প্ৰেমনাৰায়ণ দত্ত
প্ৰেমনাৰায়ণ দত্ত (ইংৰাজী: Premnarayan Dutta, ১৮৯৯-১৯৬৫) অসমৰ এগৰাকী ৰহস্য সাহিত্যিক৷ তেখেত পা-ফু ছিৰিজৰ স্ৰষ্টা৷[1] তেখেতে পা-ফু চিৰিজৰ ২১ খন পুথি ৰচনা কৰাৰ উপৰি অন্য ভালেমান পুথি ৰচনা কৰিছিল৷ “মণি-মাণিক প্ৰকাশ’’ নামৰ এক প্ৰকাশন প্ৰতিষ্ঠান গঢ়ি তোলাটো অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত তেখেতৰ অন্য এক বৰঙণি৷
সংক্ষিপ্ত জীৱন-বিৱৰণ
সম্পাদনা কৰকপ্ৰেমনাৰায়ণ দত্তৰ জন্ম হৈছিল ১৮৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত, বজালীৰ ৰতনপুৰ নামে ঠাইৰ এটি কায়স্থ পৰিয়ালত৷[1] পিতৃৰ নাম আছিল, ৰতিৰাম দত্ত আৰু তেওঁ শিক্ষক আছিল৷ স্থানীয়ভাবে তেওঁ ৰতিৰাম পণ্ডিত হিচাপে জনাজাত আছিল৷ ৰতিৰাম দত্তৰ দুগৰাকী পত্নী৷ প্ৰথমা পত্নী পাণিপ্ৰিয়াৰ দুজন ল’ৰা আৰু চাৰিজনী ছোৱালী৷ ল’ৰাদুজন হ’ল ভুবনেশ্বৰ আৰু প্ৰেমনাৰায়ণ আৰু ছোৱালীকেইগৰাকী হ’ল, মাইপ্ৰিয়া, গোলাপী, চন্দ্ৰকান্তি আৰু মোক্ষদা৷ প্ৰেমনাৰায়ণৰ পাঁচ বছৰ বয়সতে মাতৃবিয়োগ ঘটাত ৰতিৰাম দত্তই দ্বিতীয়বাৰ বিবাহ কৰে৷ ৰতিৰাম দত্তৰ দ্বিতীয়গৰাকী পত্নী ৰথেশ্বৰীৰ সাতোটি পুত্ৰ সন্তানৰ এক পুত্ৰ ত্ৰৈলোক্য দত্ত অসমৰ এগৰাকী খ্যাতনামা শিল্পী৷ বাকীকেইগৰাকী হ’ল, দামোদৰ, হৰিহৰ, ভগৱান, অচ্যুত, শ্ৰীশ্যাম আৰু নৰেন্দ্ৰ৷ কন্যা দুগৰাকী ক্ৰমে তিলোত্তমা আৰু উৰ্মিলা৷ আটাইয়ে যৌথ পৰিয়ালৰ ৰূপত বজালীতে আছিল যদিও পিছলৈ ভূৱনেশ্বৰে [[গৌৰীপুৰ] আৰু প্ৰেমনাৰায়ণে গুৱাহাটীত ঘৰ-বাৰী কৰি স্থায়ীভাৱে থাকিবলৈ লয়৷ [2] ১৯৬৫ চনত প্ৰেমনাৰায়ণৰ মৃত্যু হয়৷[3]
শিক্ষা
সম্পাদনা কৰকৰতনপুৰৰ স্থানীয় প্ৰাথমিক বিদ্যালয়তে প্ৰাথমিক শিক্ষা শেষ কৰি প্ৰেমনাৰায়ণে চৌখুটি এম ই স্কুলৰ পৰা প্ৰথম বিভাগত বৃত্তিসহ এম ই পাছ কৰিছিল৷ সেইসময়ত বজালীত মাধ্যমিক বিদ্যালয় নাছিল আৰু এটা বৃহৎ পৰিয়ালৰ ভৰণ-পোষণ কৰি পিতৃ ৰতিৰাম দত্তই প্ৰেমনাৰায়ণক বৰপেটা