বক ফুল
বক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati grandiflora; ইংৰাজী: vegetable hummingbird,[3] agati বা hummingbird tree; বড়ো: বক বিবাৰ; তাই-আহোম: ব্লক-ঞা-না),[4][5] লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ গছ৷
বক ফুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae[1] |
গণ: | Sesbania |
প্ৰজাতি: | S. grandiflora |
বৈজ্ঞানিক নাম | |
Sesbania grandiflora (L.) Poiret | |
সমাৰ্থক | |
|
বিৱৰণ
সম্পাদনা কৰকবক ফুল এবিধ খৰকৈ বৃদ্ধি পোৱা গছ৷ গছজোপাৰ ৩-৮ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ গা-গছৰ পৰা উৎপত্তি হোৱা শাখা-প্ৰশাখাবিলাক সেৰেঙা হয়৷ গছজোপাৰ বাকলি ছাই বৰণীয়া৷
ইয়াৰ পাতবোৰ ডিম্বাকৃতিৰ৷ ফুলৰ বৰণ শুধ বগা৷ সেউজ-বুলীয়া চুপহিৰ ভিতৰফালে বিকাশ লাভ কৰি থকা ডাঙৰ আকাৰৰ পাহিয়ে শামুকৰ বাকলিৰ দৰে পুংকেশৰ আৰু গৰ্ভকেশৰত উৎপত্তি হোৱা ৰেণুবিলাক আৱৰি ৰাখে৷ [4]
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
---|---|
শক্তি | 113 কিলোজুল (27 কিলোকেলৰি) |
শৰ্কৰাসমূহ | 6.73 g |
চৰ্বী | 0.04 g |
প্ৰ’টিন | 1.28 g |
থায়েমিন (ভিটামিন বি১) | 0.083 mg (7%) |
Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.081 mg (7%) |
নিয়াচিন (ভিটামিন বি৩) | 0.43 mg (3%) |
ফলেট (ভিটামিন বি৯) | 102 μg (26%) |
ভিটামিন চি | 73 mg (88%) |
কেলচিয়াম | 19 mg (2%) |
লো | 0.84 mg (6%) |
মেগনেছিয়াম | 12 mg (3%) |
ফছফ’ৰাছ | 30 mg (4%) |
পটাছিয়াম | 184 mg (4%) |
Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ |
বিস্তৃতি
সম্পাদনা কৰকবক ফুল দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ৷ এই গছ মালয়েছিয়া, ফিলিপিনছ, ব্ৰুনেইৰ পৰা উত্তৰ অষ্ট্ৰেলিয়ালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত৷ ভাৰত আৰু শ্ৰীলংকাৰ বহুঠাইত ইয়াৰ খেতিও কৰা হয়৷[6] এই গছ গৰম আৰু আৰ্দ্ৰ ঠাইত সাৰুৱা মাটিত ওপজে৷
ব্যৱহাৰ
সম্পাদনা কৰকবক ফুলৰ পাতৰ ৰসত লিন’লেনিক এচিড (linolenic acid) আৰু এছপাৰ্টিক এচিড (aspartic acid) আছে বুলি জনা যায়৷ এইবাবে পাতৰ ৰসে দেহত সৰল শৰ্কৰাৰ সৈতে প্ৰ’টিন যোগ হোৱাত বাধা দি (anti-glycation) ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে৷ [7][8][9]
বক ফুল দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, শ্ৰীলংকা, লাওছ, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম, মালদ্বীপ, ফিলিপিনছ আদিত সিজাই বা কেঁচাকৈ খোৱা হয়৷ [10][11]ভাৰতত সাধাৰণতে আটা বা ময়দা পানীৰ সৈতে গুলি বক ফুল মিহলাই লৈ ভাজি খায়৷[4]
চিত্ৰভঁৰাল
সম্পাদনা কৰক-
বক ফুল গছৰ এটা আগ
-
থাই খাদ্যত অন্য শাক পাচলিৰ লগতে সিজোৱা বক ফুল
-
বক ফুল
-
ৰঙা বক ফুল
-
গুলপীয়া বক ফুল
তথ্যউৎস
সম্পাদনা কৰক- ↑ Prajapti, Purohit, Sharma, Kumar, A Handbook of medicinal plants, Agro Bios (India), Edition Ist 2003, Page.473
- ↑ "Sesbania grandiflora (L.) Pers. — The Plant List". www.theplantlist.org. Archived from the original on 12 February 2020. https://web.archive.org/web/20200212022349/http://www.theplantlist.org/tpl/record/ild-24585। আহৰণ কৰা হৈছে: 17 June 2019.
- ↑ "বক ফুল". প্ৰাকৃতিক সম্পদ সংৰক্ষণ সেৱা উদ্ভিদ তথ্যকোষ, ইউ.এছ.ডি.এ.ৰ পৰা 10 November 2015 তাৰিখে আহৰণ কৰা হৈছে।. https://plants.usda.gov/core/profile?symbol=SEGR5.
- ↑ 4.0 4.1 4.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ Joshi S. G., Medicinal Plants, Medicinal plants, Oxford & IBH Publishing Co. Pvt. Ltd. bks)
- ↑ Kirtikar K. R. & B. D. Basu, Indian Medicinal Plants Vol-I, International Book Distributor & Publisher, Dehradun, Edition 2005, bks pp. 735–736
- ↑ Prasanna, G.; Saraswathi, N. T. (2013). "The therapeutic role of Sesbania grandiflora as an inhibitor of Advanced Glycation Endproduct (AGE) formation and the discovery of lead compounds for managing hyperglycaemia". Planta Medica খণ্ড 79 (13): PN84. doi:10.1055/s-0033-1352426.
- ↑ Prasanna, Govindarajan (2016). "Linolenic acid prevents early and advanced glycation end-products (AGEs) modification of albumin". International Journal of Biological Macromolecules খণ্ড 95: 121–125. doi:10.1016/j.ijbiomac.2016.11.035. PMID 27845223.
- ↑ Prasanna, Govindarajan (2015). "Aspartic acid functions as carbonyl trapper to inhibit the formation of advanced glycation end products by chemical chaperone activity". Journal of Biomolecular Structure and Dynamics খণ্ড 34 (5): 943–951. doi:10.1080/07391102.2015.1060160. PMID 26325019.
- ↑ LittleBigThaiKitchen (12 March 2012). "Kaeng Khae Kai (Katurai Chilli Soup with Chicken)". https://www.youtube.com/watch?v=E92bq_9fJp8। আহৰণ কৰা হৈছে: 17 June 2019.
- ↑ Thailand Illustrated Magazine Archived 2011-07-18 at the Wayback Machine
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Sesbania grandiflora সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sesbania grandiflora on Tropicalforages.info
- Sesbania grandiflora in the AgroForestry Database of the World Agroforestry Centre
- Sesbania grandiflora on the FAO web site Archived 2013-02-17 at the Wayback Machine
- Sesbania grandiflora on the web site of the Center for New Crops & Plant Products at Purdue University.
- " Sesbania Seeds Exporter Kohenoor International Pakistan"