বনবিবি
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
বনবিবি হৈছে ভাৰতৰ পশ্চিমবংগ আৰু বাংলাদেশৰ সুন্দৰবন অঞ্চলত অৱস্থিত জনপ্ৰিয় লোকদেৱতা বা পিৰানি। এইগৰাকী লোকদেৱতা মূলতঃ মৎস্যজীবী, মধু-সংগ্ৰহকাৰী আৰু কাঠ-কটিয়া সম্প্ৰদায়ৰ দ্বাৰা পূজিত। এইগৰাকী লোকদেৱতা বনাঞ্চল আৰু ইয়াৰ বাসিন্দাসকলৰ ৰক্ষক হিচাপে পৰিচিত। এই অঞ্চলৰ মানুহে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বনবিবিক পূজা কৰে।[1] বনবিবি বনদেৱী, বনদুৰ্গা, ব্যাঘ্ৰদেবী বা বনচণ্ডী নামৰেও পৰিচিত।
কিংবদন্তি
সম্পাদনা কৰকবনবিবিৰ কিংবদন্তি "বনবিবিৰ কেৰামতি" (বনবিবিৰ অলৌকিক কৰ্ম) আৰু "বনবিবিৰ যহুৰানামা" (বনবিবিৰ গৌৰৱময় কাহিনী) নামৰ কেইটামান লোককবিতাত পোৱা যায়। এই কবিতাৰ কবিসকলৰ ভিতৰত বায়ানুদ্দিন আৰু মহম্মদ খত্তৰ বিশেষভাৱে পৰিচিত আৰু তেওঁলোকৰ ৰচনাৰ বিষয়বস্তুৰ মাজত বহু সাদৃশ্য আছে।[2] এই কাহিনীৰ মূল দুটা খণ্ড: দক্ষিণৰায়ৰ সৈতে যুদ্ধ আৰু দুখৰ বিৱৰণ।
দক্ষিণৰায়েৰ সৈতে যুদ্ধ
সম্পাদনা কৰককিংবদন্তি অনুসৰি বনবিবি মক্কাৰ ইব্ৰাহিম ফকিৰ (স্থানীয়ভাৱে বেৰাহিম নামেৰে জনাজাত)ৰ কন্যা। ইব্ৰাহিমৰ প্ৰথম পত্নী ফুলবিবি সন্তানহীন আছিল। তাই স্বামীক এটা চৰ্তত পুনৰ বিবাহ কৰিবলৈ অনুমতি দিলে, ইয়াৰ পিছত ইব্ৰাহিমে গুলাল বিবিক বিয়া কৰাইছিল। এই সময়ত আল্লাহে বনবিবি আৰু শ্বাহ জাংগলীক গুলালবিবিৰ সন্তান হিচাপে জন্ম ল’বলৈ নিৰ্দেশ দি স্বৰ্গৰ পৰা পৃথিৱীলৈ পঠিয়াই দিলে। যেতিয়া গুলালবিবি গৰ্ভৱতী হৈছিল তেতিয়া ইব্ৰাহিমে ফুলবিবিৰ চৰ্তত তাইক হাবিত পৰিত্যাগ কৰিছিল। এই অৰণ্যতে বনবিবি আৰু শ্বাহ জাংলিৰ জন্ম হৈছিল। আল্লাহে আকাশৰ পৰা চাৰিজন বন্দাক পঠিয়াইছিল তেওঁলোকৰ যত্ন ল’বলৈ। গুলাল বিবি শ্বাহে বনবিবিক জাংলিৰ হাতত এৰি থৈ গৈছিল। বনবিবি অৰণ্যত ডাঙৰ-দীঘল হৈয়েই আছে। সাত বছৰৰ পাছত ইব্ৰাহিমে নিজৰ ভুলটো উপলব্ধি কৰি গুলাল বিবিক সন্তান দুটাৰ সৈতে লৈ মক্কালৈ উভতি গ’ল।
এবাৰ প্ৰাৰ্থনা কৰি থাকোঁতে বনবিবি আৰু শ্বাহ জঙ্গলীয়ে দুটা যাদুকৰী টুপী লাভ কৰে। সেই টুপীটোৰেই তেওঁলোক হিন্দুস্তানৰ আঠাইশটা উপত্যকাৰ (সুন্দৰবন) দেশলৈ গৈছিল। আন এটা বিৱৰণী অনুসৰি তেওঁলোকক গেব্ৰিয়েলৰ আঠাইশজনৰ দেশলৈ অনা হৈছিল। তাত উপস্থিত হৈ শ্বাহ জঙ্গলী প্ৰাৰ্থনাত বহিল। সেই সময়ত আঠাইশখন ভাটী দেশ দানৱৰাজ দক্ষিণৰায়ৰ নিয়ন্ত্ৰণত আছিল। শ্বাহ জঙ্গলীৰ প্ৰাৰ্থনা শুনি তেওঁ বন্ধু সনাতন ৰায়ক সোধা-পোছা কৰিবলৈ পঠালে। পিছত সনাতনৰ মুখত বনবিবি আৰু শ্বাহ জঙ্গলীৰ কথা শুনি দক্ষিণৰাইয়ে তেওঁলোকক সেই অঞ্চলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। যুদ্ধলৈ যাওঁতে মাক নাৰায়ণীয়ে তেওঁক ৰখাই নিজেই অসুৰৰ সৈন্যবাহিনী লৈ বনবিবিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সমদল উলিয়াই। দীৰ্ঘদিনীয়া যুদ্ধৰ অন্তত বনবিবিয়ে নাৰায়ণীক পৰাস্ত কৰে। কিন্তু দয়া কৰি তেওঁ নাৰায়ণীক ৰাজ্যৰ আধা আৰু পুত্ৰক ঘূৰাই দিলে। তাৰ পিছত নাৰায়ণীৰ লগত বনবিবিৰ সম্পৰ্ক গঢ় লৈ উঠিল। যদিও সুন্দৰবনৰ বাসিন্দাসকলে বসতিপ্ৰধান অঞ্চলটোক বনবিবি ৰাজ্য বুলি স্বীকৃতি দিয়ে, তথাপিও তেওঁলোকে দক্ষিণৰায়ক গভীৰ জংঘলটোৰ শাসক বুলি গণ্য কৰে।
দুখৰ বিৱৰণ
সম্পাদনা কৰকবাৰিজাহাটী গাঁৱত ধনাই আৰু মনৈ নামৰ দুজন ‘মৌলি’ (মৌ-সংগ্ৰাহক) বাস কৰিছিল। তেওঁলোক দুয়োজনে ভাতৃ আছিল। ধনাইয়ে মৌ সংগ্ৰহৰ বাবে সাতখন নাওৰে অভিযান চলাবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু মনৈয়ে তাক বাধা দিয়ে। অৱশেষত দুখীয়া গোহালিৰ ল’ৰা দুখে মৌৰ অভিযানত নামি গ’ল। নাওখনৰ পৰা ওলোৱাৰ আগতে দুখৰ মাকে দুখক বিপদৰ সময়ত বনবিবিক মনত পেলাবলৈ ক’লে। কেন্দুখালিৰ চৰত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে দক্ষিণৰায়ক সন্মান জনাবলৈ পাহৰিছিলে। সেই গতিকে, তিনিদিন ধৰি মৌ সংগ্ৰহ কৰিবলৈ অক্ষম হৈছিল। তৃতীয় ৰাতি দক্ষিণৰায়ে সপোনত আবিৰ্ভাৱ হৈ তেওঁলোকক বলি দিবলৈ আজ্ঞা দিলে। দক্ষিণৰায়ৰ লগত কিছু বাক-বিতণ্ডা কৰাৰ পিছত লোভী ধনাইয়ে মৌ বিনিময়ত দুখক বলি দিবলৈ সন্মত হয়। তাৰ পিছত তেওঁ বৃহৎ পৰিমাণৰ মৌ সংগ্ৰহ কৰি দুখক অৰণ্যতে এৰি নিজ গাঁৱলৈ উভতি যায়।
ইফালে দক্ষিণৰায়ে বাঘৰ বেশ পিন্ধি যেতিয়া দুখেক মাৰিবলৈ যায় তেতিয়া তেওঁ বনবিবিক মনত পেলাই। দুখাৰ প্ৰাৰ্থনা শুনি বান বিবি আৰু ভায়েক জঙ্গলী আহিল। জঙ্গলীয়ে দক্ষিণ ৰায়ক পৰাস্ত কৰে। পৰাজিত দক্ষিণৰাইয়ে খান গাজী (গাজী পীৰ)ত আশ্ৰয় লয়। বনবিবি আৰু শ্বাহ জঙ্গলীয়ে দক্ষিণৰায়ক খেদি খেদি খান গাজীৰ আগত হাজিৰ হয়। অৱশেষত গাজীয়ে, দক্ষিণৰাইৰ কোনো ক্ষতি নকৰিবলৈ বনবিবিক পতিয়ন নিয়াই। বিনিময়ত গাজীয়ে দুখেক সাতটা বহুমূলীয়া কাৰ্টুলি দিলে আৰু দক্ষিণৰায়ে তেওঁক প্ৰচুৰ পৰিমাণে মৌ দিলে। বনবিবিৰ আদেশত দুখেৰ সাজ-পোছাকযোৰ কুকুৰাবোৰে লৈ তেওঁৰ গাঁৱত থৈ আহে। গাঁৱলৈ উভতি আহি দুখে বনবিবিৰ পূজা জনপ্ৰিয় কৰি তুলিলে। পিছত ধনৈৰ কন্যা চম্পাক বিয়া কৰাই দুখ গাঁৱৰ ‘চৌধুৰী’ (মুৰব্বী) হৈ পৰে।
