প্ৰসাদ

হিন্দু আৰু শিখ ধৰ্মত দেৱতাৰ নামত উৎসৰ্গিত খাদ্য বস্তু

প্ৰসাদ (Sanskrit: प्रसाद,) হৈছে দেৱতাৰ নামত উৎসৰ্গিত খাদ্য বস্তু। প্ৰসাদ মূলতঃ নিৰামিষ বৈশিষ্ট্যৰ হ'লেও শাক্ত ধৰ্মত আমিষ প্ৰসাদো দেৱতাৰ বাবে আগবঢ়োৱা হয়। প্ৰসাদ বিশেষভাৱে ভক্তসকলে কোনো দেৱতাক আৰাধনা কৰি বা ধন্যবাদৰ সূচকভাৱে আগবঢ়াই। মহাপ্ৰসাদ (ভাণ্ডাৰা বুলিও কোৱা হয়),[1] হৈছে হিন্দু মন্দিৰত দেৱতাক আগবঢ়োৱা পবিত্ৰ খাদ্য, আৰু এই প্ৰসাদ দেৱতালৈ বুলি উৎসৰ্গা কৰাৰ পিছত যিকোনো অভিমুখ নিৰ্বিশেষে সকলো ভক্তৰ মাজত বিতৰণ কৰে আৰু এই ভোজনত ভক্ত সকলে অংশগ্ৰহণ কৰে।[2][3][4]

প্ৰসাদৰ থাল। আহমেদাবাদৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰত নৰ নাৰায়ণলৈ আগবঢ়োৱা হৈছিল।

প্ৰসাদ, নৈবেদ্য (সংস্কৃত: वेद्य) শব্দটোৰ লগত ওতপ্ৰোতভাৱে জড়িত। ঈশ্বৰক আগবঢ়োৱা খাদ্যক নৈবেদ্য বুলি কোৱা হয়, আনহাতে ঈশ্বৰে পবিত্ৰ কৰি আশীৰ্বাদ হিচাপে ঘূৰাই দিয়া পবিত্ৰ খাদ্যক প্ৰসাদ বোলা হয়।

ব্যুৎপত্তি সম্পাদনা কৰক

 
পূজাৰ বাবে পশ্চিম বংগৰ এখন ঘৰত দেৱতালৈ উৎসৰ্গা কৰা প্ৰসাদ

প্ৰসাদ ক্ৰিয়াৰ পৰা প্ৰসাদ্ শব্দৰ ব্যুৎপত্তি হৈছে। ইয়াত ক্ৰিয়া শব্দ সদ (সদ মানে বহা বা বাস কৰা) আৰু এই ক্ৰিয়াৰ সৈতে প্ৰ উপসৰ্গ যোগ হৈ প্ৰসাদ হৈছে। (প্ৰ শব্দই আগত বা সন্মুখত বুজাইছে) এইদৰে ই সসীম ক্ৰিয়া প্ৰসিদতি (প্ৰসিদতি - বাস কৰে, সভাপতিত্ব কৰে, সন্তুষ্ট কৰে) হিচাপে ব্যৱহাৰ কৰা হয়।[5] ইয়াৰ অৰ্থ হ'ল যিকোনো বস্তু, সাধাৰণতে খাদ্য, যিটো প্ৰথমে কোনো দেৱতা বা সন্তলৈ আগবঢ়োৱা হয় আৰু তাৰ পিছত তেওঁৰ নামত তেওঁলোকৰ অনুগামী বা আনক শুভ চিন হিচাপে বিতৰণ কৰা হয়।[6]

'প্ৰসাদ'ক কেতিয়াবা দান বা অনুগ্ৰহ বুলিও কোৱা কৰা হয়।[7]