বা গুৱাহাটীৰ হোষ্টেলত ৰাখি পঢ়ুওৱা সম্ভৱ নাছিল৷ সেয়ে, পঢ়াৰ প্ৰতি অদম্য ইচ্ছাৰে প্ৰেমনাৰায়ণে খুড়াক ড° শম্ভূনাথ দত্তৰ লগত যোগাযোগ কৰি, তেখেতৰ আশ্ৰয়তে থাকি যোৰহাট নৰ্মাল স্কুলত নাম লগায়৷ তাৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰেমনাৰায়ণ ঘৰলৈ উভতি আহে৷[2]
কৰ্মজীৱন
সম্পাদনা কৰকতেওঁ যোৰহাট নৰ্মাল স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ সেই চাকৰি ইস্তফা দি কিছুদিন কৃষিত আত্মনিয়োগ কৰে৷ ইয়াৰ পিছত সেয়া বাদ দি তেওঁ গুৱাহাটীৰ ফাঁচীবজাৰত থকা মাতৃ ভাণ্ডাৰত বিক্ৰেতাৰূপে সোমায়৷ পিছলৈ তেওঁ ’অৰিয়েনটেল ইঞ্চিঅ’ৰেঞ্চ কোম্পানী’ৰ এজেন্ট তথা হোমিঅ’পেথিক চিকিৎসক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰে৷[1] শিক্ষকতাৰ চাকৰিকালত তেখেতৰ বৰ তিক্ত অভিজ্ঞতা হৈছিল৷ এবাৰ কেইদিমানৰ ছূটীত তীৰ্থভ্ৰমণলৈ গৈ উভতি আহোঁতে পলম হ’ল; আৰু তেনে সময়তে প্ৰধান শিক্ষকজন অৱসৰ পোৱাত নিয়ম বহিৰ্ভূতভাৱে প্ৰেমনাৰায়ণতকৈ কনিষ্ঠ এজনক পদোন্নতি দিয়াক লৈ শিক্ষা বিষয়াৰ লগত বাদানুবাদ হয় আৰু তাতেই বিতুষ্ট হৈ তেওঁ শিক্ষকতা পদৰ পৰা ইস্তফা দিয়ে আৰু আগলৈয়ো চৰকাৰী চাকৰি নকৰোঁ বুলি প্ৰতিজ্ঞা কৰে৷ আমৃত্যু তেওঁ এই প্ৰতিজ্ঞা ৰাখিছিল৷ চাকৰি এৰি দি আহি কিছুদিন খেতি-বাতি কৰি তাতো বিশেষ ভৱিষ্যত নেদেখি শেষত ফাঁচী বজাৰৰ “মাতৃ ভাণ্ডাৰ’’ত সহায়কাৰী হিচাপে সোমায়৷ মাতৃ ভাণ্ডাৰৰ গৰাকী আছিল, নবীন চৌধুৰী[2] পিছলৈ মাতৃ ভাণ্ডাৰৰ সৈতে সম্পৰ্ক ছেদ কৰি তেওঁ “অৰিয়েণ্টেল ইন্সিওৰেন্স কোম্পানী’’ নামৰ বীমা কোম্পানীৰ এজেণ্ট হয়৷ লগতে তেওঁ চাহপাতৰ পাইকাৰী ব্যৱসায়ো কিছুদিন কৰিছিল[2] শেষৰ ফালে তেওঁ হ্যেমিওপেথিক চিকিৎসা বিধানো দিছিল৷[4]
সাংসাৰিক জীৱন
সম্পাদনা কৰকপ্ৰেমনাৰায়াণে তেওঁ কাম কৰা ’মাতৃ ভাণ্ডাৰ’ৰ স্বত্বাধিকাৰ নবীন চৌধুৰীৰ কন্যা ইন্দুবালা চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আনুমানিক ১৯২৪ চনত৷ তেতিয়া ইন্দুবালাৰ বয়স আছিল ১২ বছৰ আৰু প্ৰেমনাৰায়ণৰ ২৫ বছৰ৷ বিয়াৰ পিছত কিছুবছৰ ইন্দুক ৰতনপুৰৰ গৃহতে ৰাখিছিল৷ তেওঁলোকৰ দুটি লৰা আৰু চাৰিটি ছোৱালী জন্ম হয়৷ ইন্দুবালা বৰ নিপুণ গৃহিণী আছিল, কিন্তু তেওঁ আছিল বৰ আৱেগপ্ৰৱণ৷ ১৯৪১চনত ইন্দুবালাৰ সলিল সমাধি ঘটে৷ বহুতে তেওঁৰ এই মৃত্যুক আত্মহত্যা বুলিও ক’ব খোজে৷[2] প্ৰেমনাৰায়ণে তেওঁৰ “প্ৰাণৰ পৰশ’’ নামৰ উপন্যাসখনত নিজৰ সাংসাৰিক ঘাট প্ৰতিঘাতকে তুলি ধৰিছিল৷ [2] পত্নীৰ মৃত্যুৰ পিছত তেওঁ অকলেই ল’ৰা-ছোৱালীকেইটি ডাঙৰ-দীঘল কৰিছিল৷ ইন্দুৰ প্ৰতি অগাধ ভালপোৱা আছিল বাবেই তেওঁ দ্বিতীয় বিবাহ কৰোৱা নাছিল৷ প্ৰথম ৰহস্য পুথি “দিন ডকাইত’’ তেওঁ পত্নীৰ নামত উছৰ্গা কৰি লিখিছিল “ইন্দুৰ নামত প্ৰেম’’৷ [5]
সাহিত্যিক অৱদান
সম্পাদনা কৰকপ্ৰেমনাৰায়ণ দত্তই সাহিত্য জগতত প্ৰবেশ কৰে ডিটেকটিভ লেখক ৰূপে৷ তেওঁ ’মণি মাণিক প্ৰকাশ’ নামেৰে এটা প্ৰকাশন গোষ্ঠী সৃষ্টি কৰি ২০ খনৰো অধিক ডিটেকটিভ গ্ৰন্থ প্ৰকাশ কৰিছিল৷ তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে[1] প্ৰেমনাৰায়ণ কেৱল ৰহস্য সাহিত্যিকেই নাছিল৷ হাাস্য-ব্যংগ সাহিত্য, উপন্যাস, নাটক আদি সাহিত্যৰ বিভিন্ন বিভাগত তেওঁ অৱদান মন কৰিবলগীয়া৷ তেওঁৰ সাহিত্য সম্ভাৰ হ’ল:--
গল্প সংকলন:
|
উপন্যাস
|
শিশু উপন্যাস
|
নাটক
|
ৰহস্য গ্ৰন্থ
|
|
|
এইবোৰৰ উপৰি তেওঁ ’ৰহস্য চিৰিজ’ নামে এলানি ৰহস্য সহিত্য আৰম্ভ কৰিছিল৷ হত্যা ৰহস্য আৰু ৰহস্যৰ ৰহঘৰা এই চিৰিজৰে আন দুখন উপন্যাস৷[4]
প্ৰেমনাৰায়ণৰ সাহিত্যত দেশপ্ৰেম
সম্পাদনা কৰককুৰিশতিকাৰ এইগৰাকী সাহিত্যিকে পঢ়ুৱৈ সৃষ্টিৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাইছে৷ পঢ়ুৱৈৰ মনত নীতিবোধ আৰু সমাজৰ মঙ্গলকামী চেতনা আৰু দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাত তেওঁৰ ৰচনাসমূহে অৰিহণা যোগাইছে৷ এই সম্পৰ্কে ড° সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে, “পঞ্চাছৰ এজন উল্লেখযোগ্য লেখক হ’ল প্ৰেমনাৰায়ণ৷ প্ৰায় একুৰি ডিটেক্টিভ কাহিনীৰে চাঞ্চল্যপ্ৰিয় এক শ্ৰেণীৰ পাঠকক আপ্যায়িত কৰি তেওঁ উপন্যাসৰ ক্ষেত্ৰত নামে৷ তেওঁৰ ৰচনাত নৈতিক আদৰ্শ আৰু সামাজিক উন্নয়নৰ চিত্ৰ সঘনে পোৱা যায়৷[3] আন এগৰাকী সাহিত্যিক অতুলচন্দ্ৰ হাজৰিকাৰ মতে, ইখনৰ পিছত সিখনকৈ কেবাখনো একেজাতীয় কিতাপ তেওঁৰ কাপৰ পৰা পালোঁ আৰু মোৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিল, ঠাৱৰকৈ বুজি পালোঁ যে এইজন সাধাৰণ লিখক নহয়৷ মানুহজন দেশপ্ৰেমিক৷ তেওঁৰ পা-ফু- কাহিনীৰ ডকাইতকেইজনো দেশপ্ৰেমিক, অসমপ্ৰেমিক৷ অসমীয়া সাহিত্যৰ এটা চেঁচুকীয়া বিভাগত তেওঁ অনায়াসে এখন গজগজীয়া আসন কৰি ল’লে৷ [3] প্ৰেমনাৰায়ণৰ কিতাপ পঢ়ি জ্ঞানদাভিৰাম বৰুৱাই তেওঁক আৰ্থাৰ ’কনান ডয়েল’ৰ সৈতে অকপটভাবে একেশাৰীতে ৰাখিছে৷ (অসমীয়া, ১৯ মাৰ্চ, ১৯৫৫ চন)[2]
প্ৰতিষ্ঠাৰ সংগ্ৰাম
সম্পাদনা কৰকপ্ৰেমনাৰায়ণ দত্তই সাহিত্যিক হিচাপে প্ৰতিষ্ঠা পাবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল৷ ’লিখিবৰ মন যায় লিখোঁ’- বুলি লিখা পা-ফু চিৰিজৰ প্ৰথম গ্ৰন্থখন প্ৰকাশ হওঁতে সময় লাগিছিল পাঁচ বছৰ৷ এই সম্পৰ্কে তেওঁ দি ডকাইতৰ চমু পাতনিত লিখিছে,
[5]“কিতাপখন লিখিবৰ পাঁচোটা বছৰ পাৰ হৈ যোৱাতো কাগজৰ অভাৱত ই ৰাইজৰ আগত মুখ উলিয়াব পৰা নাছিল৷
হাতে লিখা অৱস্থাতে প্ৰায় পঞ্চাশজনে কিতাপখন আগ্ৰহেৰে পঢ়ি চাই সকলোৱে ইয়াক উৎকৃষ্ট হোৱা বুলি মন্তব্য প্ৰকাশ কৰি প্ৰকাশ কৰিবলৈ উৎসাহ উদ্গনি দিছিল৷.............৷’’
প্ৰকাশকৰ দুৱাৰে দুৱাৰে ঘূৰি বিফল মনোৰথ হৈ প্ৰায়ৰ উভতি অহা লক্ষ্য কৰি চুবুৰীয়া বন্ধু, কটন কলেজৰ অধ্যাপক ড° কালীনাথ শৰ্মাই কিতাপখন ছপোৱাৰ দায়িত্ব লয়৷ শৰ্মাই তৰুণ আগৰৱালাদেৱৰ ’নিউ প্ৰেছ’ত কিতাপখন ছপাই দত্তৰ দ্বাৰাই যিমান পাৰে সিমান বিক্ৰী কৰাৰ ব্যৱস্থা কৰিলে৷ দ্বিতীয়খন কিতাপৰ ক্ষেত্ৰতো একেই পৰিস্থিতি হোৱা ড° কালীনাথ শৰ্মা পুনৰ আগবাঢ়ি আহিল৷ কিন্তু তেওঁ নিজে সকলো কাম কৰিলেও প্ৰকাশকৰ নাম নল’লে৷ তাৰ পিছত তৃতীয়খন কিতাপ প্ৰকাশ কৰাৰ সময়ত নিউ প্ৰেছৰ স্বত্বাধিকাৰ তৰুণ আগৰৱালাই প্ৰেমনাৰায়ণক নিজা প্ৰকাশন প্ৰতিষ্ঠান খোলাৰ পৰামৰ্শ দিয়ে আৰু কিতাপ ছপাই দিয়াৰ দায়িত্ব লয়৷ সেইমতে, ১৯৫০ চনত প্ৰেমনাৰায়ণৰ বাসগৃহতে ‘মণি-মাণিক প্ৰকাশ’ নামৰ প্ৰতিষ্ঠানটোৰ জন্ম হয়৷[2]
’পা-ফু’ৰ গীত
সম্পাদনা কৰকডিটেকক্টিভ সাহিত্য ’পা-ফু’ চিৰিজৰ পুথিকেইখনৰ নামেৰে এটি জনপ্ৰিয় গীত ৰচনা কৰা হৈছিল৷ পা-ফু চিৰিজপ্ৰেমীৰ মুখে মুখে এসময়ত আছিল এই গীতটো৷
“ধৰ ধৰ দিন ডকাইত
মাৰ মাৰ ৰাকটাঙোন
প্ৰহেলিকা বিভীষিকা সোণৰ পাহাৰ এৰি
ধৰ ধৰ - - - -
কৰি দৰ্পচূৰ্ণ
বিপ্লৱী বাহিনীৰ
দে শক্তিশেল মাৰ মাধমাৰ
হৈ ৰূপান্তৰ অদৃশ্য সন্ধানত
ধৰ ধৰ - - - -
চিপজৰী সমসৰী
অজান আততায়ী
দে সকলোৰে প্ৰতিঘাত
ছায়াবাজী কৰি
বিপৰ্য্যয় এৰি
পাষণ্ড মৰ্দ্দনত লাগ
ধৰ ধৰ- - - -
লাগিলে লাগক জোঁটপোট
নহ’বি হেৰ’ তই সোতমোট
বাজীকৰ হৈ জাগৰণ আনি
গৈ থাক আগুৱাই
ধৰ ধৰ - - - -[6]
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 প্ৰমোদ বৰা (১৬ জুলাই, ২০১৭). ৰহস্য সাহিত্যিক প্ৰেমনাৰায়ণ দত্ত. প্ৰান্তিক. পৃষ্ঠা. ৩৪.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 নগেন দত্ত. প্ৰেমনাৰায়ণ দত্ত, (জীৱন বলয়ৰ পৰিবৃত্ত). মণি-মানিক প্ৰকাশ. পৃষ্ঠা. ২৯, ৩৩, ৩৭, ৩৯, ৩৭, ৩৯, ৩৭,৩৭, ৪৬.
- ↑ 3.0 3.1 3.2 দেৱচৌধুৰী, ফণীন্দ্ৰ কুমাৰ (১৯৯৯). এশ বছৰৰ অসমীয়া গদ্য সাহিত্য. শিল্পীঘৰ. পৃষ্ঠা. ১৪৭.
- ↑ 4.0 4.1 বৰ্মন, শিৱনাথ (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৪৪.
- ↑ 5.0 5.1 প্ৰেমনাৰায়ণ (২০১৯). দিন ডকাইত. মণি মাণিক প্ৰকাশ. পৃষ্ঠা. আগকথা.
- ↑ ৰাম-টাঙোন, প্ৰেমনাৰায়ণ, প্ৰকাশক: অনুপম দত্ত,মণি-মাণিক প্ৰকাশ, ২০১৯