উদ্ভিদ (লেটিন ভাষা:Viridiplantae) জীৱবিজ্ঞানৰ উদ্ভিদজগতৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত। ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয়। সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজেৰে গঠিত কোষবেৰ থাকে আৰু ক্ল'ৰফিলৰ সহায়ত সালোক সংশ্লেষণৰ জৰিয়তে শক্তি আহৰণ কৰে। উদ্ভিদৰ পাতে সেউজীয়া ৰঙটো, সিহঁতৰ ক্লৰপ্লাষ্টত থকা ক্ল'ৰফিল এ আৰু ক্ল'ৰফিল বিৰ পৰা পায়। কিছুমান উদ্ভিদে প্ৰয়োজনীয় ক্ল'ৰফিল উৎপাদন কৰিব নোৱাৰা বা সালোক সংশ্লেষণ কৰিবলৈ অপৰাগ হোৱাৰ বাবে পৰপোষী হৈ জীৱন নিৰ্বাহ কৰে। পৰিবৰ্তিত প্ৰজন্মসমূহত যদিও অযৌন প্ৰজনন দেখা যায়, যৌন প্ৰজনন উদ্ভিদৰ এটা সাধাৰণ বৈশিষ্ট।

উদ্ভিদ
জীৱাশ্ম কাল: প্ৰাৰম্ভিক কেমব্ৰিয়ানৰ পৰা এতিয়ালৈকে, ৫২০–০ নিযুত বছৰ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
সাম্ৰাজ্য: Eukaryota
(অশ্ৰেণীকৃত): Diaphoretickes
(অশ্ৰেণীকৃত): Archaeplastida
ৰাজ্য: Plantae
হেকেল (Haeckel), 1866[1]
সমাৰ্থক
  • Viridiplantae Cavalier-Smith 1981[2]
  • Chlorobionta Jeffrey 1982, emend. Bremer 1985, emend. Lewis and McCourt 2004[3]
  • Chlorobiota Kenrick and Crane 1997[4]
  • Chloroplastida Adl et al., 2005 [5]
  • Phyta Barkley 1939 emend. Holt & Uidica 2007
  • Cormophyta Endlicher, 1836
  • Cormobionta Rothmaler, 1948
  • Euplanta Barkley, 1949
  • Telomobionta Takhtajan, 1964
  • Embryobionta Cronquist et al., 1966
  • Metaphyta Whittaker, 1969

উদ্ভিদৰ প্ৰায় ৩০০–৩১৫ হাজাৰ প্ৰজাতিৰ ভিতৰত, অধিক সংখ্যকেই, প্ৰায় ২৬০–২৯০ হাজাৰেই বীজ উৎপন্ন কৰা উদ্ভিদ। পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ মুঠ আনৱিক অক্সিজেনৰ সৰহ ভাগেই সেউজীয়া উদ্ভিদে উপলব্ধ কৰায়। মানুহৰ প্ৰধান খাদ্য শস্য, ফলমূল আৰু শাক-পাচলি উদ্ভিদৰ পৰাই উৎপন্ন হয়। উদ্ভিদক অলংকাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল আৰু বহু সমাজত ঔষধ আৰু চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰে। উদ্ভিদ সম্পৰ্কে প্ৰণালীবদ্ধ অধ্যয়নক জীৱ বিজ্ঞানৰ এটা শাখা, উদ্ভিদ বিজ্ঞান বুলি কোৱা হয়।

উদ্ভিদৰ উপকাৰিতা

সম্পাদনা কৰক

উদ্ভিদৰ পৰা প্ৰাণীয়ে অক্সিজেন লাভ কৰে। ইয়াৰ উপৰিও তেল, মছলা, আঠা, আচবাব সাজিবলৈ কাঠ, সুগন্ধি, শাক-পাচলি, ফলমূল, ঔষধ, প্ৰসাধন, খাদ্য, ইন্ধন, শস্য-ফচল আদি লাভ কৰিব পাৰি। প্ৰাচীন কালৰ মানুহবোৰে কাঠৰ চকাৰ সহায়তে এখন ঠাইৰ পৰা আন আন এখন ঠাইলৈ বোজা কঢ়িয়াই নিছিল। জীৱজগতৰ বাবে ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্যতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে উদ্ভিদে। চাৰিওফালৰ পৰিৱেশটো মনোমোহা কৰি তোলাত উদ্ভিদৰ গুৰুত্ব লেখত ল'বলগীয়া। উদ্ভিদৰ শিপাই মাটি মজবুত কৰি ৰখাত যথেষ্ট সহায় কৰে। যাৰফলত গৰাখহনীয়া ৰোধ কৰিব পাৰি। ফুলজাতীয় উদ্ভিদবোৰে চৌপাশৰ সুবাস বৃদ্ধি কৰাত অৰিহণা যোগায়। বহু লোকে কাঠৰ ব্যৱসায় কৰি, ফুলৰ নাৰ্ছাৰী বনাই, বহুতে ঔষধি গছ ৰুই আৰ্থিকভাৱে যথেষ্ট লাভান্বিত হৈছে। ঘৰ-দুৱাৰ আৰু আচবাব বনাবলৈ ব্যৱহাৰ হোৱা সামগ্ৰীবোৰৰ ভিতৰত উদ্ভিদ অন্যতম। বাঁহ-বেতৰ শিল্পৰ বাবে উদ্ভিদ হৈছে অন্যতম কেঁচামাল। বহুলোকে চান্দাল গছৰ ব্যৱসায় কৰে।

