কটন বিশ্ববিদ্যালয়
কটন বিশ্ববিদ্যালয় (ইংৰাজী: Cotton University; পূৰ্বতে কটন কলেজ বুলি জনাজাত) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ'ল।
কটন বিশ্ববিদ্যালয় | |
---|---|
![]() | |
মূলমন্ত্ৰ | অপ্ৰমত্তেন বেদ্ধ্য়ৱ্য়ম্ |
স্থাপিত | ১৯০১
(কটন কলেজ) ২০১১ (কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়) ২০১৭ (কটন বিশ্ববিদ্যালয়) |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী |
স্থান | গুৱাহাটী, অসম,, ভাৰত 26°11′12″N 91°44′51″E / 26.1868°N 91.7476°Eস্থানাংক: 26°11′12″N 91°44′51″E / 26.1868°N 91.7476°E |
ৱেবছাইট | cottonuniversity |
২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ল।[1]
কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।
ইতিহাসসম্পাদনা কৰক
ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটন, কে.চি.এছ.আই-এ ১৯০১ চনৰ ২৭ মে'ৰ দিনা কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল। প্ৰদেশখনৰ উচ্চ শিক্ষালৈ হেনৰী ষ্টেডমেন কটনে আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে তেখেতৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম কটন কলেজ ৰখা হৈছিল। অধ্যক্ষ উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছনকে ধৰি পাঁচ অধ্যাপকেৰে কটন কলেজৰ শিক্ষাদান আৰম্ভ হৈছিল। আৰম্ভণি বৰ্ষত এফ.এ. প্ৰথম বৰ্ষ শ্ৰেণীত ৩৭ জন আৰু এফ.এ. দ্বিতীয় বৰ্ষ শ্ৰেণীত ২জন, মুঠ ৩৯ জন ছাত্ৰই নামভৰ্তি কৰিছিল। ১৯৯২ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ উপস্থিতিত হোৱা এক অনুষ্ঠানত কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়। ২০০১ চনৰ ২৭ মে'ৰপৰা ২০০২ চনৰ ২৬ মে'লৈ এবছৰীয়া কাৰ্যসূচীৰে কটন কলেজে শতবৰ্ষ উদ্যাপন কৰে। ভাৰতৰ তদানীন্তন উপৰাষ্ট্ৰপতি কৃষ্ণ কান্তেশতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লয়। শতবৰ্ষ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতীয় ডাক বিভাগে ২০০২ চনত শতবৰ্ষৰ স্মৰণিকা হিচাপে ৪ টকাৰ বিশেষ ডাক টিকট প্ৰচলন কৰে।
কটন কলেজত বৰ্তমান কলা, বিজ্ঞান আৰু সমাজ বিজ্ঞান শাখাৰ মুঠ ২১টা প্ৰাক-স্নাতক বিভাগ আৰু ২০টা স্নাতকোত্তৰ বিভাগত মুঠ প্ৰায় ৫০০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২৪৪ জন শিক্ষক আছে।
কটন কলেজ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰো কেন্দ্ৰ আছিল।
অৱস্থান আৰু পৰিবহণসম্পাদনা কৰক
গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বিশ্ববিদ্যালয় চৌহদলৈ প্ৰায় ২৫ কিঃমিঃ। গুৱাহাটী ৰেলৱে ষ্টেছনৰ পৰা কটন কলেজলৈ দূৰত্ব প্ৰায় ১ কিঃমিঃ[2]।
