বদন বৰফুকন (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৪৭))

বদন বৰফুকন (ইংৰাজী: Badan Borphukan) পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত[1] মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল নাৰায়ণ চৌধুৰীৰ। অসম বুৰঞ্জীৰ এজন খলনায়ক, ৰাজনৈতিক উচ্চাকাঙ্ক্ষা আৰু প্ৰতিশোধৰ বশৱৰ্তী হৈ অসমলৈ মানসেনা মাতি অনা বদন বৰফুকনৰ জীৱনৰ আধাৰত লক্ষ্যধৰ চৌধুৰীয়ে ছবিৰ কাহিনী ৰচনা কৰিছিল। চিত্ৰনাট্য আৰু সংলাপ লক্ষ্যধৰ চৌধুৰীৰ।[2] চিত্ৰগ্ৰহণ কৰা হৈছিল কলকাতাৰ কালী ফিল্ম ষ্টুডিঅ’ত।[3]

বদন বৰফুকন
Badan Borphukan
পৰিচালক কমল নাৰায়ণ চৌধুৰী
ৰচনা লক্ষ্যধৰ চৌধুৰী
প্ৰযোজক ইষ্টাৰ্ণ মুভিজ লিমিটেড
অভিনয়ত কামাখ্যানাথ ঠাকুৰ
দেৱবালা চলিহা
সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰী
প্ৰযোজনা
কোম্পানীসমূহ
কালী ফিল্ম ষ্টুডিঅ’, কলকাতা
মুক্তি
১৫ এপ্ৰিল ১৯৪৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বদন বৰফুকনৰ নাম ভূমিকাত অভিনয় কৰিছিল মঞ্চাভিনেতা কামাখ্যানাথ ঠাকুৰে। চন্দ্ৰকান্ত সিংহৰ ভূমিকাত আছিল নৃত্যশিল্পী চাৰুচন্দ্ৰ বৰদলৈ। অন্যান্য ভূমিকাত আছিল দেৱবালা চলিহা- ৰাজমাও, অমলেন্দু বাগচী- মানৰজা আৰু সৰ্বেশ্বৰ চক্ৰৱৰ্তী- সন্ন্যাসী।[3]

বদন বৰফুকন ছবিৰ সঙ্গীত পৰিচালনা গৌৰ গোস্বামীৰ।[4] গীত লিখিছিল পুৰুষোত্তম দাস আৰু আনন্দিৰাম দাসে। গাইছিল প্ৰেম শইকীয়া।[5]

  1. তুমি আহিবা তুমি আহিবা মন ফুলনিৰ ফুলাম বাটেৰে, বাঁহীটি বজাই আহিবা (কথা পুৰুষোত্তম দাস, কণ্ঠ- প্ৰেম শইকীয়া)
  2. ৰূপত ৰঙে চৰা খোজত মাণিক সৰা পৰ্বতৰ কুঁৱৰী অ’, আমি ৰূপ কুঁৱৰী (কথা-আনন্দিৰাম দাস, কণ্ঠ- প্ৰেম শইকীয়া আৰু অন্যান্য)[5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Badan Borphukan". 2020. Archived from the original on 2017-12-05. https://web.archive.org/web/20171205120358/http://www.boxofficeassam.com/movie/badan-borphukon/। আহৰণ কৰা হৈছে: 2020-01-18. 
  2. "অসমীয়া চিনেমাৰ তথ্যকোষ". cinekatha.com. Archived from the original on 1 March 2021. https://web.archive.org/web/20210301135643/https://cinekatha.com/cinema-database/2/। আহৰণ কৰা হৈছে: 30 August 2020. 
  3. 3.0 3.1 মঞ্চলেখা, পৃঃ ৩০৭, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী. ১৯৯৫. 
  4. Rajkonwar, Manjit. "অসমীয়া চলচ্চিত্ৰৰ গীত". http://muktosinta.org/. http://muktosinta.org/axomiya-solositror-git-mat/। আহৰণ কৰা হৈছে: 27 December 2020. 
  5. 5.0 5.1 অসমীয়া বোলছবিৰ গীতৰ সংকলন, পৃঃ ১২ বাবুল দাস, বাণীমন্দিৰ, ডিব্ৰুগড়, ১৯৮৫.