ফণী তালুকদাৰ
সংবাদসেৱী, প্ৰবন্ধকাৰ, সাহিত্যিক, নাট্যকাৰ, অনুবাদক আৰু চলচ্চিত্ৰ পৰিচালক
ফণী তালুকদাৰ (ইংৰাজী: Phani Talukdar) অসমৰ এগৰাকী বিষয়া, সংবাদসেৱী, প্ৰবন্ধকাৰ, সাহিত্যিক, নাট্যকাৰ, অনুবাদক আৰু চলচ্চিত্ৰ পৰিচালক আছিল।
ফণী তালুকদাৰ | |
---|---|
জন্ম | অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম
সম্পাদনা কৰক১৯২১ চনত বৰপেটা জিলাত তেওঁৰ জন্ম হয়।[1]
শিক্ষা
সম্পাদনা কৰক১৯৩৭ চনত বৰপেটাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা স্নাতক আৰু লক্ষণৌ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]
চাকৰি জীৱন
সম্পাদনা কৰকতেওঁ শ্বিলং- গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ কাৰ্য্যবাহী ৰূপে কৰ্মজীৱনৰ পাতনি মেলি ১৯৬৫ এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰি দৈনিক অসমৰ সহকাৰী সম্পাদক আৰু অসম বাণী, অগ্ৰদূত, নৱগ্ৰহ আদি কাকতৰ সম্পাদক আৰু সাপ্তাহিক সময়ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3]
সাহিত্যৰাজি
সম্পাদনা কৰকপ্ৰকাশিত গ্ৰন্থ:
- আলোকৰ যাত্ৰী
- পৃথিৱীৰ প্ৰেম
- প্ৰমথেশ বৰুৱা
- অসম্পূৰ্ণ প্ৰথম ৰজা
- অঘৰী অৱতাৰ
বঁটা আৰু সন্মান
সম্পাদনা কৰক- সাহিত্য অকাডেমী বঁটা
- জ্যোতি চিত্ৰবন ৰ অধ্যক্ষ
- অসম নাট্য সন্মিলনৰ সভাপতি।[4]
মৃত্যু
সম্পাদনা কৰকতেওঁ ১৯৯৮ চনত মৃত্যু হয়।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মেৰুৰ(সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯
- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মছৰুৰ (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯
- ↑ অসমৰ লেখক পৰিচয়,ৰাবিব মছৰুৰ (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ ২০১৯
- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মছৰুৰ (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