বয়লাৰ (ইংৰাজী: Boiler) হৈছে বন্ধ পাত্ৰ য'ত তৰল পদাৰ্থ (সাধাৰণতে পানী) গৰম কৰা হয়। তৰল পদাৰ্থটো উতলিবই লাগিব বুলি ক’ব নোৱাৰি। গৰম কৰা বা বাষ্পীভৱন কৰা তৰল পদাৰ্থটো পানী গৰম কৰা, কেন্দ্ৰীয় উত্তাপন, [1][2]বয়লাৰ ভিত্তিক শক্তি উৎপাদন, ৰন্ধা-বঢ়া, আৰু অনাময়কে ধৰি বিভিন্ন প্ৰক্ৰিয়া বা উত্তাপন প্ৰয়োগত ব্যৱহাৰৰ বাবে বয়লাৰৰ পৰা ওলাই যায়।

এটা চলনশীল বয়লাৰ
(সংৰক্ষিত, টাৰ্ন'স্কি গ'ৰীৰ ঐতিহাসিক ৰূপৰ খনি, পোলেণ্ড)।
এটা স্থিৰ বয়লাৰ
(আমেৰিকা যুক্তৰাষ্ট্ৰ)।

তাপৰ উৎস সম্পাদনা কৰক

শক্তি উৎপাদনৰ বাবে ভাপ চক্ৰ ব্যৱহাৰ কৰা জীৱাশ্ম ইন্ধন শক্তি কেন্দ্ৰত প্ৰাথমিক তাপৰ উৎস হ’ব কয়লা, তেল বা প্ৰাকৃতিক গেছৰ দহন। কিছুমান ক্ষেত্ৰত উপজাত ইন্ধন যেনে: কক বেটাৰীৰ কাৰ্বন মনোক্সাইড সমৃদ্ধ অফগেছ জ্বলাই বয়লাৰ গৰম কৰিব পাৰি; বাগাছৰ দৰে জৈৱ ইন্ধন, য’ত অৰ্থনৈতিকভাৱে উপলব্ধ, তাতো ব্যৱহাৰ কৰিব পাৰি। পাৰমাণৱিক শক্তি কেন্দ্ৰত ভাপ উৎপাদক নামৰ বয়লাৰবোৰ পাৰমাণৱিক বিভাজনৰ ফলত উৎপন্ন হোৱা তাপৰ দ্বাৰা গৰম কৰা হয়। য'ত কোনো প্ৰক্ৰিয়াৰ পৰা বৃহৎ পৰিমাণৰ গৰম গেছ উপলব্ধ হয়, তেনে ঠাইত তাপ পুনৰুদ্ধাৰ কৰা বাষ্প উৎপাদক বা পুনৰুদ্ধাৰ বয়লাৰে তাপ ব্যৱহাৰ কৰি ভাপ উৎপাদন কৰিব পাৰে, অতিৰিক্ত ইন্ধন কম বা একেবাৰেই খৰচ নহয়; এনে সংৰূপ এটা সংযুক্ত চক্ৰ শক্তি কেন্দ্ৰত সাধাৰণ য'ত এটা গেছ টাৰ্বাইন আৰু এটা ভাপ বয়লাৰ ব্যৱহাৰ কৰা হয়। সকলো ক্ষেত্ৰতে দহন উৎপাদনৰ পেলনীয়া গেছসমূহ ভাপ চক্ৰৰ কাম কৰা তৰল পদাৰ্থৰ পৰা পৃথক, যাৰ ফলত এই ব্যৱস্থাসমূহ বাহ্যিক দহন ইঞ্জিনৰ উদাহৰণ হৈ পৰে।

বয়লাৰৰ কাৰ্যক্ষমতা সম্পাদনা কৰক

বয়লাৰ ASME PTC 4[3] আৰু পানীৰ নলীৰ বয়লাৰৰ বাবে HRSG ASME PTC 4.4 আৰু EN 12952-15[4] ৰ বাবে ASME পৰিৱেশন পৰীক্ষা ক'ড (PTC)ত বয়লাৰৰ কাৰ্যক্ষমতা জুখিবলৈ দুটা পদ্ধতি আছে:

  • ইনপুট-আউটপুট পদ্ধতি (প্ৰত্যক্ষ পদ্ধতি)
  • তাপ-ক্ষয় পদ্ধতি (পৰোক্ষ পদ্ধতি)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Steingress, Frederick M. (2001). Low Pressure Boilers (4th সম্পাদনা). American Technical Publishers. ISBN 0-8269-4417-5. 
  2. Steingress, Frederick M.; Frost, Harold J.; Walker, Darryl R. (2003). High Pressure Boilers (3rd সম্পাদনা). American Technical Publishers. ISBN 0-8269-4300-4. 
  3. "ASME Performance Test Codes". https://www.asme.org/codes-standards/publications-information/performance-test-codes. 
  4. "EN 12952-15". https://www.en-standard.eu/din-en-12952-15-water-tube-boilers-and-auxiliary-installations-part-15-acceptance-tests/.