বজ্ৰাংগী আই

ভবানীপুৰীয়া গোপাল আতাৰ মাতৃ

বজ্ৰাংগী আই(ইংৰাজী: Bajranggi Aai) অসমৰ শংকৰী যুগৰ এগৰাকী স্বাৱলম্বী নাৰী৷ তেওঁৰ স্বামীৰ নাম কামদেৱ বা কামেশ্বৰ৷[1][2] এওঁ মহাপুৰুষীয়া নাম-ধৰ্মৰ একনিষ্ঠ সেৱক ভবানীপুৰীয়া গোপাল আতাৰ মাতৃ আছিল৷ স্বামীৰ মৃত্যুৰ পিছত গৰ্ভস্থ সন্তানটোৰে সৈতে আয়ে নানা দুখ-কষ্টৰ মাজেৰে দিন নিয়াই সন্তান জন্ম দি অকলেই ডাঙৰ-দীঘল কৰিছিল৷ তেওঁৰ পুত্ৰ গোপালে “ভবানীপুৰীয়া গোপাল আতা’’ নাম পাইছিল আৰু পিছলৈ এওঁ কাল সংহতিৰ প্ৰতিষ্ঠাতা হৈছিল৷

জীৱন যুদ্ধ সম্পাদনা কৰক

বজ্ৰাংগী আই বৰ শক্তিশালী চেহেৰাৰ অধিকাৰী আছিল৷ ওখ আৰু আটিল চেহেৰাৰ আয়ে অকলেই কঠিন কামবোৰো কৰিব পাৰিছিল৷ গৰ্ভস্থ সন্তান এৰি স্বামীৰ মৃত্যু হোৱাত সতীয়া পুত্ৰই বাপেকৰ ধন বিচাৰি ৰজাত গোচৰ দি শাস্তি দিয়াবলৈ ঠিক কৰাত বজ্ৰাংগীয়ে গৰ্ভৱতী অৱস্থাতে নানা ঠাই ঘূৰি শেষত আহোম ৰাজ্য সোমায় আৰু নাজিৰা হাটত বেপাৰ দিবৰ মানসেৰে ধন্যা দলৈৰ ঘৰত আশ্ৰয় লৈ গাঁঠিৰ ধনেৰে এখন পোহাৰ দিয়াৰ ব্যৱস্থা কৰে৷ আই ইমানেই শক্তিমতী আছিল যে গৰ্ভাৱস্থাতো চাৰিজন মানুহেহে ডাঙিব পৰা বেপাৰৰ সামগ্ৰী ভৰ্তি ডলা অকলেই মূৰত লৈ তেও হাটলৈ গৈছিল আৰু হাট ভাঙিলে অকলেই ডলা মূৰত লৈ উভতিছিল৷ এবাৰ হাট ভঙাৰ পিছত ঘৰলৈ ওভোতাৰ পথত নদী পাৰ হ’বলৈ নাৱৰীয়াক অকণমান সময় ৰৈ তেওঁকো নিবলৈ খাটনি ধৰাত, নাৱৰীয়াই ’মানুহ বেছি হ’ব’ বুলি যাবলৈ ওলোৱাত বজ্ৰাংগীয়ে পাৰৰ পৰাই এখন ভৰি মেলি গৰ্ভৱস্থাতো ভৰিৰে নাওখন টানি ৰখাইছিল৷ নাৱৰীয়াসকলে বহু চেষ্টা কৰাতো নাও বাব নোৱাৰি “কি বজ্ৰনখী পা, উঠ’’ বুলি নাৱত তুলি লৈছিল৷[1][2]

স্বৰ্গনাৰায়ণ ৰজাৰ শাসন কালত বজ্ৰাংগীৰ সন্তান জন্ম হৈছিল৷ একে সময়তে ৰজাৰ কুঁৱৰীৰো সন্তান জন্ম হোৱাত সন্তান চোৱা-মেলাৰ বাবে ধাইৰ প্ৰয়োজন হোৱাত বিচাৰ-খোচাৰ কৰি বজ্ৰাংগীক ৰজাৰ আগলৈ লৈ যোৱা হৈছিল আৰু ধাই নিযুক্ত হৈছিল৷ নিজৰ সন্তানসহ বজ্ৰাংগীয়ে ৰাজকোঁৱৰক চোৱা-চিতা কৰিছিল৷ দুই শিশু একেলগে উমলিছিল৷ কিন্তু প্ৰায়বোৰ খেলতে বজ্ৰাংগীৰ সন্তান গোপাল জিকিছিল দেখি কোঁৱৰৰ মনত দুখ৷ বজ্ৰাংগী আই বোৱা-কটাতো পাকৈত আছিল৷ তাঁত-শালত লতা-ফুল, হাতী-ঘোঁৰা সকলো তুলিব পাৰে৷[2] সেইদেখি তেওঁক কুঁৱৰীয়ে বাৰকুৰি তাঁতশালৰ শিপিনীৰ মূৰব্বী পাতি দিছিল৷ কেইবছৰমান পিছত বজ্ৰাংগী আয়ে নিজৰ বহাত তাঁতৰ শাল পাতি থাকোঁতে ৰাজকোঁৱৰে হাতীত উঠি আহি তাঁতৰ বস্তুবোৰ নষ্ট কৰিব ধৰাত পুত্ৰ গোপালে লিগিৰাৰে সৈতে কোঁৱৰক মাটিত বগৰাই মাৰ-পিত কৰিলে আৰু ৰজাৰ শাস্তিৰ ভয়তে তাৰ পৰা বজ্ৰাংগী আই পুতেকক লৈ নিশাই পলায়ন কৰিলে৷ তাৰপৰা পলাই নানা ঠাই ঘূৰি বজ্ৰাংগী সুন্দৰীদিয়া সত্ৰৰ এখন গাঁৱৰ হৈতঙ্গ তালুকদাৰৰ ঘৰত থাকিবলৈ ল’লে৷[1][3]

ইয়াতেই গোপালে মাধবদেৱৰ সাক্ষাৎ পায় আৰু নামধৰ্মৰ প্ৰতি আকৃষ্ট হয়৷ মাধবদেৱক গুৰু ভজি তেওঁ নিতৌ সুন্দৰীয়ালৈ আহি গুৰু মাধবদেৱৰ লগত থাকিবলৈ লোৱা কথাটো বজ্ৰাংগী আয়ে ভাল পোৱা নাছিল আৰু পুত্ৰ গোপালৰ লগতে গুৰু মাধবদেৱকো কটু কথা শুনাইছিল৷ গুৰুনিন্দা শুনি গোপালৰ বৰ দুখ লাগিছিল৷[1] পিছত গুৰুজনাৰ বুদ্ধি আৰু গোপালৰ সদিচ্ছাত বজ্ৰাংগী আই নামধৰ্মৰ একনিষ্ঠ সেৱিকা হৈ জীৱন অতিবাহিত কৰিছিল৷

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২১৪. 
  2. 2.0 2.1 2.2 মহন্ত, প্ৰেমকান্ত (১৯৯৭). গুৰু চৰিতৰ ৰসাল কথা আৰু আইসকল. ষ্টুডেণ্টচ্ ষ্টোৰচ্. পৃষ্ঠা. ১০০. ISBN 81-86494-47-2. 
  3. দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা.