প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে।

প্ৰাণী

ব্যুৎপত্তি সম্পাদনা কৰক

এনিমেল (Animal) শব্দটো লেটিন এনিমেলিছ (animalis) শব্দৰ পৰা অনা হৈছে, অৰ্থ "having breath" (উশাহ লোৱা)। সাধাৰণতে, দৈনন্দিন ব্যৱহাৰত এই শব্দটোৱে (Animal = জন্তু) মানুহক বাদদি প্ৰাণীজগতৰ বাকী সদস্য সকলক বুজাই। কিন্তু জীৱবিজ্ঞানত এনিমেলে প্ৰাণীজগতৰ সকলো সদস্যকে বুজাই।

বৈশিষ্টসমূহ সম্পাদনা কৰক

কিছুমান সুনিৰ্দিষ্ট বৈশিষ্টই প্ৰাণী সমূহক অন্য জীৱৰ পৰা পৃথক কৰে। প্ৰাণীবোৰ সংকোষকেন্দ্ৰীয় আৰু বহুকোষী; যাৰ বাবে ইহঁত বেক্টেৰিয়া আৰু প্ৰটিষ্টাৰ পৰা পৃথক। ইহঁত পৰপোষী আৰু খাদ্য দেহৰ ভিতৰত থকা এক নিৰ্দিষ্ট কোঠালিত হজম কৰে; যিয়েই ইহঁতক উদ্ভিদ আৰু শেলাইৰ পৰা পৃথক কৰে। কোষবেৰ নাই বাবে ইহঁত উদ্ভিদ, ভেঁকুৰ আৰু শেলাইৰ পৰা পৃথক। সকলো প্ৰাণী চলনক্ষম, (কিছুমান জীৱনৰ নিৰ্দিষ্ট স্তৰত চলনক্ষম)। প্ৰাণী সমূহৰ এটা বিশেষ বৈশিষ্ট্য হ'ল, প্ৰায় ভাগ প্ৰাণীৰ ভ্ৰূণ ব্লাষ্টুলা স্তৰ পাৰ কৰি আহে।

