৰু খেলৰ ফিক্সাৰে শিকিছিল। প্ৰমোদে ১৫ বছৰ বয়সত শাৰীৰিকভাৱে সক্ষম শ্ৰেণীৰ খেলুৱৈসকলৰ বিৰুদ্ধে তেওঁৰ প্ৰথম প্ৰতিযোগিতা খেলিছিল। দৰ্শকে তেওঁক উৎসাহিত কৰিছিল, যাৰ ফলত তেওঁ বেডমিণ্টনক কেৰিয়াৰ হিচাপে লৈ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত হৈছিল।

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক