পৰী হিলৈদাৰী

এগৰাকী অসমীয়া সাহিত্যিক তথা শিক্ষাবিদ

পৰী হিলৈদাৰী (ইংৰাজী: Pori Hiloidari; ) হৈছে এগৰাকী অসমীয়া সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা।[1] তেখেতে তেওঁৰ অনুবাদ গ্ৰন্থ দাঁতি পাৰৰ মানুহৰ বাবে ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে।[2] এই উপন্যাসখন অৰুণাচলৰ লেখিকা মামাং দাইৰ ইংৰাজী উপন্যাস "The Legends of Pensam"ৰ অসমীয়া অনুবাদ।[3] দাঁতি পাৰৰ মানুহ উপন্যাসখন ২০১৫ চনত প্ৰকাশিত হৈছিল।[4]

পৰী হিলৈদাৰী
জন্ম কমাৰবন্ধা, গোলাঘাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা স্নাতকোত্তৰ, ডক্টৰেট
শিক্ষানুষ্ঠান কটন কলেজ
দিল্লী বিশ্ববিদ্যালয়
পেচা সহিত্যিক, শিক্ষাবিদ,
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি অনুবাদ বঁটা (২০২১)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

তেখেতৰ জন্মস্থান গোলাঘাট জিলাৰ কমাৰবন্ধা। কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি উত্তীৰ্ণ হয়।[5] পৰৱৰ্তী শিক্ষাৰ বাবে তেওঁ কটন কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে।[1] কটন কলেজৰ পৰা তেওঁ ইংৰাজী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে। হিলৈদাৰীয়ে ড° গোৱিন্দ প্ৰসাদ শৰ্মাৰ তত্ত্বাৱধানত গৱেষণা কৰি ২০০২ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।[5] সন্দিকৈ মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা হিলৈদাৰী সম্প্ৰতি গুৱাহাটীৰ খানাপাৰাৰ বাসিন্দা।

সাহিত্য সম্পাদনা কৰক

সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্ৰাপ্ত গ্ৰন্থ দাঁতি পাৰৰ মানুহকে ধৰি তেওঁৰ দুখন অনুবাদ গ্ৰন্থ, তিনিখন সম্পাদিত গ্ৰন্থ আৰু লক্ষ্মীনন্দন বৰাৰ সাহিত্য কৃতিক লৈ ইংৰাজী ভাষাত এখন গ্ৰন্থ প্ৰকাশ পাইছে।[5] ইংৰাজী ভাষাত তেওঁ অসমীয়া উপন্যাসক বিষয়বস্তু হিচাপে লৈ লিখা ১৩টা প্ৰবন্ধৰ এটা সংকলন প্ৰকাশৰ পথত। হিলৈদাৰীয়ে নিজকে সাহিত্য সমালোচকৰূপে চিনাকি দি বেছি ভাল পায়।[5] গ্ৰন্থ অনুবাদ সম্পৰ্কে হিলৈদাৰীয়ে ‘দৈনিক অসম' বাতৰি কাকতৰ এক সাক্ষাৎকাৰত কয়—

"অনুবাদ মই আনৰ আগ্ৰহত কৰিবলৈ লৈছিলোঁ। এইটো কাম কৰিও মই আনন্দ লভোঁ। এতিয়াৰপৰা বেছি গভীৰভাৱে অনুবাদত জড়িত হ'ম।" [5]

প্ৰকাশিত গ্ৰন্থ সম্ভাৰ

অনূদিত গ্ৰন্থ

  • তৰুণ গগৈ ঃ এজন স্পষ্ট ৰাজনীতিকৰ নেপথ্য কাহিনী (২০১২)
  • মামঙ দাইৰ উপন্যাস The Legends of Pensam -ৰ অসমীয়া অনুবাদ ‘দাঁতিপাৰৰ মানুহ’ (২০১৫)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "PoriHiloidari". সন্দিকৈ ছোৱালী মহাবিদ্যালয়. https://www.hgcollege.edu.in/porihiloidari/। আহৰণ কৰা হৈছে: 24 June 2022. [সংযোগবিহীন উৎস]
  2. "Pori Hiloidari Receives Sahitya Akademi Prize for Translation 2021". প্ৰতিদিন Time. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/pori-hiloidari-receives-sahitya-akademi-prize-for-translation-2021। আহৰণ কৰা হৈছে: 24 June 2022. 
  3. "পৰী হিলৈদাৰীলৈ সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য বঁটা". etvbharat.com. 24 June 2022. https://www.etvbharat.com/assamese/assam/city/guwahati/sahitya-akademi-award-to-pori-hiloidari/assam20220624223441814814134। আহৰণ কৰা হৈছে: 25 June 2022. 
  4. "পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা". assam.nenow.in. 24 June 2022. https://assam.nenow.in/2021-sahitya-akademi-prize-for-translation-to-pori-hiloidari/। আহৰণ কৰা হৈছে: 25 June 2022. 
  5. 5.0 5.1 5.2 5.3 5.4 "পৰি হিলৈদাৰী, সঞ্জীৱ উপাধ্যায়". দৈনিক অসম, Assam Tribune. 25 June 2022. পৃষ্ঠাসমূহ: 6. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2022/06/25/dainik-asam/4027/epaper-page-6?infinitescroll=1। আহৰণ কৰা হৈছে: 26 June 2022.