বগা বাবাৰ মাজাৰ
বগা বাবাৰ মাজাৰ বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ।[1] চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি স্থানীয়ভাৱে বগা বাবা হিচাপে বিখ্যাত আছিল। তেওঁৰ আজমেৰৰ পৰা ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ অসমলৈ আহি ডিব্ৰুগড়ত বাস কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত তাতেই তেওঁক কবৰ দিয়া হৈছিল। পিছলৈ সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়।[1]
কিংবদন্তিসম্পাদনা কৰক
চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি ৰাজস্থানৰ আজমেৰৰ পৰা অসমলৈ ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ বাবে আহিছিল।[1] প্ৰথমে তেওঁ কিছুকাল উত্তৰ প্ৰদেশত আছিল আৰু পিছলৈ তেওঁ অসমলৈ আহে। তেওঁ চুফীবাদৰ চিষ্টিয়া ঠালৰ সন্ত আছিল।[2] কিংবদন্তি অনুসৰি ওখ-পাখ আৰু সুন্দৰ শুভ্ৰ অৱয়বৰ চৈয়দ ৰশ্বন আলি চিষ্টি বগা ঘোঁৰাত উঠি ঊণৰ চোলা পিন্ধি আজমেৰৰ পৰা বিংশ শতিকাৰ প্ৰথমাৰ্ধত অসমলৈ আহিছিল। তাৰপিছত তেওঁ অসমত উপস্থিত হৈ ডিব্ৰুগড় চহৰৰ ৰে'ল ষ্টেচনৰ কাষৰ জুপুৰি এটাত বাস কৰিছিল।[1] কথিত আছে যে তেওঁৰ এটি মাত্ৰ সৰু খাদ্য ৰন্ধা পাত্ৰ আছিল। তাতে তেওঁ নিজৰ খাদ্য ৰান্ধিছিল আৰু তেওঁক দেখা কৰিবলৈ অহা সকলোকে এই পাত্ৰৰ পৰা খাদ্য ভগাই দিছিল। এই অস্বাভাৱিক ঘটনা শুনি সকলো ধৰ্মৰ মানুহে তেওঁৰ বাণী শুনিবলৈ আহিছিল। বিংশ শতিকাৰ ষাঠিৰ দশকত তেওঁৰ মৃত্যু হয়।[2] মৃত্যুৰ পিছত তেওঁৰ দেহ পৰুৱায়ে আৱৰি ধৰিছিল বুলিও বিশ্বাস কৰা হয়। তাৰপিছত তেওঁক তেওঁৰ জুপুৰিটোতে কবৰ দিয়া হৈছিল। পিছলৈ তেওঁৰ কবৰক মাজাৰ হিচাপে গঢ় দিয়া হয়।[2] কিছুমানৰ মতে বগা বাবা মাজাৰৰ বাবেই ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড় চহৰক বুৰাই পেলাব নোৱাৰে।
নামৰ উৎপত্তিসম্পাদনা কৰক
চৈয়দ ৰশ্বন আলি চিষ্টি ওৰফে বগা বাবা বা বগা ফকীৰ দেখিবলৈ সুদৰ্শন আছিল। ওখ আৰু দেহৰ বগা বৰণৰ বাবে তেওঁ বগা বাবা বা বগা ফকীৰ ৰূপে পৰিগণিত হৈছিল। পিছলৈ তেওঁৰ মাজাৰকো বগা বাবাৰ মাজাৰ বা বগা ফকীৰৰ মাজাৰ বুলি জনাজাত হ'ল।[1]
পৰ্যটনসম্পাদনা কৰক
বগা বাবা মাজাৰ ডিব্ৰুগড় চহৰৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থল। ইছলাম ধৰ্মালম্বী সকলে ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে। ইয়াৰ লগতে আন আন ধৰ্মালম্বী সকলেও বগা বাবা মাজাৰ উল্লেখযোগ্য স্থান। বিভিন্ন প্ৰান্তৰ পৰা পীৰ বগা বাবা মাজাৰলৈ মানুহৰ আগমন হয়। তেওঁলোকে ইয়াত মমবাটি জ্বলায়। কিছুমানে মাজাৰত চাদৰ দিয়ে। বহুতে তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱাৰ বাবেও ইয়ালৈ আহে।[3]
যাতায়তসম্পাদনা কৰক
বগা বাবাৰ মাজাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত। ই পুৰণি ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচনৰ নিচেই কাষত অৱস্থিত। ডিব্ৰুগড় ৰেল ষ্টেচন আৰু ডিব্ৰুগড় বিমানবন্দৰ মহাবিদ্যালয় খনৰ পৰা ক্ৰমে ৬ আৰু ১৬ কিঃমিঃ নিলগত অৱস্থিত।
তথ্য উৎসসম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 1.3 1.4 Mumtaz, Nahida (২০১০). SUFIS AND THEIR CONTRIBUTION TO THE CULTURAL LIFF OF MEDIEVAL ASSAM IN 16-17"' CENTURY. প্ৰকাশক আলিগড়, উত্তৰ প্ৰদেশ: আলিগড় মুছলিম বিশ্ববিদ্যালয়. পৃষ্ঠা. ৯০,৯১.
- ↑ 2.0 2.1 2.2 আহমেদ, কে জামাল (অক্টোবৰ, ২০০০). সমন্বয় আলোচনী,. প্ৰকাশক ডিব্ৰুগড়: বগা বাবাৰ মাজাৰ. পৃষ্ঠা. ২০.
- ↑ "What to do this weekend". https://m.telegraphindia.com/states/north-east/good-morning-07-04-2007/cid/1635243.