প্ৰাথমিক আৰোপন ত্ৰুটি (ইংৰাজী: fundamental attribution error)ৰ আন দুটা নাম হৈছে সংযুক্তি পক্ষপাতিতা (correspondence bias) আৰু আৰোপন প্ৰভাৱ (attribution effect)৷ সামাজিক মনোবিজ্ঞানত প্ৰাথমিক আৰোপন ত্ৰুটিক একধৰণৰ প্ৰৱণতাৰ জৰিয়তে চিহ্নিত কৰা হয়৷ যাৰ জৰিয়তে মানুহে কোনো ব্যক্তিবিশেষৰ আচৰণৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱা পৰিস্থিতিসৃষ্ট ব্যাখ্যাৰ নিম্নমূল্যায়ন কৰে আৰু স্বভাৱজাত, ব্যক্তিত্ব-জনিত ব্যাখ্যাৰ উচ্চমূল্যাংকন কৰে৷ এই বিশেষ প্ৰৱণতাটোৱে মানুহৰ দ্বাৰা সম্পাদিত হোৱা কামটোৱেই তেওঁলোকৰ প্ৰতিফলন হিচাপে মানি লোৱাৰ প্ৰৱণতাক বুজায় ৷ [1] অৰ্থাৎ, আচৰণবোৰৰ ক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ অতিআৰোপণ আৰু পৰিৱেশ অথবা প্ৰসংগটোৰ প্ৰতি নিম্নআৰোপণ৷

উৎপত্তিস্থল সম্পাদনা কৰক

পৰিভাষাটোৰ জন্ম দিছিল লি ৰছে৷ [2] এই পৰিভাষাটো তেখেতে আগবঢ়াইছিল এডৱাৰ্ড এ. জনছ্ আৰু ভিক্টৰ হেৰিছে ১৯৬৭ চনত সম্পাদন কৰা এটা ধ্ৰুপদী সম্পৰীক্ষাৰ কেইবছৰৰ পাছত৷[3] এখন বিখ্যাত কাকতত ৰছে যুক্তি দৰ্শাইছিল যে, প্ৰাথমিক আৰোপন ত্ৰুটিয়ে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনৰ ধাৰণাটো গঢ় দিয়ে৷ এডৱাৰ্ড জনছে লিখিছিল যে, তেখেতে ৰজৰ পৰিভাষাটোক "অতি উত্তেজিত আৰু কিছুপৰিমাণে বিভ্ৰান্তিকৰ" হিচাপে দেখা পাইছে৷ ইয়াৰ লগতে তেখেতে এইবুলিও কৌতুক কৰিছিল যে: "তদুপৰি, মোৰ খঙো উঠিছে যে, ইয়াৰ বিষয়ে মই প্ৰথমতে ভবা নাছিলোঁ৷[4] ডেনিয়েল গিলবাৰ্টৰ দৰে এচাম মনোবিজ্ঞানীয়ে "correspondence bias" নামৰ পৰিভাষাটোহে প্ৰাথমিক আৰোপন ত্ৰুটিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰি আহিছে৷[4] অইন একাংশ মনোবিজ্ঞানীয়ে যুক্তি দাঙি ধৰিছে যে, প্ৰাথমিক আৰোপন ত্ৰুটি আৰু (correspondence bias) সংযুক্তি পক্ষপাতিতাৰ মাজত সম্বন্ধ আছে যদিও দুয়োটাই ভিন্ন প্ৰপঞ্চ৷ এই প্ৰেক্ষাপটত প্ৰথমটো ধাৰণা দ্বিতীয়বিধৰ বাবে এটা সাধাৰণ ব্যাখ্যা হৈ পৰে৷ [5]

প্ৰাথমিক আৰোপন ত্ৰুটিয়ে বুজাব খোজা এটা আচৰণৰ সৰল উদাহৰণৰ বিষয়ে ক'বলৈ গ'লে এলিছ নামৰ গাড়ীচালকৰ কথা মনলৈ আনিব পাৰি৷ এনে এটা পৰিস্থিতিৰ কল্পনা কৰক, য'ত বব নামৰ মানুহজনে এলিচক যান-জঁটৰ সময়ত অতিক্ৰম কৰি গ'ল৷ তেতিয়া এলিচে ববৰ আচৰণক তেওঁৰ মৌলিক ব্যক্তিত্বৰ লগত সংযোগ কৰিব৷ যেনে-ববে কেৱল নিজৰহে কথা ভাবে, তেওঁ এজন উন্মাদ, তেওঁ এজন অদক্ষ চালক৷ এলিচে সেইটো মুহূৰ্তত ববৰ পৰিস্থিতিগত প্ৰসংগটোৰ বিষয়ে নাভাবে৷ যেনে-ববে বিমানযাত্ৰা হেৰুৱাৰ উপক্ৰম হৈছে, ববৰ পত্নীয়ে চিকিৎসাকেন্দ্ৰত এটি কেঁচুৱাৰ জন্ম দিছে, নাইবা ববৰ জীয়েকজনীয়ে বিদ্যালয়ত অসুবিধাৰ সমুখীন হৈছে৷ কিন্তু এলিছে নিজৰ বেলিকা সদায়েই পৰিস্থিতিগত কাৰণকেই দোষাৰোপ কৰিব আৰু নিজকে ক্ষমাদান কৰিব৷ যেনে-মই মোৰ সাক্ষাৎকাৰৰ বাবে পলম হৈছোঁ, মোৰ পুত্ৰক দন্ত চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে৷ তেনে এক প্ৰেক্ষাপটত এলিছে নিজকে উন্মাদ অথবা 'অইন মানুহক বিব্ৰত কৰি তুলিছোঁ', বা 'মই গাড়ীচালনাত অদক্ষ' ইত্যাদি স্বভাৱগত ত্ৰুটিৰ বিষয়ে নাভাবে৷ [6]