নিয়ম নীতি সম্পাদনা কৰক

প্ৰসাদ উপস্থিত ভক্তসকলে পবিত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। প্ৰসাদত ৰন্ধা খাদ্য, ফল-মূল আৰু মিঠাই থাকিব পাৰে। সাধাৰণতে মন্দিৰত উপস্থিত থকা ভক্তসকলক নিৰামিষ খাদ্য আগবঢ়োৱা হয় আৰু পিছত বিতৰণ কৰা হয়। কেতিয়াবা এই নিৰামিষ প্ৰসাদত নিষিদ্ধ বস্তু যেনে নহৰু, পিঁয়াজ, কাঠফুলা আদি দিয়া নহয়।[2]

 
ৰন্ধা আগতে সতেজ উৎপাদিত সামগ্ৰী প্ৰসাদ হিচাপে আগবঢ়োৱা হৈছে, তামিলনাডু।

কিছুমান মন্দিৰত নিৰামিষভোজী নিষিদ্ধ। চণ্ডী, কালীৰ দৰে হিন্দু দেৱী আৰু ভৈৰৱ, মহাকলাৰ দৰে হিন্দু দেৱতাক কুকুৰা, ছাগলী, মাছ, ম’হৰ দৰে জীৱ-জন্তুৰ মাংস প্ৰসাদ দিয়া হয় যিবোৰ মন্দিৰৰ চৌহদত বধ কৰা হয়।

খাদ্য সামগ্ৰী আগবঢ়োৱাটো বহু হিন্দু পৰম্পৰাত কোনো হিন্দু দেৱতাক উপচাৰ বা সেৱাৰ অংশ যদিও ই সৰ্বজনীন নহয়। মূৰ্তিক জীৱ হিচাপে শ্ৰদ্ধা কৰা হয় আৰু এই মূৰ্তিলৈ অন্যান্যৰ সামগ্ৰীৰ লগতে খাদ্য, ফল-মূল যেনে কল, নাৰিকল আদি আগবঢ়োৱা হয়। মন্দিৰত সাধাৰণতে পূজাৰ এক নিৰ্ধাৰিত নিয়ম থাকে য’ত দিনটোত একাধিকবাৰ নৈবেদ্য আগবঢ়োৱাৰ নিয়মো অন্তৰ্ভুক্ত। বেছিভাগ মন্দিৰতে কেৱল প্ৰশিক্ষিত পূজাৰীসকলকহে নৈবেদ্য ৰান্ধিবলৈ অনুমতি দিয়া হয়। দেৱতাক পোনপটীয়াকৈ আগবঢ়োৱা নৈবেদ্য প্ৰসাদ বুলি গণ্য কৰা হয়, দেৱতাই ইয়াক "ভোগ" কৰে বুলি ধাৰণা কৰা হয়। সেয়ে প্ৰসাদক ভোগ বুলিও কোৱা হয়।

ঘৰুৱা মন্দিৰত খাদ্যৰ প্ৰসাদ ব্যৱস্থা ৰাজহুৱা হিন্দু মন্দিৰতকৈ তুলনামূলকভাৱে সহজ।

প্ৰস্তুতিৰ সময়ত সোৱাদ লোৱা বা ঈশ্বৰক অৰ্পণ কৰাৰ আগতে নৈবেদ্য খোৱাটো কঠোৰভাৱে নিষিদ্ধ। খাদ্য প্ৰথমে কোনো দেৱতাৰ আগত ৰখা হয় আৰু লগত নিৰ্দিষ্ট প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পিছত খাদ্যক ঈশ্বৰে আশীৰ্বাদ দিয়া বুলি গণ্য কৰা হয়, আৰু আনুষ্ঠানিকভাৱে পবিত্ৰ প্ৰসাদত পৰিণত হয়।

