বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)

বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা) (ইংৰাজী: Bengali Language Movement (Barak Valley)) অসমীয়া ভাষাৰ সৈতে বঙালী ভাষাকো অসমৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত বৰাক উপত্যকাত সংঘটিত হোৱা এটি গণ আন্দোলন।[1] ১৯ মে' ১৯৬১-ৰ দিনা অৰ্দ্ধ সামৰিক বাহিনীৰ গুলিত ১১জন লোক নিহত হোৱা এই আন্দোলনৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা।[2]

বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)
ভাষা আন্দোলন-ৰ অংশ
Silchar Bhasa.jpeg
বঙালী ভাষা আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শিলচৰত নিৰ্মিত স্মৃতিসৌধ
তাৰিখ ১৯৬১
স্থান
অবিভক্ত কাছাৰ জিলা
কাৰণ বঙালী ভাষাকো অসমৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত
পদ্ধতি প্ৰতিবাদ, অগ্নি-সংযোগ, হত্যা, লাঠি আৰু গুলী চালনা
স্থিতি অসম চৰকাৰী ভাষা আইন, ১৯৬০-ৰ ৫ম দফাটো সংশোধন কৰা হয়।

প্ৰেক্ষাপটসম্পাদনা কৰক

 
শিলচৰৰ ৰেলৱে ষ্টেচনৰ ঘটনাৰ প্ৰতিবাদ

২২ এপ্ৰিল ১৯৫৯-ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাছাৰ আৰু পাহাৰীয়া জিলাকেইখন প্ৰস্তুত নোহোৱা পৰ্যন্ত বাদ দি অসমৰ বাকী অংশত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কিন্তু প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই প্ৰস্তাৱে ৰাজ্য সকলো শ্ৰেণীকে সন্তুষ্ট কৰাত ব্যৰ্থ হ’ল।[3] একে বছৰৰে ৯ চেপ্তেম্বৰৰ দিনটোত অসম সাহিত্য সভাই ৰাজ্যভাষা দিৱস হিচাপে পালন কৰে।[1]

কিন্তু এই দাবীৰ বিৰোধ কৰিছিল বঙালীসকলে। তেওঁলোকৰ প্ৰতিদাবী আছিল অসমীয়াৰ লগতে বঙালীকো ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিব লাগে। ই দাবী-প্ৰতিদাবীৰ প্ৰতিক্ৰিয়া স্বৰূপে উজনী অসমত অসমীয়া আৰু বঙালীৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ আৰম্ভ হ’ল। লাহেলাহে এই সংঘৰ্ষ অসমৰ অন্যান্য ঠাইলৈও সম্প্ৰসাৰিত হৈ পৰিল আৰু ই প্ৰবল ৰূপ ধাৰণ কৰিলে। ইফালে ২ আৰু ৩ জুলাইত শিলচৰপশ্চিম বংগৰ এজন সাংসদ চপলা কান্ত ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিখিল অসম বঙালীভাষী সন্মিলনত অসমক দ্বি-ভাষিক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবী জনায়। শিলচৰ আৰু কৰিমগঞ্জৰ বাৰ এচোছিয়েচনে ৰাজ্যখনত আইন-কানুনৰ চূড়ান্ত অৱনতি হোৱা বাবে ৰাষ্ট্ৰপতিৰ শাসন দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।[1] হিংসাত্মক ঘটনা আৰু উত্তেজনাময় পৰিবেশৰ সাম কটাবলৈ ১০ অক্টোবৰ, ১৯৬০ চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই বিধানসভাত চৰকাৰী ভাষা বিধেয়ক, ১৯৬০ উত্থাপন কৰে। উত্তৰ কৰিমগঞ্জৰ বিধায়ক ৰনেন্দ্ৰ মোহন দাস, অল পাৰ্টি হিল লিডাৰ্চ্ কনফাৰেঞ্চৰ বিধায়ক আদিয়ে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে যদিও ২৪ অক্টোবৰত বিধেয়কখন গৃহীত হয়।[4] ১৭ ডিচেম্বৰত ৰাজ্যপাল বিষ্ণু সহায়ে ইয়াত স্বাক্ষৰ কৰাৰ পিছত ই আইনলৈ পৰিণত হয়।[5]