প্ৰাণীজগতৰ পৰ্বসমূহ সম্পাদনা কৰক

প্ৰাণীজগতক ৩৫টা পৰ্বত ভাগ কৰা হৈছে।

পৰ্ব অৰ্থ সাধাৰণ নাম চাৰিত্ৰিক বৈশিষ্ট প্ৰজাতিৰ বিৱৰণ
Acanthocephala কাঁইটিয়া মূৰযুক্ত কৃমি কাঁইটিয়া মূৰযুক্ত কৃমি কেইবাশাৰীও হাকুটাযুক্ত কাঁইটেৰে প্ৰতিবৰ্তী শোষক (proboscis) থাকে প্ৰায় ৭৫৬
Acoelomorpha খাদ্যনলীবিহিন Acoels মুখ বা খাদ্যনলী নাথাকে
Annelida সৰু আঙুঠি বলয়ী প্ৰাণী দেহটো বলয়েৰে গঠিত ১৭,০০০+ বিদ্যমান
Arthropoda সন্ধিযুক্ত ভৰি সন্ধিপদী প্ৰাণী কাইটিনৰ (Chitin) বহিঃকংকালেৰে (exoskeleton) গঠিত দেহ আৰু ভৰিবোৰ সন্ধিযুক্ত ১১,৩৪,০০০+
Brachiopoda Arm foot খোলা ধাৰী Lophophore and pedicle ৩০০-৫০০ বিদ্যমান
Bryozoa মছ সদৃশ প্ৰাণী মছ সদৃশ প্ৰাণী, সাগৰীয় দলিচা Lophophore, no pedicle, ciliated tentacles, anus outside ring of cilia ৫,০০০ বিদ্যমান
Chaetognatha দীঘল কেশৰৰ পাৰি (jaw) শৰ কৃমি মূৰ আৰু পশ্চাৎ অংশত কাইটিনেৰে গঠিত কাঁইট থাকে প্ৰায় ১০০ বিদ্যমান
ক'ৰডাটা মেৰুদণ্ডী মেৰুদণ্ডী প্ৰাণী ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, পৃষ্ঠৰজ্জু থাকে প্ৰায় ১,০০,০০০+
Cnidaria শুংযুক্ত গছ (nettle) Coelenterates শুংযুক্ত কোষ (stinging cells) প্ৰায় ১১,০০০
Ctenophora ফণিধাৰী ফণি জেলী সংযুক্ত চিলিয়াৰ ফণিৰ দাঁত-সদৃশ আঠটা শাৰী থাকে প্ৰায় ১০০ বিদ্যমান
Cycliophora Wheel carrying Symbion চিলিয়া (cilia) যুক্ত ঘূৰণীয়া মুখ, থলী-সদৃশ (sac-like) দেহ ৩+
Echinodermata কাঁইটীয়া চাল কণ্টকচৰ্মী Fivefold radial symmetry in living forms, mesodermal calcified spines প্ৰায় ৭,০০০ বিদ্যমান; প্ৰায় ১৩,০০০ বিলুপ্ত
Entoprocta অন্তঃ পায়ুযুক্ত পিয়লা সদৃশ প্ৰাণী চিলিয়াৰ আঙুঠিৰ ভিতৰত পায়ু থাকে প্ৰায় ১৫০
Gastrotricha Hair stomach Meiofauna দুডাল সংযুক্ত প্ৰান্তিক নলী (terminal tube) প্ৰায় ৬৯০
Gnathostomulida হনুযুক্ত মুখ Jaw worms প্ৰায় ১০০
Hemichordata অৰ্ধ ৰজ্জু Acorn worms, pterobranchs Stomochord in collar, pharyngeal slits প্ৰায় ১০০ বিদ্যমান
Kinorhyncha Motion snout Mud dragons পৃষ্ঠীয়চ্ছদা (dorsal plate)ৰ সৈতে এঘাৰটা খণ্ডত বিভক্ত প্ৰায় ১৫০
Loricifera কৱচ ধাৰী Brush heads দুই মূৰত ছাতি-সদৃশ (Umbrella-like) বাকলি থাকে প্ৰায় ১২২
Micrognathozoa সূক্ষ্ম হনুযুক্ত এক্কৰডিয়নৰ (Accordion) দৰে প্ৰসাৰণশীল বক্ষ
Mollusca কোমল কোমলদেহী পেশীযুক্ত ভৰি আৰু mantle ঘুৰনীযা কৱচ থাকে ১,১২,০০০
Nematoda সূতাৰ দৰে ঘুৰনীযা কৃমি ঘূৰণীয়া প্ৰস্থচ্ছেদ, keratin cuticle ৮০,০০০–১০,০০,০০০
Nematomorpha Thread form Horsehair worms প্ৰায় ৩০০
Nemertea A sea nymph ফিতা কৃমি প্ৰায় ১,২০০
Onychophora নখ ধাৰী Velvet worms ভৰিৰ শেষাংশত কাইটিনৰ নখ থাকে প্ৰায় ২০০ বিদ্যমান
Orthonectida পোনে পোনে সাতুৰা প্ৰজনন কোষৰ (sex cell) চাৰিওকাষে এতৰপীয়া চিলিয়াযুক্ত কোষ (ciliated cell) থাকে প্ৰায় ২০
Phoronida যীয়ুছৰ (Zeus) পত্নী Horseshoe worms খাদ্যনলী ইউ-আকৃতিৰ (U-shaped) ১১
Placozoa চেপেতা জন্তু
Platyhelminthes চেপেটা কৃমি চেপেটা কৃমি প্ৰায় ২৫,০০০
Porifera* ৰন্ধ্ৰী Sponges ছিদ্ৰ যুক্ত অভ্যন্তৰীণ বেৰ (interior wall) থাকে ৫,০০০+ বিদ্যমান
Priapulida সৰু প্ৰায়াপাছ (Priapus) ১৬
Rhombozoa Lozenge animal Single anteroposterior axial cell surrounded by ciliated cells ৭৫
Rotifera চক্ৰ ধাৰী Rotifers শৰীৰৰ অগ্ৰাংশত চিলিয়াৰ মুকুটৰ দৰে চক্ৰ থাকে প্ৰায় ২,০০০
Sipuncula সৰু নলী Peanut worms মুখখন ঘুৰাবপৰা টেণ্টাকুলে (tentacle) ঘেৰি থাকে ১৪৪–৩২০
Tardigrada লেহেমীয়া খোজ Water bears দেহ আৰু মূৰ চাৰি ভাগত বিভক্ত ১,০০০+
Xenoturbellida আচৰিত চেপেটা কৃমি চিলিয়াযুক্ত deuterostome
মুঠ: ৩৫ ২০,০০,০০০+

বহিঃসংযোগ সম্পাদনা কৰক