বদলা পদ্ম আতা সত্ৰ লখিমপুৰ জিলানাৰায়ণপুৰৰ শক্ৰাহী গাওঁত অৱস্থিত। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত এই সত্ৰখন স্থাপন কৰে[1]। প্ৰবাদ আছে যে বদলা পদ্ম আতাই মাধৱদেৱৰ অধীনত উজনি অসমত বৈষ্ণৱ ধৰ্ম চোৱা চিতাৰ ভাৰ পাইছিল, তেখেতে জমদগ্নিৰ ভূমিত এই সত্ৰখন স্থাপন কৰিছিল। এসময়ত এই স্থান বৈষ্ণৱ ধৰ্ম চৰ্চাৰ মূখ্য কেন্দ্ৰ হৈ পৰিছিল। শংকৰ-মাধৱৰ মহাপ্ৰয়ানৰ পাছত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বদলা পদ্ম আতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সত্ৰ খন অনেক পুৰণি গ্ৰন্থৰ সংগ্ৰহেৰে সমৃদ্ধ। বদলা সত্ৰৰ লগতে আছে "ফুলনিথান"।

শ্ৰীশ্ৰীবদলা পদ্মআতা শক্ৰাহী সত্ৰ
শ্ৰীশ্ৰীবদলা পদ্মআতা শক্ৰাহী সত্ৰ is located in Assam
শ্ৰীশ্ৰীবদলা পদ্মআতা শক্ৰাহী সত্ৰ
অসমত স্থান
ভূ-স্থানাংক 26°59′47″N 93°53′49″E / 26.99639°N 93.89694°E / 26.99639; 93.89694
নাম
অন্য নাম শক্ৰাহী সত্ৰ
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা লক্ষীমপুৰ
এলেকা নাৰায়ণপুৰ,শক্ৰাহী
স্থাপত্য আৰু সংস্কৃতি
প্ৰধান উৎসৱ শংকৰদেৱৰ আবিৰ্ভাৱ আৰু তিৰোভাব তিথি,মাধৱদেৱৰ আবিৰ্ভাৱ ও তিৰোভাৱ তিথি,পদ্মআতাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ তিথি,দৌলযাত্ৰা(কলীয়া গোঁসাই ভ্ৰমণ),তিনি বিহু,ভাগৱত পাঠ,জন্মাষ্টমী,বৃন্দাৱনীয়া নাম
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৬৬৩
প্ৰতিস্থাপক বদলা পদ্ম আতা

প্ৰতিষ্ঠা সম্পাদনা কৰক

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গাৰ বদলেৰে তিতা চোমধৰৰ পুত্ৰ শ্ৰী বদলা পদ্ম আতাই বৰনদীৰ পৰা ব্ৰহ্মকুণ্ডলৈকে উজনিৰ ধৰ্মাচাৰ্যৰ দায়িত্ব পাইছিল। তেওঁ নাৰায়ণপুৰৰ পিঠিকটা মুকুণ্ডৰ ফুলনিবাৰীত শ্ৰীশ্ৰী ফুলনিথান আৰু জমদগ্নী ব্ৰাহ্মণৰ পৰা এটোলা সোণৰ বিনিময়ত কিনাভেটিত ১৬৩৬ চনত শ্ৰীশ্ৰী বদলা সত্ৰ স্থাপন কৰে[1]

নৱবৈষ্ণৱ ধৰ্মত গুৰুত্ব সম্পাদনা কৰক

এই দুখন থানে এসময়ত বৰনাৰায়ণপুৰক কেন্দ্ৰ কৰি সমগ্ৰ উজনি অসমত নাম ধৰ্মৰ বাণী প্ৰচাৰৰ যোগেদি ধৰ্মসমাজক সমৃদ্ধ কৰি তুলিছিল। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীমাধৱদেৱৰ পাচতে যিসকল ধৰ্মাধিকাৰে নৱবৈষ্ণৱ আন্দোলনৰ বাঘজৰী হাতত লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শংকৰ-মাধৱকীৰ্তন ঘোষা নাম প্ৰসংগৰে ঝংকাৰিত কৰি তুলিছিল সেই অগ্ৰণীসকলৰ অন্যতম আছিল বৰনাৰায়ণপুৰৰ শ্ৰীশ্ৰী ফুলনিথান, শ্ৰীশ্ৰী বদলা সত্ৰ আৰু মাজুলীকমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাতা শ্ৰীশ্ৰী বদলা পদ্ম আতা। "কথাগুৰু চৰিত" আৰু দীননাথ বেজবৰুৱাৰ "বৰচৰিত"ত এই দুই থানৰ সুন্দৰ বিৱৰণ আছে।