চৰকাৰী ভাষা আইন, ১৯৬০সম্পাদনা কৰক

৮টা দফা সন্নিবিষ্ট এই আইনখনৰ ৩নং দফাযোগে অসমীয়া ভাষাক ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। এই দফাটোত উল্লেখ কৰা হয় যে সকলো অধ্যাদেশ, ৰাজ্যিক বিধান সভাত গৃহীত সকলো আইন, বিধান সভাত সংশোধনীৰ বাবে দাখিল কৰা সকলো বিধেয়ক, ৰাজ্য চৰকাৰে জাৰি কৰা সকলো আদেশ, প্ৰবিধান, বিধি আৰু উপবিধি, লগতে সংসদে তৈয়াৰ কৰা আইন- ৰাজপত্ৰত অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব।[5]

আনহাতে আইনখনৰ ৫ম দফাত কাছাৰ জিলাত (বৰ্তমানৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা) প্ৰশাসনীয় আৰু চৰকাৰী কামকাজত বঙালী ভাষা ব্যৱহাৰ কৰাৰ ব্যৱস্থাৱলী সন্নিবিষ্ট কৰা হয়। অৱশ্যে ইয়াৰ পূৰ্বে মহকুমা পৰিষদ আৰু পৌৰসভাৰ যুটীয়া সভাত দুই-তৃতীয়াংশ সদস্যৰ উপস্থিতিত কি ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হ'ব, সেই বিষয়ে ভোটযোগে সিদ্ধান্ত ল'ব লাগিব। ৫ম দফাৰ সম্পূৰ্ণ পাঠ এনে ধৰণৰ-

"Notwithstanding anything in Section 3, the Bengali language shall be used for administrative and other official purposes upto and including the district level in the district of Cachar until the Mohkuma Parishad and Municipal Boards of the district in a joint meeting by a majority of not less than two-thirds of the members present and voting decide in favour of adoption of the official language for use in the district for the aforesaid purposes. "
(৩ নং দফাত যিয়েই নাথাকক কিয়, কাছাৰ জিলাত মহকুমা পৰিষদ আৰু পৌৰসভাবোৰৰ যুটীয়া সভাত দুই-তৃতীয়াংশ সদস্যৰ উপস্থিতিত ভোটদানৰ মাধ্যমেৰে জিলাখনত চৰকাৰী ভাষা হিচাপে কি ভাষা গ্ৰহণ কৰা হ’ব, সেই সম্পৰ্কে ভোটযোগে সিদ্ধান্ত লোৱাৰ পিছত জিলা পৰ্যায়লৈকে সামৰি প্ৰশাসনীয় আৰু অন্য চৰকাৰী উদ্দেশ্যত বঙালী ভাষা ব্যৱহাৰ কৰা হ’ব৷)[5]

পৰৱৰ্তী ঘটনাপ্ৰবাহসম্পাদনা কৰক

অসম চৰকাৰী ভাষা আইন, ১৯৬০-য়ে অবিভক্ত কাছাৰ জিলাৰ বঙালীভাষীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰে। নিখিল অসম বঙালীভাষী সমিতিয়ে বঙালী ভাষাকো ৰাজ্যৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰে।[1] ১৯৬১ চনৰ ৫ ফেব্ৰুৱাৰীত কৰিমগঞ্জত কাছাৰ জিলা জনসন্মিলন অনুষ্ঠিত হয়। সন্মিলনত বঙালী ভাষাক অসমৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায়।[2]

১৯৬১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে কাছাৰ জিলা গণ সংগ্ৰাম পৰিষদ নামৰ সংগঠন এটাৰ জন্ম হয়। অসম চৰকাৰৰ এই অন্যায়ৰ বিৰুদ্ধে ১৪ এপ্ৰিল তাৰিখে নৱবৰ্ষৰ দিনা সংগঠনটোৱে সংকল্প দিৱস পালন কৰে। বৰাকৰ জনগণৰ মাজত সজগতা সৃষ্টি কৰিবলৈ এই পৰিষদে ২৪ এপ্ৰিলত এপষেক জোৰা এটি পদযাত্ৰা উলিয়ায়। ২ মে' ত শেষ হোৱা এই পদযাত্ৰাটোত অংশ লোৱা সত্যাগ্ৰহী সকলে প্ৰায় ২২৫ মাইল উপত্যকাটোৰ গাঁৱে গাঁৱে ঘূৰি প্ৰচাৰ চলাই কৰিমগঞ্জত উপস্থিত হয়।[2]

১২ মে'ত অসম ৰাইফল, মাদ্ৰাজ ৰেজিমেন্ট আৰু কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীয়ে শিলচৰত ফ্লেগ মাৰ্চ কৰে। ১৮ মে' ত অসম পুলিচে আন্দোলনৰ তিনিজন নেতা নলিনীকান্ত দাস, ৰথীন্দ্ৰনাথ সেন আৰু বিধুভুষণ চৌধুৰীক (সাপ্তাহিক যুগশক্তিৰ সম্পাদক) গ্ৰেপ্তাৰ কৰে।

১৯ মে' ত শিলচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত হৰতাল আৰু পিকেটিং আৰম্ভ হ'ল। কৰিমগঞ্জত আন্দোলনকাৰী সকলে চৰকাৰী কাৰ্যালয়, ৰেলৱে ষ্টেচন, ক'ৰ্ট আদিত পিকেটিং কৰিছিল। শিলচৰত তেওঁলোকে ৰেলৱে ষ্টেচনত কৰিছিল। শেষৰ ৪ বজাৰ ৰেলখনৰ সময় পাৰ হোৱাৰ পিছত হৰতাল শেষ কৰাৰ কথা আছিল। ৰাতিপুৱাৰ ৫:৪০ ৰ ৰেলখনৰ এখনো টিকট বিক্ৰী হোৱা নাছিল। ৰাতিপুৱাৰ ভাগত হৰতাল শান্তিপূৰ্ণ ভাৱে পাৰ হৈছিল। কিন্তু আবেলি ষ্টেচন অসম ৰাইফল আহি উপস্থিত হৈছিল।[2]

প্ৰায় ২:৩০ বজাত নজন সত্যাগ্ৰহীক গ্ৰেপ্তাৰ কৰি কঢ়িয়াই নিয়া পুলিচৰ ট্ৰাক এখন শিলচৰ ষ্টেচনৰ কাষেৰে পাৰ হৈ যায়। পিকেটিংকাৰী সকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা দেখি তীব্ৰ প্ৰ্তিবাদ কৰে। ভয়তে পুলিচকেইজন পলাই যায়। ইয়াৰ পিছত কোনো অচিনাক্ত দুবৃত্তই ট্ৰাকখন জ্বলাই দিয়ে। ইয়াৰ পিছত প্ৰায় ২:৩৫ বজাত ষ্টেচনৰ সুৰক্ষাত থকা অৰ্দ্ধ-সামৰিক বাহিনীয়ে আন্দোলনকাৰীসকলক বন্দুক আৰু লাঠীৰে কোবাবলৈ ধৰে। ইয়াৰ পিছত সাত মিনিটৰ ভিতৰত তেওঁলোকে ১৭ ৰাউণ্ড গুলী আন্দোলনকাৰী সকললৈ লক্ষ্য কৰি চলায়। ১২ জন লোকৰ দেহত গুলী লাগে। তেওঁলোকৰ নজন সিদিনাই নিহত হৈছিল। এজন পিছত ঢুকায়। আন এজনৰ পুলিচৰ লাঠীচালনাত পলাবলৈ চেষ্টা কৰোঁতে পুখুৰীত পৰি মৃত্যুবৰণ কৰে; যাৰ মৃতদেহ দুদিন পিছত উদ্ধাৰ হৈছিল। ২০ মে' ত শিলচৰৰ লোকসকলে শ্বহীদ সকলৰ শৱদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।[6][2]

এই ঘটনাৰ পিছত অসম চৰকাৰে বৰাক উপত্যকাত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অসম চৰকাৰী ভাষা আইন, ১৯৬০ৰ ৫ম দফাটো সংশোধন কৰিবলৈ বাধ্য হয়।[2]

শ্বহীদসম্পাদনা কৰক

 
শিলচৰৰ ৰেল ষ্টেচনক ভাষা শ্বহীদ ষ্টেচন নামেৰে বৰ্ণনা কৰা ফলক

১৯৬১ চনৰ ১৯ মে'ৰ শিলচৰ ৰেল ষ্টেচনৰ ঘটনাত পুলিচৰ গুলীত মৃত্যু হোৱা লোকসকল হ'ল-

  • কমলা ভট্টাচাৰ্য
  • তৰণী দেৱনাথ
  • চন্দীচৰণ সূত্ৰধৰ
  • সুকমল পুৰকায়স্থ
  • কুমুদ ৰঞ্জন দাস
  • কানাইলাল নিয়োগী
  • শচীন্দ্ৰ চন্দ্ৰ পাল
  • সুনীল চৰকাৰ
  • হিতেশ বিশ্বাস
  • বীৰেন্দ্ৰ সূত্ৰধৰ[6]


গুলী চালনা কৰাৰ উপৰিও পুলিচে লাঠীচালনা কৰিছিল। পুলিচৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ওচৰতে থকা ৰেলৱেৰ পুখুৰীত জাপ দি সাঁতুৰি পলাবলৈ চেষ্টা কৰিছিল। তেনেকৈ পলাওতে গুৰুতৰভাবে আহত হোৱা সত্যেন দেৱ নামৰ লোক এজনৰ মৃতদেহ দুদিন পিছত ২১ মে'ৰ দিনা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল।[6] বঙালী ভাষা আন্দোলনৰ এই এঘাৰজন শ্বহীদৰ সোঁৱৰণত ১৯ মে'ৰ দিনটো ভাৰতৰ বিভিন্ন ঠাইত বঙালী ভাষা শ্বহীদ দিৱস ৰূপে পালন কৰা হয়।[2]

