বনজুই

আব্দুল মজিদ পৰিচালিত অসমীয়া চলচ্চিত্ৰ

বনজুই (ইংৰাজী: Banjui) ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।[1]

বনজুই

চাৰেগামা-ডট-কমত 'বনজুই'ৰ গীতৰ এলবাম কভাৰ
পৰিচালক আব্দুল মজিদ
ৰচনা চৈয়দ আব্দুল মালিক
চিত্ৰনাট্য আব্দুল মজিদ
প্ৰযোজক ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে
অভিনয়ত জেইবা মমতাজ
বিশ্বজিৎ
চিত্ৰগ্ৰহণকাৰী বিজয় দে
সম্পাদনা প্ৰণৱ ঘোষ
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
২৬ মে’ ১৯৭৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

দ্বিতীয় বিশ্বযুদ্ধৰ সময়। যুদ্ধৰ অশান্ত প্ৰভাৱ নপৰা এখন গাঁও বৰপদুমণি। সেই গাঁৱৰে এহাল নিঃসন্তান দম্পত্তি প্ৰেমধৰ আৰু জোনা। বিয়াৰ বহু বছৰ পাছতো তেওঁলোকৰ সন্তান নোহোৱাত গাঁৱত বি-বি-বা-বা। এনেতে বৰপদুমণিত আহি থিতাপি ল’লে গোলাপে। চৈধ্যমাহ জেল খাটি অহা গোলাপে নিজকে দেশপ্ৰেমিক সজাই নানা কৌশলেৰে গাঁৱবাসীৰ মন মুহিলে। সিয়ে প্ৰেমধৰ আৰু জোনাৰ দাম্পত্য জীৱনত অশান্তিৰ ধুমুহা মাতি আনিলে। তাৰ সৈতে ছাত্ৰজীৱনৰ পৰা বন্ধুত্ব থকা আৰু এতিয়াৰ মাটিৰ হাকিম মাখনৰ কোলাহল মুক্ত জীৱনত ধুমকেতুৰ দৰে প্ৰবেশ কৰি মাখনকো অপদস্ত কৰিলে।

এদিন গোলাপৰ আত্মশুদ্ধি হ’ল। যুদ্ধ কৰিব অহা মিলিটেৰীৰৰ ভোগৰ সামগ্ৰী হৈ থকা গাভৰু মইনাক গোলাপেই উদ্ধাৰ কৰি আনি ভনীয়েকৰূপে মাখনক গটাই দিলে। জোনা আৰু প্ৰেমধৰৰ জীৱনলৈ এটা সন্তান আহিল।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • জেইবা মমতাজ
  • বিশ্বজিত
  • মৃদুলা বৰুৱা
  • তিলমিজুৰ ৰহমান
  • ৰমেন শৰ্মা
  • ৰাণা তামুলী
  • প্ৰফুল্ল শৰ্মা
  • মাধৱ বৰঠাকুৰ
  • হৰিনাৰায়ণ দত্ত
  • তৰুণ দেৱশৰ্মা
  • ফটিক বৰুৱা
  • হিৰণ্য ভট্ট
  • শৰৎ গগৈ আদি[1]

কলা-কুশলী সম্পাদনা কৰক

  • শব্দগ্ৰহণ- অৰবিন্দ সেন
  • চিত্ৰনাট্য, অতিৰিক্ত সংলাপ- আব্দুল মজিদ
  • দৃশ্যসজ্জা- খগেন দত্ত, দিলীপ নেওগ, সত্য, পবন আদি[1]

সঙ্গীত সম্পাদনা কৰক

ছবিৰ সঙ্গীত আৰু গীত ৰচনা কৰিছে ভূপেন হাজৰিকাই। মুঠ গীত আছে সাতটা। গীতসমূহ গাইছে ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীয়ে।[2][1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "জোনাই যেন জোনাকত গা ধুইছিল, নৈৰ যেন সোঁতে তাইক উটুৱাই নিছিল"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
2. "কি বিচাৰি ওৰে জীৱন কেনি আগুৱালো, বহু সুতৰ মোহত পৰি মূলো হেৰুৱালো।"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
3. "বনজুই বনতহে জ্বলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে দেখাতো নাপায় হে।"  ভূপেন হাজৰিকাভূপেন হাজৰিকা, অঞ্জু দেৱী  
4. "ঘুমুটি যাওৰে মোৰে সোণ জীউটি শিয়ালী নাহিবি ৰাতি"  ভূপেন হাজৰিকাঅঞ্জু দেৱী  
5. "মংস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোহো প্ৰণাম"  শ্ৰী শ্ৰী মাধৱদেৱভূপেন হাজৰিকা  
6. "কিনো কপাল সাধি আহিলি বান্ধৈ ঘৰ মৰিশালী হ’ল, আপোন হাতেৰে ফুলনি পাতিলি থিতাতে মৰহি গ’ল"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
7. "শ্যাম কানু সত্যৰ মৰণ নাই"  ভূপেন হাজৰিকাভূপেন হাজৰিকা, অঞ্জু দেৱী  

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 263. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 289. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

গানা ডট কমত বনজুইৰ গীত