বনমাল অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ সপ্তম জন ৰজা৷ তেওঁৰ পিতৃ হৰ্জৰবৰ্মনৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে ৰাজ্যশাসনৰ ভাৰ লয়৷ তেওঁ ৮৩৫ খ্ৰীষ্টাব্দৰ পৰা অনুমানিক ৮৬০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷[1]

উল্লেখযোগ্য কাম সম্পাদনা কৰক

বনমালৰ শাসনকালত ৰাজ্যত শান্তি প্ৰতিষ্ঠা হয়৷ তেওঁ ৰাজধানী হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰ) ত এশাৰী প্ৰাসাদ, মন্দিৰ আদি নিৰ্মাণ কৰে৷ এই সময়ছোৱাত তেওঁ শালস্তম্ভৰ ৰাজ্য সম্প্ৰসাৰণৰ প্ৰচেষ্টাও হাতত লৈছিল৷[1]
বনমালে পুত্ৰ জয়মালক সিংহাসন প্ৰদান কৰি ধৰ্মীয় প্ৰভাৱৰ বাবে উপবাস খাটি মৃত্যুবৰণ কৰে বুলি জনা যায়৷[1]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৬২