সমাধান সূত্ৰসম্পাদনা কৰক

গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ ৬জন বিধায়কে পদত্যাগ কৰে। সংঘাট প্ৰশমন কৰিবলৈ তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে এক শান্তি সূত্ৰৰ প্ৰস্তাৱ দিয়ে। কিন্তু সংগ্ৰাম পৰিষদে শাস্ত্ৰীৰ সূত্ৰ অগ্ৰাহ্য কৰে। অন্যহাতে অনা-বঙালী মুছলমান, মণিপুৰী আৰু খিলঞ্জীয়া কাছাৰীৰে গঠিত শান্তি সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত স্মাৰক-পত্ৰ দি অসমীয়া ভাষাকে একমাত্ৰ চৰকাৰী ভাষা হিচাপে ৰখাৰ দাবী জনায়। অসম কেবিনেটে ২৪ চেপ্তেম্বৰ ১৯৬১-ত শাস্ত্ৰী-সূত্ৰক অনুসৰণ কৰি চৰকাৰী ভাষা আইনৰ সংশোধনী বিধেয়কৰ খচৰাত অনুমোদন জনায়। ৭ অক্টোবৰ ১৯৬১-ত এই বিধেয়ক বিধান সভাত গৃহীত হয়।[1]

অসম চৰকাৰী ভাষা (সংশোধিত) আইন, ১৯৬১-ৰ যোগে মূল আইনখনৰ ৫ নং দফাটো সংশোধনী কৰি বঙালী ভাষাক কাছাৰ জিলাত চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ৫ নং দফাৰ অতি চমু সংশোধনীত উল্লেখ কৰা হয় যে:

"Without prejudice to the provisions contained in Section 3, the Bengali Language shall be used for administrative and other official purpose upto and including the district level in the district of Cachar."
( ৩ নং দফাত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ প্ৰতি পক্ষপাতিত্ব নকৰাকৈ, জিলা পৰ্যায়লৈকে সামৰি কাছাৰ জিলাত প্ৰশাসনিক আৰু অন্যান্য চৰকাৰী কামকাজত বঙালী ভাষা ব্যৱহাৰ কৰা হ'ব।)[7]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 Bonti Hazarika, Porismita Bora, Monoranjan Neog (2020). "POLITICS AND LANGUAGE: A STUDY ON LANGUAGE MOVEMENT IN ASSAM". JOURNAL OF CRITICAL REVIEWSː VOL 7, ISSUE 6, 2020. https://www.bibliomed.org/mnsfulltext/197/197-1601467451.pdf?1639804708। আহৰণ কৰা হৈছে: 18 December 2021. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "শিলচৰেৰ ভাষা শহীদ দিৱস আজ". banglanews24.com. May 19, 2012. https://www.banglanews24.com/cat/news/bd/112691.details। আহৰণ কৰা হৈছে: 18 December 2021. 
  3. Deka, M. (1996). Student Movements inAssam. Vikas Publishing House. 
  4. Chowdhury, Ranajit (19 May 2013). "বিস্মৃত বলিদান". Ei Samay (in Bengali). Retrieved 22 May 2013.
  5. 5.0 5.1 5.2 "The Assam Official Language Act, 1960". Assam Gazette, Extraordinary. https://legislative.assam.gov.in/sites/default/files/swf_utility_folder/departments/legislative_medhassu_in_oid_3/menu/document/The%20Assam%20Official%20Language%20Act%2C%201960..pdf। আহৰণ কৰা হৈছে: 29 December 2021. 
  6. 6.0 6.1 6.2 "REPORT of Non Official Enquiry Commission of CACHAR". Das Memorial Trust, Silchar-5. http://www.unishemay.org/pdf/english-pdf/NCChatterjee.pdf। আহৰণ কৰা হৈছে: 24 March 2022. 
  7. "The Assam Official Language (Amendment) Act, 1961". GOVERNMENT OF ASSAM LEGISLATIVE. https://legislative.assam.gov.in/sites/default/files/swf_utility_folder/departments/legislative_medhassu_in_oid_3/menu/document/The%20Assam%20official%20Language%20%28Amendment%29%20Act%2C%201961._0.pdf। আহৰণ কৰা হৈছে: 18 December 2021.