লক্ষ্যধৰ চৌধুৰী

অসমৰ সাহিত্যিক, অভিনেতা, পৰিচালক

লক্ষ্যধৰ চৌধুৰী (ইংৰাজী: Lakshyadhar Choudhury; জ. ১৪ অক্টোবৰ, ১৯১৪ চন, উত্তৰ গুৱাহাটী, অসম – মৃ. ১৮ আগষ্ট, ২০০০ চন) আছিল অসমৰ এগৰাকী অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ।[1] ৰাজনীতিতো দখল থকা লক্ষ্যধৰ চৌধুৰীয়ে একালত জনসাধাৰণৰ প্ৰতিনিধি ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপৰিও শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিবেশনৰ সভাপতিত্ব[2][3] কৰাৰ উপৰিও অসম নাট্য সন্মিলনৰো নলবাৰী অধিবেশনৰ সভাপতিত্ব কৰিছিল। তেওঁৰ সাহিত্যিক কৰ্মৰাজিত সাধাৰণ জনগনৰ দুখ দুৰ্দশাৰ পূৰ্ণ প্ৰতিফলন ঘটা দেখা যায়।[4]

লক্ষ্যধৰ চৌধুৰী
জন্ম ১৪ অক্টোবৰ, ১৯১৪
উত্তৰ গুৱাহাটী, অসম
মৃত্যু ১৮ আগষ্ট, ২০০০ (৮৫ বছৰ)
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
পেচা নাট্যকাৰ, অভিনেতা, কবি আৰু গল্পকাৰ
দাম্পত্যসঙ্গী ঊষা চৌধুৰী
সন্তান অমৰজ্যোতি চৌধুৰী
অঞ্জনজ্যোতি চৌধুৰী[1]
অৰুপজ্যোতি চৌধুৰী
অনুপজ্যোতি চৌধুৰী
অনুৰাধা দাস

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

লক্ষ্যধৰ চৌধুৰীৰ জন্ম হয় ১৯১৪ চনৰ ১৪ অক্টোবৰত উত্তৰ গুৱাহাটীৰ ৰংমহলত। পিতৃ স্বৰ্গীয় ভূধৰ চৌধুৰী আৰু মাতৃ স্বৰ্গীয়া উমা চৌধুৰী। স্বৰ্গীয় ভূধৰ চৌধুৰী গুৱাহাটীত চিৰস্তাদাৰ আছিল।

ৰংমহল প্ৰাথমিক বিদ্যালয়ত স্বৰ্গীয় দীন শ‍ইকীয়াৰ ওচৰত শিক্ষালাভ কৰা চৌধুৰীয়ে ১৯২৪ চনৰে পৰা গুৱাহাটীৰ লতাশীলত খুড়ায়েকৰ ঘৰত থাকে। ১৯২৫ চনৰ পৰা কটন কলেজিয়েট স্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰি ১৯৩৩ চনত মেট্ৰিক পাছ কৰে। ১৯৩৭ চনত কটন কলেজৰ পৰা তেওঁ অঙ্ক, ৰসায়ন আৰু পদাৰ্থবিজ্ঞান বিষয় লৈ সুখ্যাতিৰে স্নাতক উপাধি লাভ কৰে।[5] [6]

কৰ্মজীৱন সম্পাদনা কৰক

লক্ষ্যধৰ চৌধুৰীয়ে ১৯৩৯ চনত উত্তৰ গুৱাহাটীৰ আউনিআটী কমলদেৱ মাধ্যমিক বিদ্যালয়ত এজন শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ লক্ষধৰ চৌধুৰীৰ জীৱনতো বাৰুকৈয়ে পৰিছিল। ১৯৪২ চনত তেওঁ শিক্ষকতা বৃত্তি ত্যাগ কৰি স্বাধীনতা আন্দোলনত পূৰ্ণোদ্যমে জঁপিয়াই পৰে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰে আৰু তাৰ ফলস্বৰূপে বহুবাৰ আত্মগোপনো কৰিব লগা হয়। আন্দোলনৰ সময়চোৱাত লক্ষ্যধৰ চৌধুৰীয়ে জয় প্ৰকাশ নাৰায়ন, অৰুণা আছফ আলী, অচ্যুত পটৱৰ্দ্ধন, ৰাম মনোহৰ লোহিয়া আদিৰ দৰে বিখ্যাত ব্যক্তিৰ সান্নিধ্যলৈ আহে আৰু সমাজবাদৰ প্ৰতি গভীৰভাবে আকৃষ্ট হয়[7]

