ফাল্গুনী নায়াৰ (ইংৰাজী: Falguni Nayar; জন্ম:১৯ ফেব্ৰুৱাৰী,১৯৬৩) এগৰাকী ভাৰতীয় কোটিপতি ব্যৱসায়ী।[2][3] তেওঁ নাইকা নামৰ সৌন্দৰ্য আৰু জীৱনশৈলী নিৰ্মাতা খুচুৰা বিক্ৰেতা কোম্পানীটোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।[4][5] নায়াৰ আছিল নিজক নিজে প্ৰতিষ্ঠা কৰা দুগৰাকী ভাৰতীয় মহিলা ধনকুবেৰৰ এগৰাকী। নাইকা ৰাজহুৱা হোৱাৰ পিছতে, নায়াৰ আটাইতকৈ ধনী মহিলা ভাৰতীয় কোটিপতি হৈ পৰে, যাৰ মুঠ মূল্য ছয় দশমিক পাঁচ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়, আৰু ভাৰতৰ শীৰ্ষ বিশ জন ধনী ব্যক্তিৰ তালিকাত তেওঁ স্থান লাভ কৰে।

ফাল্গুনী নায়াৰ
জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৬৩ (৬১ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা এম বি এ, ফাইনেন্স
শিক্ষানুষ্ঠান
  • চাইডেনহাম কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্স, মুম্বাই
  • ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদ
পেচা নাইকাৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া
সক্ৰিয় হৈ থকা সময় ১৯৬৩ৰ পৰা বৰ্তমানলৈ
দাম্পত্যসঙ্গী সঞ্জয় নায়াৰ (বি. ২০২৪)
সন্তান

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

মুম্বাই নিবাসী এটা গুজৰাটী পৰিয়ালত ফাল্গুনী নায়াৰে জন্ম গ্ৰহণ কৰিছিল আৰু মহাৰাষ্ট্ৰতে তেওঁ ডাঙৰ-দীঘল হৈছিল।[6][7] তেওঁ চাইডেনহাম কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্স, মুম্বাইৰ পৰা স্নাতক আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।[8]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৯৩ চনৰ পৰা মুঠ ঊনৈছ বছৰ নায়াৰে কটক মহিন্দ্ৰ বেংকত কাম কৰিছিল। ২০০৯ চনত তেওঁ বেংকৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হয় আৰু ২০১১ চন মানৰ পৰা ফাল্গুনীৰ মনত নিজাকৈ কিবা এটা কৰাৰ সপোনে পোখা মেলে।[9] তেওঁৰ সৌন্দৰ্য খণ্ডত নিজাকৈ এটা মাল্টি বেণ্ড খুচুৰা বিক্ৰীৰ কোম্পানী আৰম্ভ কৰাৰ কথা ভাবে আৰু বেংকৰ চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি লয়।[10][11]

২০১২ চনত, নাইকা আৰম্ভ কৰাৰ সময়ত ফাল্গুনী নায়াৰৰ বয়স আছিল ৪৯ বছৰ।[9][12] দেউতাকৰ সৰু অফিচ কোঠাৰপৰা মাত্ৰ তিনিজন কৰ্মচাৰীৰে নাইকাৰ প্ৰথম কাম-কাজ আৰম্ভ হৈছিল।[9] সম্পূৰ্ণ ২ নিযুত ডলাৰ নিজা মূলধনেৰে ফাল্গুনীয়ে নাইকা প্ৰতিষ্ঠা কৰিছিল।[13] ২০২১ চনলৈকে নাইকাৰ মূল্য আছিল ২.৩ বিলিয়ন ডলাৰ যাৰ ফলত নায়াৰৰ সম্পত্তি আনুমানিক ১.১ বিলিয়ন ডলাৰ লৈ আহিছিল। নায়াৰ হৈছে দুগৰাকী স্ব-নিৰ্মিত মহিলা ভাৰতীয় বিলিয়নেয়াৰৰ ভিতৰত এগৰাকী, আনগৰাকী ধনকুবেৰ হৈছে কিৰণ মজুমদাৰ-শ্ব।[14][15] নাইকাই ২০২১ চনৰ ১০ নৱেম্বৰৰ ভিতৰত তেৰ বিলিয়ন ডলাৰ অৰ্জন কৰে আৰু লগে লগে নায়াৰ ভাৰতৰ আটাইতকৈ ধনী স্ব-নিৰ্মিত মহিলা হিচাপে পৰিগণিত হয় আৰু এতিয়া ভাৰতৰ শীৰ্ষ বিশ জন ধনী ব্যক্তিৰ তালিকাত তেওঁ স্থান লাভ কৰিছে।[13][16]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ফাল্গুনী গুজৰাটী বংশোদ্ভৱ, কিন্তু তেওঁ জন্ম আৰু ডাঙৰ-দীঘল হৈছে মুম্বাইত। তেওঁৰ দেউতাকো এগৰাকী ব্যৱসায়ী, যি ফাল্গুনীৰ মাকৰ সহযোগত এটি সৰু বিয়েৰিং কোম্পানী চলায়।[7] ১৯৮৭ত তেওঁ সঞ্জয় নায়াৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। আহমেদাবাদত পঢ়ি থাকোঁতে সঞ্জয়ৰ সৈতে তেওঁৰ প্ৰথম দেখা।[17][18][7] তেওঁলোকৰ সন্তানদ্বয়ৰ নাম হৈছে আদ্বেতা নায়াৰ আৰু অঞ্চিত নায়াৰ।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Bio". Leaderbiography.com. 26 July 2018. https://www.leaderbiography.com/falguni-nayar/। আহৰণ কৰা হৈছে: 30 April 2021. 
  2. "Nykaa clocks Rs 214 cr revenue in 2016-17" (en-US ভাষাত). The Financial Express. 2017-06-08. https://www.financialexpress.com/industry/nykaa-clocks-rs-214-cr-revenue-in-2016-17/708190/। আহৰণ কৰা হৈছে: 2021-04-16. 
  3. Bhandari, Shashwat (2020-03-08). "International Women's Day: Top 5 women ruling world of business" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/business/news-international-womens-day-top-5-women-ruling-world-of-business-596255। আহৰণ কৰা হৈছে: 2021-04-16. 
  4. Suneera Tandon, qz com. "How online retailer Nykaa became the byword for top-end beauty products in India" (en-US ভাষাত). Scroll.in. https://scroll.in/article/853963/how-online-retailer-nykaa-became-the-byword-for-top-end-beauty-products-in-india। আহৰণ কৰা হৈছে: 2021-04-16. 
  5. An; J; Jun 27, Shalina Pillai | TNN |; 2017; Ist, 15:52. "For any business, the first year is a honeymoon period: Nykaa founder Falguni Nayar - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/people/for-any-business-the-first-year-is-a-honeymoon-period/articleshow/59335984.cms। আহৰণ কৰা হৈছে: 2021-04-16. 
  6. "Success story of Falguni Nayar – Glow & Lovely Careers" (en-US ভাষাত). https://www.glowandlovelycareers.in/blog/beautyful-success-story-falguni-nayar-ceo-nykaa-78। আহৰণ কৰা হৈছে: 2021-10-11. 
  7. 7.0 7.1 7.2 Kapur, Mallika (2017-03-24). "Falguni Nayar: The beauty entrepreneur" (en ভাষাত). mint. https://www.livemint.com/Leisure/EMOmjllb5hPv8Se8T62ZaK/Falguni-Nayar-The-beauty-entrepreneur.html। আহৰণ কৰা হৈছে: 2021-11-10. 