১৯৬৭ চনৰ জনছ আৰু হেৰিছৰ অধ্যয়ন সম্পাদনা কৰক

সংবাদদাতা অনুমান তত্ত্ব (correspondent inference theory)ৰ ওপৰত ভিত্তি কৰি জনছ আৰু হেৰিছে ধাৰণা কৰিছিল যে, মানুহে মুক্তভাৱে বাছনিকৃত আচৰণক অভ্যাসৰ লগত আৰু সুযোগ-নিৰ্দেশিত আচৰণক পৰিস্থিতিৰ লগত আৰোপ কৰিব৷ এই ধাৰণাটোক প্ৰাথমিক আৰোপন ত্ৰুটিয়ে বিভ্ৰান্ত কৰে৷ [3]

এটা বিশেষ পৰীক্ষাত অংশগ্ৰহণকাৰীসকলক (Subjects) ফিডেল কাষ্ট্ৰ' সম্বন্ধীয় প্ৰবন্ধ পঢ়িবলৈ কোৱা হ'ল৷ ইয়াৰ পিছত তেওঁলোকক লেখকসকলৰ কাষ্ট্ৰপন্থী (Pro-Castro Attitude) মনোভাৱক মূল্যাঙ্কন কৰিবলৈ কোৱা হৈছিল৷ যেতিয়া অংশগ্ৰহণকাৰীসকলে বিশ্বাস কৰিছিল যে, লেখকসকলে মুক্তমনেৰে কাষ্ট্ৰ'ৰ সপক্ষে বা বিৰুদ্ধে নিজৰ স্থানসমূহ গ্ৰহণ কৰিছে, তেতিয়া তেওঁলোকে সেইসকলক কাষ্ট্ৰ'ৰ পক্ষৰ অধিক ইতিবাচক মনোভাৱাপন্ন বুলি গণ্য কৰিছিল৷ কিন্তু জনছ্ আৰু হেৰিছৰ ধাৰণাৰ এটা বিপৰীত স্বৰূপহে দেখিবলৈ পোৱা গ'ল তেতিয়া, যেতিয়া অংশগ্ৰহণকাৰীসকলক কোৱা হ'ল যে লেখকৰ স্থিতিসমূহ এটা মুদ্ৰা-প্ৰক্ষেপণৰ জৰিয়তেহে নিৰ্ণয় কৰা হৈছে৷ তেনে একে প্ৰেক্ষাপটতো কাষ্ট্ৰ'ৰ পক্ষত থিয় দিয়া লেখকসকলৰ প্ৰতি অংশগ্ৰহণকাৰীসকলে ইতিবাচক দৃষ্টিভংগী বৰ্তাই ৰাখিল আৰু যাৰ মাত্ৰা কাষ্ট্ৰ'ৰ বিপক্ষত থিয় দিয়া লেখকতকৈ বেছি৷ অন্য এক অৰ্থত, অংশগ্ৰহণকাৰীসকলে লেখকৰ ওপৰত পৰা পৰিস্থিতিৰ সীমাবদ্ধ প্ৰভাৱ সম্পূৰ্ণৰূপে দেখিবলৈ অসমৰ্থ হ'ল৷ তাৰ পৰিণতিস্বৰূপে, তেওঁলোকে লেখকসকলৰ প্ৰতি তৈয়াৰ কৰা আৰোপনক একাশৰীয়া কৰাতো অকৃতকাৰ্য হ'ল৷ তেওঁলোকে লেখকসকলৰ প্ৰতি অধিক আভ্যন্তৰীণ আৰোপন দাখিল কৰিলে৷ [7]

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Bicchieri, Cristina. "Scripts and Schemas". Coursera - Social Norms, Social Change II. https://www.coursera.org/learn/change/lecture/3m1nZ/9-5। আহৰণ কৰা হৈছে: 15 June 2017. 
  2. Ross, L. (1977). "The intuitive psychologist and his shortcomings: Distortions in the attribution process". In Berkowitz, L.. Advances in experimental social psychology. 10. প্ৰকাশক New York: Academic Press. পৃষ্ঠা. 173–220. ISBN 978-0-12-015210-0. 
  3. 3.0 3.1 Jones, E. E.; Harris, V. A. (1967). "The attribution of attitudes". Journal of Experimental Social Psychology খণ্ড 3 (1): 1–24. doi:10.1016/0022-1031(67)90034-0. 
  4. 4.0 4.1 Gilbert, D. T. (1998). "Speeding with Ned: A personal view of the correspondence bias". In Darley, J. M.; Cooper, J.. Attribution and social interaction: The legacy of E. E. Jones. প্ৰকাশক Washington, DC: APA Press. https://web.archive.org/web/20110709090156/http://www.wjh.harvard.edu/~dtg/SpeedingwithNed.pdf. 
  5. Gawronski, Bertram (2004). "Theory-based bias correction in dispositional inference: The fundamental attribution error is dead, long live the correspondence bias". European Review of Social Psychology খণ্ড 15 (1): 183–217. doi:10.1080/10463280440000026. https://www.researchgate.net/publication/235413133. 
  6. "Fundamental Attribution Error". Ethics Unwrapped. McCombs School of Business, The University of Texas at Austin. 2018. http://ethicsunwrapped.utexas.edu/glossary/fundamental-attribution-error. 
  7. McLeod, Dr. Saul (2018). "Fundamental Attribution Error". Simplypsychology. https://www.simplypsychology.org/fundamental-attribution.html। আহৰণ কৰা হৈছে: 3 June 2021.