স্বাধীনতা লাভৰ পাছত অনুষ্ঠিত ১৯৫২ চনৰ প্ৰথম নিৰ্বাচনত লক্ষ্যধৰ চৌধুৰীয়ে সমাজবাদী দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্ব্বিতা কৰি ৰোহিনী কুমাৰ চৌধুৰীৰ হাতত পৰাজিত হয়। ১৯৫৭ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত কমলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ পুনৰ বিফলতাৰ মুখ দেখিব লগা হয়। ১৯৬৭ চনত লক্ষ্যধৰ চৌধুৰীয়ে প্ৰথম বাৰৰ বাবে অসম বিধান সভাৰ মজিয়ালৈ নিৰ্বাচিত হয়[8]। সেই কালছোৱাত তেওঁ ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভা আদিৰ সতে লগলাগি অসমত এক সাংস্কৃতিক গনজাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ১৯৭২ চনত তেওঁ পূনৰ্বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৭৮ চনৰ গোলাপ বৰবৰা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লক্ষ্যধৰ চৌধুৰীয়ে শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰিত্ব লাভ কৰে।

লক্ষ্যধৰ চৌধুৰী ১৯৭৫ চনত প্ৰয়াত ৰাধাগোবিন্দ বৰুৱাৰ পাছত গুৱাহাটী পৌৰ নিগমৰ দ্বিতীয় গৰাকী মেয়ৰ হিচাপে নিৰ্বাচিত হয়। স্বাধীনতা আন্দোলনত এজন অগ্ৰনী স্বেচ্ছাসেৱক হিচাপে যোগদান কৰে। লক্ষ্যধৰ চৌধুৰীয়ে পাছৰ কালচোৱাত তেওঁ গুৱাহাটীৰ আমবাৰী অঞ্চলত নিগাজীকৈ থাকিবলৈ লয়।

নিজৰ বৰ্ণময় জীৱন পৰিক্ৰমাত লক্ষ্যধৰ চৌধুৰীয়ে প্ৰজা চছিয়েলিষ্ট পাৰ্টীৰ সভাপতিৰ আসন সূশোভিত কৰাৰ উপৰিও ৰাধাগোবিন্দ স্মৃতি ৰক্ষা সমিতি তথা লতাশিল প্ৰাথমিক বিদ্যালয়ৰ সভাপতিৰ পদো অলংকৃত কৰি থৈ গৈছে। ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ চৌধুৰীদেৱ ছচিয়েলিষ্ট পাৰ্টীৰ মুখপাত্ৰ জনতাৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। চছিয়েলিষ্ট দলত যোগদান কৰি চৌধুৰীদেৱে তিনি বছৰ কাল আত্মগোপন কৰি থকা কালত জয়প্ৰকাশ নাৰায়ণ,ৰামমোহন লোহিয়া, অচ্যুত পাট্টবদ্ধন, অৰুণা আশ্ৰফ আলি, আচাৰ্য নৰেন্দ্ৰদেৱৰও সানিধ্য লাভ কৰিছিল।[9]

সাহিত্য সভা সম্পাদনা কৰক

১৯৯১ চনৰ অসম সাহিত্য সভাৰ ৫৮তম গোৰেশ্বৰ অধিবেশনৰ সভাপতি হিচাপে লক্ষ্যধৰ চৌধুৰীক নিৰ্বাচিত কৰা হৈছিল। গোৰেশ্বৰৰ ৰাংছিনা ভৱনত অসম সাহিত্য সভাৰ সভানেত্ৰী নিৰ্মল প্ৰভা বৰদলৈৰ সভানেত্ৰিত্বত অনুষ্ঠিত ১৯৯১-৯২ বৰ্ষৰ তৃতীয় পূৰ্ণাঙ্গ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সভাত চৌধুৰী নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰা হয়।