অৱস্থিতি আৰু সত্ৰৰ বৰ্ণনা সম্পাদনা কৰক

নাৰায়ণপুৰ চহৰৰ এলেকাৰ কাষতে বহু বিঘা মাটিৰ নিজা মাটিৰ নিজা চৌহদত সত্ৰ আৰু থানখন অৱস্থিত। সত্ৰলৈ সোমাই যোৱা সোঁফালে খোলচোৱা পুখুৰী দেখা পোৱা যায়। আতাই সত্ৰৰ খোল চাবৰ বাবে এই পুখুৰীৰ কাষতে এঘৰ মানুহ বহুৱাইছিল সেইয়ে এই পুখুৰীৰ নাম খোলচোৱা পুখুৰী হয়।[1]

মাধৱদেৱ কলাক্ষেত্ৰ সম্পাদনা কৰক

সত্ৰৰ চৌহদতে ৪৪.৮৬ বিঘা অঞ্চলত বিস্তৃত হৈ আছে মাধৱদেৱ কলাক্ষেত্ৰ । ২০২৩ চনৰ ১০ মে' তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰখনৰ শুভ উদ্বোধন কৰে।[2] পশ্চিম হাটীত সংগ্ৰহালয়, অতিথিশালা,৭০০ খন আসনযুক্ত প্ৰেক্ষাগৃহ, দক্ষিণ হাটীত ভকতগৃহ, নামঘৰ আৰু আতা গৃহ, কাৰ্যালয়, নিৰাপত্তাৰক্ষীৰ কাৰ্যালয়, ১৭৫ খন গাড়ী ৰাখিব পৰাকৈ পাৰ্কিংৰ সুবিধা, চিচিটিভিৰ সুবিধা, সমগ্ৰ চৌহদত সংগীতৰ ব্যৱস্থাৰে কলাক্ষেত্ৰখন সমৃদ্ধ। তদুপৰি শিশু উদ্যান, জলপান গৃহ, পাণ্ডুলিপি ভৱন, কলা কৃষ্টি কেন্দ্ৰ, মণিকূট আৰু সত্ৰাধিকাৰৰ বাসগৃহও নিৰ্মিত হৈছে।[3][4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 শিৱ শৰ্মা. বাৰ বৈষ্ণৱৰ স্থান নাৰায়ণপুৰ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সমন্বিতে ইয়াৰ সন্তসকল. 
  2. ANI (2023-05-10). "Assam CM inaugurates Sri Sri Madhabdev Kalakshetra at Narayanpur, lays foundation stone of several projects" (en-US ভাষাত). ThePrint. https://theprint.in/india/assam-cm-inaugurates-sri-sri-madhabdev-kalakshetra-at-narayanpur-lays-foundation-stone-of-several-projects/1566865/। আহৰণ কৰা হৈছে: 2023-05-13. 
  3. Gogoi, Chinmoy (2023-05-11). "মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত “শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ” ৰাইজৰ বাবে মুকলি" (en-US ভাষাত). EastMojo Assam. http://assam.eastmojo.com/news/sri-sri-madhab-dev-kalakshetra-in-lakhimpur/। আহৰণ কৰা হৈছে: 2023-05-13. 
  4. "Madhabdev Kalakshetra inaugurates ৰাইজৰ বাবে মুকলি হল মাধৱদেৱ কলাক্ষেত্ৰ" (as ভাষাত). ETV Bharat News. https://www.etvbharat.com/assamese/assam/state/lakhimpur/assam-cm-inaugurates-madhabdev-kalakshetra-in-lakhimpur/assam20230510154644516516447। আহৰণ কৰা হৈছে: 2023-05-13. 

বাহ্যিক সংযোগ সম্পাদনা কৰক