উদ্ভিদ জগতৰ বিভাগসমূহ

সম্পাদনা কৰক

উদ্ভিদজগতক ১২টা বিভাগত ভাগ কৰা হৈছে।

বিভাগ অৰ্থ সাধাৰণ নাম চাৰিত্ৰিক বৈশিষ্ট
Chlorophyta - শেলাই -
Charophyta - শেলাই -
Anthocerotophyta এন্থ'চেৰছ-সদৃশ উদ্ভিদ শিঙৰ দৰে শিপা শিঙাল স্পৰ'ফাইট, সংবহন তন্ত্ৰ নাই
Bryophyta ব্ৰাইম-সদৃশ উদ্ভিদ, মছ উদ্ভিদ মছ স্থায়ী শাখাহীন স্পৰ'ফাইট, সংবহন তন্ত্ৰ নাই
Marchantiophyta হেপাট'ফাইটা মাৰ্কেনচিয়া-সদৃশ উদ্ভিদ,যকৃৎ উদ্ভিদ যকৃৎ শিপা অস্থায়ী শাখাহীন স্পৰ'ফাইট, সংবহন তন্ত্ৰ নাই
Lycopodiophyta, লাইক'ফাইটা লাইক'পডিয়াম-সদৃশ উদ্ভিদ
লাইকেন
লাইকেন মাইক্ৰ'ফিল পাত, সংবহন তন্ত্ৰ
Pteridophyta টেৰিছ-সদৃশ উদ্ভিদ, ঢেকীয়া ঢেকীয়া প্ৰথেলামাছ গেমেট'ফাইট, সংবহন তন্ত্ৰ
Pinophyta,শংকুধাৰী পাইন-সদৃশ উদ্ভিদ
শংকুধাৰী উদ্ভিদ
সৰল গছ শংকুবীজ থাকে আৰু কাঠ ট্ৰেকিডেৰে গঠিত
Cycadophyta চাইকাছ-সদৃশ উদ্ভিদ, প্লাম-সদৃশ উদ্ভিদ চাইকেডছ বীজ, যৌগিক পত্ৰৰ মুকুট
Ginkgophyta গিংকগ'-সদৃশ উদ্ভিদ গিংকগ', মেইডেনহেয়াৰ ফলহীন বীজ (একমাত্ৰ জীৱিত প্ৰজাতি)
Gnetophyta গ্নেটাম-সদৃশ উদ্ভিদ গ্নেট'ফাইট বীজ আৰু নলীকাযুক্ত কাষ্ঠিক সংবহন তন্ত্ৰ
সপুষ্পক উদ্ভিদ / মেগনলিঅ'ফাইটা /Anthophyta সপুষ্পক উদ্ভিদ সপুষ্পক উদ্ভিদ, এংজিঅ'স্পাৰ্ম ফুল আৰু ফল, নলীকাযুক্ত সংবহন তন্ত্ৰ
মুঠ: ১২

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Haeckel G (1866). Generale Morphologie der Organismen. প্ৰকাশক Berlin: Verlag von Georg Reimer. পৃষ্ঠা. vol.1: i–xxxii, 1–574, pls I–II; vol. 2: i–clx, 1–462, pls I–VIII. 
  2. Cavalier-Smith, Tom (1981). "Eukaryote kingdoms: Seven or nine?". BioSystems খণ্ড 14 (3–4): 461–481. doi:10.1016/0303-2647(81)90050-2. PMID 7337818. 
  3. Lewis, L.A.; McCourt, R.M. (2004). "Green algae and the origin of land plants". American Journal of Botany খণ্ড 91 (10): 1535–1556. doi:10.3732/ajb.91.10.1535. PMID 21652308. 
  4. Kenrick, Paul; Crane, Peter R. (1997). The origin and early diversification of land plants: A cladistic study. প্ৰকাশক Washington, D.C.: Smithsonian Institution Press. ISBN 978-1-56098-730-7. 
  5. Adl, S. M. (2005). "The new higher level classification of eukaryotes with emphasis on the taxonomy of protists". Journal of Eukaryotic Microbiology খণ্ড 52 (5): 399–451. doi:10.1111/j.1550-7408.2005.00053.x. PMID 16248873.