বনঘোষা বনঘোষা পুৰণি কালৰে পৰা অসমত চলি অহা গীত। বিহুগীত আৰু বনঘোষা এই গীত দুটিৰ মাজত পাৰ্থক্য আছে। য’ত বনৰীয়া প্ৰকৃতিৰ প্ৰেমৰ সোৱাদ আছে; যত আছে হাবিয়লীয়া গাঁৱলীয়া ডেকাৰ গাভৰুৰ প্ৰতি ভালপোৱাৰ সংবেদন আৰু মিলনৰ আকাংক্ষা। বনঘোষা মাত্ৰেই অনুসন্ধিৎসুমুলক; যৌৱনে যৌৱনক বিচাৰি ফুৰাৰ আশা আকাংক্ষাৰ ভাবব্যঞ্জক।বিশ্বাস আৰু সংশয়ৰ মাজেৰেহে পবিত্ৰ প্ৰেমৰ সূচনা ; এই কথা প্ৰতিশাৰী বনগীততেই নিহিত হৈ আছে। যেনে:

           কেলৈ স্ৰজিলা সৰজন ঐ দেৱতা,
        উৰনীয়া চৰাইয়ে যোৰ পাতি উৰি যায়,
              আমাৰ যোৰ পাঁতোতা নাই।
          বনৰ বনে পখী উৰে যোৰে পাতি
                 পৃথিবীত পৰিলে ছায়া;
       সপোন সামাজিকত ফুঁৰো একেলগে,
                কোনজন ঈশ্বৰৰ মায়া।
       
         কাকে কৈয়ে যামে মোৰে দুখৰ কথা,
                কোনে পাতি শুনে কান,
       চেনেহীৰ কথাকে ভাবোতে চিন্তোতে,
                 দেহালৈ পৰিছে টান।
        বোকাৰে গৰৈ মাছ বোকাতে ঘুৰিলে,
                 পথাৰত ঘুৰিলে বগ,
          মনৰ কথাষাৰি মনতে বহিলে,
                কবলৈ নেপালো লগ।

ডঃ লীলা গগৈৰ ‘বিহুগীত আৰু বনঘোষা”সংজ্ঞাত বনঘোষাক গৰখীয়া নাম বোলা হৈছে। বনঘোষা শব্দটো নতুন। সমালোচক সকলে অতীতৰ বিহুনাম,গৰখীয়া নামকেই বনঘোষা বুলি কৈছে। আগৰ দিনত ডেকা সকলৰ কোনোবা ম’হ ৰখীয়া কোনোবা গৰু ৰখীয়া আছিল। এনে পৰিবেশতেই এই নাম বিলকৰ চৰ্চা হৈছিল বাবে এইগীত সমূহক গৰখীয়া গীত ৰূপে জনা গৈছিল। বনৰ বৰ্ননা থকা গীত সমূক বনগীত বা বনঘোষা বোলে। যি বিলাক গীত গালে শ্ৰোতাৰ মনচক্ষুত মোহনীয় প্ৰকৃতিৰ চিত্ৰ খন ভাঁহি উঠে,যিবোৰ গীত গালে এক তীব্ৰ আৱেগে হৃদয় স্পৰ্শ কৰি যায় তেনেবোৰ গীতই বনঘোষাৰ শাৰীত পৰে। গাঁৱৰ গৰখীয়া লৰাই নিজানত ঢোপটং,টেংটং,সুতুলী লুহুৰী আদি ব্যৱহাৰ কৰে। [1]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. ১৬-৩০ এপ্ৰিল ১৯৯৪ চনৰ ‘প্ৰান্তিক’ত প্ৰকাশিত প্ৰতাপ হাজৰিকাৰ প্ৰৱন্ধ "বিহুগীত আৰু বনঘোষা"