  8. Kapur, Mallika (2017-03-24). "Falguni Nayar: The beauty entrepreneur" (en ভাষাত). mint. https://www.livemint.com/Leisure/EMOmjllb5hPv8Se8T62ZaK/Falguni-Nayar-The-beauty-entrepreneur.html। আহৰণ কৰা হৈছে: 2021-04-16. 
  9. 9.0 9.1 9.2 "Entrepreneur at 49, billionaire at 58: How Falguni Nayar built success with Nykaa". https://www.forbesindia.com/.+Nov 30, 2021. https://www.forbesindia.com/article/take-one-big-story-of-the-day/entrepreneur-at-49-billionaire-at-58-how-falguni-nayar-built-success-with-nykaa/71887/1। আহৰণ কৰা হৈছে: 21 February 2022. 
  10. "Giving advice on beauty is best way to sell beauty products, says Falguni Nayar, Nykaa-Business News , Firstpost". Firstpost. 2015-11-06. https://www.firstpost.com/business/giving-advice-on-beauty-is-best-way-to-sell-beauty-products-says-falguni-nayar-nykaa-2497818.html। আহৰণ কৰা হৈছে: 2021-07-02. 
  11. Kazi, Zainab S. (2016-11-02). "E-beauty space leader Nykaa to open 30 stores by 2020" (en-US ভাষাত). Indiaretailing.com. https://www.indiaretailing.com/2016/11/02/beauty-and-wellness/e-beauty-space-leader-nykaa-to-open-30-stores-by-2020/। আহৰণ কৰা হৈছে: 2021-07-02. 
  12. "Get A Glimpse Into The Mind Of Falguni Nayar, The Woman Behind The Force That Is Nykaa" (en-IN ভাষাত). iDiva. 2017-03-08. https://www.idiva.com/career/advice/get-a-glimpse-into-the-mind-of-falguni-nayar-the-woman-behind-the-force-that-is-nykaa/17030893। আহৰণ কৰা হৈছে: 2021-04-16. 
  13. 13.0 13.1 Raghunathan, Anu. "Beauty Retailer Nykaa Lists At $13 Billion, Making Founder Falguni Nayar India's Richest Self-Made Woman" (en ভাষাত). Forbes. https://www.forbes.com/sites/anuraghunathan/2021/11/10/beauty-retailer-nykaa-lists-at-13-billion-making-founder-falguni-nayar-indias-richest-self-made-woman/। আহৰণ কৰা হৈছে: 2021-11-10. 
  14. "Nykaa owner billionaire Falguni Nayar is all set to triple her net worth to an estimated Rs 28,000 crore" (en-IN ভাষাত). GQ India. 2021-10-28. https://www.gqindia.com/get-smart/content/nykaa-owner-net-worth-billionaire-falguna-nayar-is-all-triple-her-net-worth-to-an-estimated-rs-28000-crore। আহৰণ কৰা হৈছে: 2021-11-08. 
  15. "Nykaa founder Falguni Nayar's beauty startup jolts her into the ranks of the world's richest". Bizz Buzz News. 10 November 2021. https://www.bizzbuzz.news/markets/falguni-nayars-beauty-startup-jolts-her-into-the-ranks-of-the-worlds-richest-1070329. 
  16. Singh, Tushar Deep. "Who is Falguni Nayar, India's richest self-made woman?". The Economic Times. https://economictimes.indiatimes.com/tech/startups/who-is-falguni-nayar-indias-richest-self-made-woman/articleshow/87629451.cms. 
  17. Chowdhry, Tamal Bandyopadhyay and Seema (2008-02-09). "The power of 2" (en ভাষাত). mint. https://www.livemint.com/Leisure/2wSP9oZ1d0GogZz8eGPDyL/The-power-of-2.html। আহৰণ কৰা হৈছে: 2021-07-02. 
  18. crazibrains. "Falguni Nayar: The Woman Behind Nykaa". thenewsmen. https://thenewsmen.co.in/high%20flyers/falguni-nayar-the-woman-behind-nykaa/27432। আহৰণ কৰা হৈছে: 2021-07-02.