অসম সাহিত্যসভাৰ সভাপতি হিচপে নিৰ্বাচিত হৈ লক্ষ্যধৰ চৌধুৰীয়ে কয় যে সাহিত্য সভা সম্পৰ্কত তেওঁ কয় যে অসম সাহিত্য সভা অসমৰ মাতৃ স্বৰূপ। “মই সাহিত্য সভাৰ সৈতে এতিয়ালৈকে জড়িত নহয়। সাহিত্য সভাৰ সৈতে মোৰ সম্পৰ্ক নাই। সাহিত্য সভাৰ বৈঠকলৈ মাতিলে মই যাও। সাহিত্য সভাৰ বিৰুদ্ধে মই একো লিখা নাই। কাৰণ মাতৃ নিন্দা বেয়া।”[5]

ব্যক্তিগত জীৱন আৰু মৃত্যু সম্পাদনা কৰক

চৌধুৰীদেৱে ১৯৪৯ চনত ডিব্ৰুগড়ৰ ঊষা চৌধুৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। চৌধুৰী দম্পতীৰ পাঁচটি সন্তান ক্ৰমে অমৰজ্যোতি চৌধুৰী, অঞ্জনজ্যোতি চৌধুৰী, অৰুপজ্যোতি চৌধুৰী, অনুপজ্যোতি চৌধুৰী আৰু অনুৰাধা দাস। অসমৰ নাট তথা বোলছবি জগতৰ পিতামহ স্বৰূপ এইজনা শিল্পীৰ ২০০০ চনৰ ১৮ আগষ্টত কৰ্মময় জীৱনৰ পৰিসমাপ্তি ঘটে।

কৰ্মৰাজি সম্পাদনা কৰক

 
লক্ষ্যধৰ চৌধুৰী

কম বয়সতে অভিনেতা হিচাপে সুখ্যাতি অৰ্জন কৰা লক্ষ্যধৰ চৌধুৰীয়ে ছাত্ৰাৱস্থাতেই কামাখ্যানাথ ঠাকুৰ, জলতিৰাম লহকৰ আদিৰ দৰে নাট্যকাৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ 'একলব্য' নামৰ এখনি নাট ৰচনা কৰি নিজৰ প্ৰতিভাৰ ইংগিত দিছিল। তেওঁৰ ৰচিত উল্লেখযোগ্য নাটকবোৰ হ'ল 'ৰক্ষা কুমাৰ', 'আলিবাবা', 'ওমলা ঘৰ', 'নিমিলা অংক', 'যৱনিকাৰ আঁৰে আঁৰে' ইত্যাদি। তেওঁৰ গদ্য সাহিত্যই অসমীয়া সাহিত্য জগতত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁৰ গল্পসমূহ চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত মাহেকীয়া অসমীয়া আলোচনী 'প্ৰকাশ'ত নিয়মিয়াকৈ প্ৰকাশিত হৈছিল। লক্ষ্যধৰ চৌধুৰীৰ প্ৰথম প্ৰকাশিত গল্পটি হৈছে 'চণ্ডিকাই'। তেওঁৰ দুখন উল্লেখযোগ্য গল্প সংকলন হ'ল 'মানুহ বিছাৰি'[10] আৰু 'মইনামতি'। তেওঁৰ প্ৰকাশিত অন্যান্য পুথিসমূহ হ’ল 'ৰাজনীতিৰ অ আ ক খ', 'মোৰ অভিনেতা জীৱনৰ কাহিনী' ইত্যাদি।[11]