অধ্যক্ষৰ তালিকাসম্পাদনা কৰক
১৯০১ চনৰপৰা ২০১২ চনলৈকে মুঠ ৫১ জন অধ্যক্ষই কাৰ্যভাৰ গ্ৰহণ কৰিছে[3]।
|
|
মূল্যাংকনসম্পাদনা কৰক
২০১১ চনৰ ৮ জানুৱাৰীত কটন কলেজে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (NAAC) -ৰ পৰা ৪ৰ ভিতৰত ৩.৩৯ CGPA লাভ কৰি A গ্ৰেড লাভ কৰে।
শিক্ষাসম্পাদনা কৰক
উচ্চতৰ মাধ্যমিকসম্পাদনা কৰক
কলা আৰু বিজ্ঞান বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।
স্নাতকসম্পাদনা কৰক
কলা আৰু বিজ্ঞান শাখাত ৩ বছৰীয়া স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।
স্নাতকোত্তৰসম্পাদনা কৰক
কলা আৰু বিজ্ঞান শাখাত ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। নামভৰ্তিৰ বাবে কেন্দ্ৰীয়ভাৱে এক প্ৰৱেশ পৰীক্ষা (CPGEE) অনুষ্ঠিত হয়। প্ৰৱেশ পৰীক্ষাৰ আবেদনসমূহ এপ্ৰিল/মে' মাহত অনলাইন পদ্ধতিৰে গ্ৰহণ কৰা হয়। নামভৰ্ত্তিৰ বিজ্ঞাপন বিশ্ববিদ্যালয়ৰ ৱেবচাইট অথবা ৰাষ্ট্ৰীয়/স্থানীয় বাতৰিকাকতত প্ৰকাশিত হয়।
ডক্টৰেটসম্পাদনা কৰক
কটন বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰম (পি এইচ ডি)ত নামভৰ্ত্তিৰ বাবে লিখিত প্ৰৱেশ পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক (অৱশ্যে জে-আৰ-এফ/নেট/শ্লেট ইত্যাদি অৰ্হতা থকা প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ পৰা ৰেহাই দিয়া হয়)। অনলাইন পদ্ধতিৰে জুন/জুলাই মাহত আৱেদনসমূহ গ্ৰহণ কৰা হয়। নামভৰ্ত্তিৰ বাবে ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ শেহতীয়া নিয়মাৱলীসমূহ কাৰ্যকৰী কৰা হৈছে।
কম্পিউটাৰ বিজ্ঞানৰ স্নাতকসম্পাদনা কৰক
কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধীনত ৩ বছৰীয়া কম্পিউটাৰ বিজ্ঞানৰ স্নাতক Bachelor of Computer Applications (BCA) ডিগ্ৰী প্ৰদান কৰা হয়।
ছাত্ৰাবাসসম্পাদনা কৰক
নাম | স্থাপন | আসন | কোঠালি |
---|---|---|---|
কৃষ্ণকান্ত সন্দিকৈ স্নাতকোত্তৰ ছাত্ৰাবাস | ১৯০১ | ৭৫ | ২২ |
শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস | ১৯০২ | ৬৪ | ২০ |
ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাস | ১৯১০ | ৮৫ | ৩০ |
শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস | ১৯১৩ | ৯৩ | ৩৩ |
আনন্দৰাম বৰুৱা ছাত্ৰাবাস | ১৯১৩ | ৯৯ | ৩৩ |
সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাস | ১৯২৯ | ৯০ | ২৫ |
মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাস | ১৯৫৫ | ১১০ | ২৮ |
পদ্মশ্ৰী নলিনীবালা দেৱী ছাত্ৰীবাস | ১৯৫০ | ১১২ | ২৫ |
শ্বহীদ কনকলতা ছাত্ৰীবাস | ১৯৭১ | ১০৫ | ২১ |
ড॰ কমলা ৰয় ছাত্ৰীবাস[4] | ২০০১ | ৬০ | ২৫ |
উল্লেখনীয় প্ৰাক্তন ছাত্ৰছাত্ৰীসকলসম্পাদনা কৰক
