বনগুটি (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus) এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷[1]

বনগুটি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
গণ: Chrysopogon
প্ৰজাতি: aciculatus
সমাৰ্থক

Andropogon aciculatus
Raphis acicularis

বিস্তৃতি সম্পাদনা কৰক

বনগুটি এছিয়া, পলিনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা ঘাঁহ৷ বহুতো ঠাইত এই ঘাঁহক আগ্ৰাসী উদ্ভিদ (invasive species) হিচাপে গণ্য কৰা হয়৷

বিৱৰণ সম্পাদনা কৰক

বনগুটিৰ পাতবোৰ বহল আৰু সেউজীয়া৷ পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগফালে ক্ৰমান্বয়ে সৰু হয়৷ ইয়াৰ দীঘল দীঘল ঠাৰিবোৰৰ আগত ফুল ধৰে৷ ফুলৰ পৰা ক্ষুদ্ৰ আকাৰৰ ধানৰ দৰে গুটি ধৰে৷ এই গুটিকে বনগুটি বুলি কোৱা হয়৷ এই বনগুটিবোৰ মানুহৰ কাপোৰত লাগি ধৰে৷[2]

বনগুটি ঘন ঘনকৈ সমানভাৱে উৎপত্তি হৈ দলিছাৰ দৰে বিয়পি পৰা দেখা যায়৷[2]

 
at Peradeniya Royal Botanical Garden

তথ্যউৎস সম্পাদনা কৰক

  1. USDA, ARS, Germplasm Resources Information Network. বনগুটি in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 21 January 2018.
  2. 2.0 2.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