বস্তুগত অৰ্থত প্ৰসাদৰ সৃষ্টি হৈছে এজন মানৱ ভক্ত আৰু দেৱতাৰ মাজত দান-গ্ৰহণ প্ৰক্ৰিয়াৰ দ্বাৰা। যেনে, কোনো ভক্তই কোনো বস্তু যেনে ফুল, ফল, বা মিঠাইৰ প্ৰসাদ আগবঢ়ায়। তাৰ পিছত দেৱতাই প্ৰসাদৰ অলপ 'আনন্দ' বা সোৱাদ লয়।[8] বৰ্তমান ঐশ্বৰিকভাৱে বিনিয়োগ কৰা এই পদাৰ্থটোক প্ৰসাদ বোলা হয় আৰু ভক্তই গ্ৰহণ, পৰিধান ইত্যাদিৰ বাবে গ্ৰহণ কৰে। ই হ’ব পাৰে সেই একেটা সামগ্ৰী যিটো প্ৰথমে আগবঢ়োৱা হৈছিল বা আনে আগবঢ়োৱা সামগ্ৰী আৰু তাৰ পিছত আন ভক্তক পুনৰ বিতৰণ কৰা হৈছিল। বহু মন্দিৰত ভক্তসকলক কেইবাবিধো প্ৰসাদ (যেনে, বাদাম, মিঠাই) বিতৰণ কৰা হয়।

খাদ্য আগবঢ়োৱা আৰু পৰৱৰ্তী সময়ত প্ৰসাদ গ্ৰহণ কৰাটো পূজাৰ অভ্যাসৰ কেন্দ্ৰীয় বিষয়।[8] যিকোনো খাদ্যক হয় শাৰীৰিকভাৱে ঈশ্বৰৰ প্ৰতিমূৰ্তিত বা নীৰৱে প্ৰাৰ্থনাত আগবঢ়োৱা হয়, ইয়াকে প্ৰসাদ বুলি গণ্য কৰা হয়।[9]

শিখ ধৰ্মত প্ৰাৰ্থনা আৰু শাস্ত্ৰ পাঠৰ পিছত কৰহ প্ৰসাদ মণ্ডলীক পৰিবেশন কৰা হয়।[10] প্ৰসাদে লংগৰৰ দৰে একে মূল্যবোধক প্ৰতিনিধিত্ব কৰে কিয়নো ইয়াক নিৰ্বিচাৰে পৰিবেশন কৰা হয়।

কুৰুক্ষেত্ৰৰ ৪৮ কোচ পৰিক্ৰমাত কুৰুক্ষেত্ৰ প্ৰসাদ, তিৰুপতি লাড়ু আৰু ব্ৰজ পৰিক্ৰমাত মথুৰা পেৰা ভূ-বিশেষ প্ৰসাদ।[11]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Pashaura Singh, Louis E. Fenech, 2014, The Oxford Handbook of Sikh Studies
  2. 2.0 2.1 Chitrita Banerji, 2010, Eating India: Exploring the Food and Culture of the Land of Spices.
  3. Subhakanta Behera, 2002, Construction of an identity discourse: Oriya literature and the Jagannath lovers (1866–1936), pp. 140–177.
  4. Susan Pattinson, 2011, The Final Journey: Complete Hospice Care for the Departing Vaishnavas, pp. 220.
  5. Apte, Vaman Shivaram (1992). The Practical Sanskrit-English Dictionary.. প্ৰকাশক Kyoto, Japan: Rinsen Book Company. ISBN 4653000387. 
  6. Natu, Bal, Glimpses of the God-Man, Meher Baba, Sheriar Press, 1987
  7. Mukundananda, Swami. "Bhagavad Gita: Chapter 2, Verse 64". https://www.holy-bhagavad-gita.org/chapter/2/verse/64। আহৰণ কৰা হৈছে: 2021-04-11. 
  8. 8.0 8.1 Hawley, John (2006). The Life of Hinduism. প্ৰকাশক Berkeley and Los Angeles: University of California Press. পৃষ্ঠা. 13. ISBN 9780520249141. 
  9. "Prasada | Hinduism" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/topic/prasada। আহৰণ কৰা হৈছে: 2021-05-12. 
  10. Bhatia, Harbans Singh; Bakshi, Shiri Ram (1999) (en ভাষাত). Religious Traditions of the Sikhs. Deep & Deep Publications. ISBN 978-81-7629-132-3. https://books.google.com/books?id=kA0RAQAAIAAJ. 
  11. Chana laddoo to be ‘Kurukshetra prasadam’, The Tribune, 1 March 2020.