- ভবেন্দ্ৰ নাথ শইকীয়া
- কপিল বৰা
- হোমেন বৰগোহাঞি
- ৰীতা চৌধুৰী
- মামণি ৰয়ছম গোস্বামী
- ভূপেন হাজৰিকা
- অৰূপা পটংগীয়া কলিতা
- গৌৰীশংকৰ কলিতা
- অনুৰাধা শৰ্মা পূজাৰী
- শৰৎ চন্দ্ৰ সিংহ
- জেৰিফা ৱাহিদ
- অম্বিকাচৰণ চৌধুৰী
- হীৰেন গোহাঁই
- নীলমণি ফুকন
- গোপীনাথ বৰদলৈ
- চাৰ চৈয়দ চাদুল্লা
- মহেন্দ্ৰ মোহন চৌধুৰী
- শৰত চন্দ্ৰ সিংহ
- ভূমিধৰ বৰ্মন
- পৰাগ কুমাৰ দাস
- হিমন্ত বিশ্ব শৰ্মা
বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহসম্পাদনা কৰক
ভাষা, সাহিত্য আৰু ভাষাতত্ত্ব অনুষদসম্পাদনা কৰক
- অসমীয়া বিভাগ
- বড়ো বিভাগ
- ইংৰাজী বিভাগ
- বাংলা বিভাগ
- হিন্দী বিভাগ
- ইছলামিক অধ্যয়ন (পাৰ্ছী আৰু আৰৱী)
- সংস্কৃত বিভাগ
মানৱবিদ্যা আৰু সমাজবিজ্ঞান অনুষদসম্পাদনা কৰক
- অৰ্থনীতি বিভাগ
- শিক্ষাতত্ত্ব বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- সমাজতত্ত্ব বিভাগ
- দৰ্শন বিভাগ
- পুৰাতত্ত্ব বিভাগ
- মনোবিজ্ঞান বিভাগ
- নৃতত্ত্ব বিভাগ
- গনসংযোগ, সাংবাদিকতা আৰু মাধ্যম অধ্যয়ন বিভাগ
- গ্ৰন্থাগাৰ বিজ্ঞান বিভাগ
পদাৰ্থ, ৰসায়ন আৰু গাণিতিক বিজ্ঞান অনুষদসম্পাদনা কৰক
- ৰসায়ন-বিজ্ঞান বিভাগ
- গণিত বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- পৰিসংখ্যা বিভাগ
- কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগ
ভূমি বিজ্ঞান অনুষদসম্পাদনা কৰক
- ভূগোল বিভাগ
- ভূতত্ত্ব বিজ্ঞান বিভাগ
জীৱ বিজ্ঞান অনুষদসম্পাদনা কৰক
- আণৱিক জীৱবিজ্ঞান আৰু জৈৱপ্ৰযুক্তি বিভাগ
- উদ্ভিদ বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- পাৰিপাৰ্শ্বিক জীৱবিজ্ঞান আৰু বন্য বিজ্ঞান বিভাগ
অধ্যয়ন কেন্দ্ৰসম্পাদনা কৰক
- মহিলা অধ্যয়ন কেন্দ্ৰ
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Cotton College state university act 2017". Assam govt.in. https://legislative.assam.gov.in/sites/default/files/swf_utility_folder/departments/legislative_medhassu_in_oid_3/menu/document/The%20Cotton%20College%20State%20University%20Act%2C%202011.pdf। আহৰণ কৰা হৈছে: 15.05.2023.
- ↑ "কটন কলেজৰ অৱস্থান আৰু পৰিবহণ". Cotton College. ২০১২. http://www.cottoncollege.org.in/index_page.asp?slno=10। আহৰণ কৰা হৈছে: August 29, 2012.
- ↑ "Principals of Cotton College". cottoncollege.org.in. http://www.cottoncollege.org.in/index_page.asp?slno=13। আহৰণ কৰা হৈছে: 22 March 2012.
- ↑ "কটন কলেজৰ ছাত্ৰাবাস". Cotton College. ২০১২. http://www.cottoncollege.org.in/index_page.asp?slno=50। আহৰণ কৰা হৈছে: August 29, 2012.