ৰংমহলৰ অস্থায়ী মঞ্চসজ্জাৰ পৰা আৰম্ভ কৰি কুমাৰ ভাস্কৰ নাট্য মন্দিৰলৈ এক সূদীৰ্ঘ বাট অতিক্ৰম কৰা লক্ষ্যধৰ চৌধুৰীয়ে নাট্য জগতৰ উপৰিও অসমীয়া বোলছবি জগততো নিজৰ বলিষ্ঠ অভিনয়ৰে অভিনয় প্ৰতিভাৰ নিদৰ্শন দেখুৱাই থৈ যাবলৈ সক্ষম হৈছিল। ১৯৫৫ চনৰ ১৬ ছেপ্তেম্বৰত মুক্তি দিয়া 'নিমিলা অংক'[12] আৰু ১৯৪৭ চনৰ ১৫ এপ্ৰিলত মুক্তিপ্ৰাপ্ত 'বদন বৰফুকন' তেখেতে অভিনয় কৰা দুখন উল্লেখযোগ্য অসমীয়া চলচ্চিত্ৰ। 'নিমিলা অংক' ছবিখনৰ পৰিচালকো আছিল লক্ষ্যধৰ চৌধুৰী। ১৯৬১ চনত মুক্তিপ্ৰাপ্ত 'লাচিত বৰফুকন' কথাছবিখন লক্ষ্যধৰ চৌধুৰীয়ে প্ৰবীণ ফুকনৰ সতে যুটীয়াভাৱে পৰিচালনা কৰিছিল।[13] ৮৫ বছৰ বয়সতো তেওঁ ঠিকনা নামৰ স্বৰচিত নাট এখনিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকক চমক দিবলৈ সক্ষম হৈছিল।

নাট সংকলন
  • একলব্য,
  • ৰক্ষ কুমাৰ শ্ৰীকৃষ্ণ,
  • আলিবাবা,
  • ওমলাঘৰ,
  • নিমিলা অংক,
  • যৱনিকাৰ আৰে আৰে,
  • দাতাকৰ্ণ,
  • এনিশাৰ অতিথি,
  • ঠিকনা

গ্ৰন্থ সংকলন
  • অনুভৱ,
  • মইনামতী,
  • ভিন্নজন ভিন্ন মন,
  • মানুহ বিচাৰি,
গল্প সংকলন
  • চণ্ডিকাই
আন্যান্য পুথি
  • ৰাজনীতিৰ অ আ ক খ,
  • মোৰ অভিনেতা জীৱনৰ কাহিনী

বঁটা-সন্মান সম্পাদনা কৰক

অসমীয়া সাহিত্য জগতত তেখেতে আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ বাবে তেখেতৰ জন্মদিনটোক তেখেতৰ অনুৰাগীসকলে 'কিতাপৰ দিন' (Day of Books) হিচাপে উদ্‌যাপন কৰি আহিছে[14]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "ডা° অঞ্জনজ্যোতি চৌধুৰী চাৰৰ সৈতে এক অন্তৰংগ আলাপ". সাক্ষাৎকাৰ. ফটাঢোল. ১ জুন, ২০২০. https://fotadhol.com/?p=14436। আহৰণ কৰা হৈছে: 22 মে' 2024. 
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. vedanti.com Archived 2013-09-26 at the Wayback Machine আহৰণ: ১১-০৭-২০১২
  4. bipuljyoti.in Archived 2016-03-03 at the Wayback Machine আহৰণ: ১১-০৭-২০১২
  5. 5.0 5.1 "লক্ষ্যধৰ চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি". দৈনিক অসম. 2 December 1991. 
  6. ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ১৬৮, ১৬৯. 
  7. FREEDOM STRUGGLE IN ASSAM, আহৰণ: ১১-০৭-২০১২
  8. Assam Legislative Assembly - MLA 1967-72 আহৰণ: ১১-০৭-২০১২
  9. bipuljyoti.in Archived 2016-03-03 at the Wayback Machine আহৰণ: ১১-০৭-২০১২
  10. bhuruka.org Archived 2012-11-28 at the Wayback Machine আহৰণ: ১১-০৭-২০১২
  11. lakshyadharchoudhurymemorialtrust.org Archived 2015-02-13 at the Wayback Machine আহৰণ: ১১-০৭-২০১২
  12. enajori.com[সংযোগবিহীন উৎস] আহৰণ: ১১-০৭-২০১২
  13. rupaliparda.com আহৰণ কৰা তাৰিখ: ১৩-০৭-২০১২
  14. The Assam Tribune Archived 2011-08-21 at the Wayback Machine, প্ৰকাশ: ১৪ নবেম্বৰ, ২০০৯, আহৰণ: ১১ জুলাই, ২০১২