বনবিবিৰ মূৰ্তি
সম্পাদনা কৰকবনবিবিক হিন্দু সমাজত বনদুৰ্গা, বনচণ্ডি বা বনদেৱী বুলিও পূজা কৰা হয়। তেওঁ মাতৃ দেৱী, ভক্তি আৰু দয়ালু। তেওঁৰ মূৰ্তিও ধুনীয়া আৰু ৰূপৱতী। হিন্দু সমাজৰ মূৰ্তিত তেওঁৰ শৰীৰৰ ৰং হালধীয়া, মুকুট, কণ্ঠহৰ আৰু বনৰীয়া ফুলৰ মালা আৰু লাঠি বা ত্ৰিশূল ধাৰণ কৰে। মুছলমান সমাজত বনবিবিক পিৰানী নামেৰে জনাজাত। ইছলামিক প্ৰভাৱিত মূৰ্তিত তেওঁ টিকলি থকা টুপী, চুলিত গুটি, ঘগ্ৰা-পায়জামা বা শাৰী পিন্ধে। কিন্তু দুয়োখনতে দুখেক কোলাত পুত্ৰ হিচাপে দেখা গৈছে। বান বিবিৰ বাহন হৈছে বাঘ নতুবা বা কুকুৰা।
পূজা
সম্পাদনা কৰকবনবিবিক অৰণ্যৰ দেৱী হিচাপে কল্পনা কৰা হয় আৰু ইয়াক অৰণ্যচাৰী লোকে পূজা কৰে। লোককথা অনুসৰি তেওঁ কেতিয়াবা কুকুৰা বা কেতিয়াবা বাঘৰ ৰূপ লয়। কোৱা হয় যে ভক্তবৎসলা এইগৰাকী দেৱীৰ কাৰো প্ৰতি ক্ষোভ নাই। সুন্দৰবনৰ মাছমৰীয়া, ‘বাৱালী’ (কাঠ কটা সম্প্ৰদায়) আৰু ‘মৌলে’ (মৌ-সংগ্ৰাহক)সকলে তেওঁক ৰক্ষক হিচাপে পূজা কৰে। তেওঁলোকৰ মতে বনবিবিয়ে বাঘ আৰু ভূতৰ দৰে দুষ্ট আত্মাৰ ওপৰত শাসন কৰে। সেয়ে দ হাবিলৈ গৈ খৰি,পাত, মৌ আৰু মম সংগ্ৰহ কৰিবলৈ বা মাছ ধৰিবলৈ যোৱাৰ আগতে বনবিবিক গাখীৰ আৰু খাদ্য আগবঢ়ায়। বানবিবিৰ বাৰ্ষিক পূজা প্ৰতি বছৰে মাঘ-ফাগুন মাহৰ আশে-পাশে অনুষ্ঠিত হয়। এই পূজা ব্ৰাহ্মণৰ সলনি, নিম্নবৰ্ণৰ হিন্দুৱে কৰে। বনবিবিৰ পূজাত নিৰামিষ প্ৰসাদ আগবঢ়োৱাৰ পৰম্পৰা আছে, যʼত কোনোধৰণৰ বলি দিয়া নহয়। অৱশ্যে, তেওঁৰ নামত কেতিয়াবা জীয়া কুকুৰা এৰি দিয়া হয়।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Sufia Uddin (2011). Engaging South Asian Religions: Boundaries, Appropriations, and Resistances. State University of New York Press. পৃষ্ঠা. 61–82. ISBN 978-1-4384-3323-3. http://books.google.com/books?id=-dP0p-TcnPUC&pg=PA61.
- ↑ সুকুমাৰ সেন (১৯৯৩)। ইসলামী বাংলা সাহিত্য, কলকাতা: আনন্দ পাবলিশাৰ্স, আই.এচ.বি.এন. 81-7215-301-5, পৃ. ৭৩–৮২