বসন্ত কুমাৰ শৰ্মা (ইংৰাজী: Basanta Kumar Sharma) এগৰাকী সাহিত্যিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক। গ্ৰন্থপ্ৰকাশক ৰূপেও সমাজলৈ অৱদান আগবঢ়াইছে।
জন্ম ঃ নলবাৰী জিলাৰ বিহামপুৰ, ১ ছেপ্টেম্বৰ, ১৯৪৫ চন।
পিতৃৰ নাম ঃ শৰৎ চন্দ্ৰ শৰ্মা
মাতৃৰ নাম ঃ হেমাৱতী দেৱী

বসন্ত কুমাৰ শৰ্মা
জন্ম ০১ ছেপ্টেম্বৰ, ১৯৪৫
বিহামপুৰ, নলবাৰী জিলা, অসম
পেচা
  • সাহিত্যিক
  • অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

শিক্ষা সম্পাদনা কৰক

প্ৰাথমিক – ১৫৫ নং বিহামপুৰ বালক প্ৰাইমেৰী স্কুল, বিহামপুৰ
প্ৰবেশিকা - বনগাঁও হাইস্কুল, বনগাঁও, নলবাৰী, (১৯৬০ চন)
আই.এ. - নলবাৰী কলেজ, নলবাৰী (১৯৬২ চন)
বি.এ. - আৰ্য্য বিদ্যাপীঠ কলেজ, গুৱাহাটী (১৯৬৪ চন)
এম.এ. - গুৱাহাটী বিশ্ববিদ্যালয় (ইংৰাজী বিষয়, ১৯৬৯ চন)
এম.এ. - গুৱাহাটী বিশ্ববিদ্যালয় (অসমীয়া বিষয়, ১৯৭৩ চন)
পি-এইছডি. - গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী (বিষয় : The Evolution of Assamese Comedy, ১৯৮১ চন)

কৰ্মজীৱন সম্পাদনা কৰক

  • শিক্ষকতা - বিদ্যাপীঠ হাইস্কুল, গুৱাহাটী (১৯৬২ - ১৯৬৪ চন)
  • শিক্ষকতা - উলুবাৰী হাইস্কুল, গুৱাহাটী (১৯৬৪ চন)
  • শিক্ষকতা - অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল, দুলীয়াজান (১৯৬৫ - ১৯৬৭ চন)
  • অধ্যাপনা (ইংৰাজী বিষয়) - তিনিচুকীয়া কলেজ, তিনিচুকীয়া (১৯৬৯-১৯৭৬ চন)
  • প্ৰবক্তা - অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (১৯৭৬-১৯৮৮ চন)
  • ৰীডাৰ - অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (১৯৮৮-১৯৯৬ চন)
  • প্ৰাধ্যাপক - অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (১৯৯৬-২০০৮ চন)

ৰচনাৰাজি সম্পাদনা কৰক

মৌলিক আলোচনা

  • ৰোমাণ্টিক কবিৰ কাব্য-বিচাৰ, বনলতা, ডিব্ৰুগড়, অসম, ১৯৯৩
  • ৰমন্যাসবাদৰ পটভূমি, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, অসম, ১৯৯৫
  • গ্ৰীক ট্ৰেজেডি আৰু চফ’ক্লিজ, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ১৯৯৬
  • পাশ্চাত্য সাহিত্য ঃ কবিতা, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, অসম, ১৯৯৭
  • টেনিচন আৰু ব্ৰাউনিঙৰ কবিতা, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ১৯৯৭
  • ইয়েটছ আৰু এলিয়টৰ কবিতা, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ১৯৯৮
  • The Evolution of Assamese Comedy (Doctoral Thesis), Gurukul Prakashan, Guwahati, Assam (১৯৯৮)
  • এলিয়টৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০০২
  • নাট্য সমীক্ষা, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৪
  • বিবিধ প্ৰবন্ধ, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৪
  • প্ৰাচীন ৰোমান সাহিত্য, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৪
  • পাশ্চাত্য সাহিত্যৰ ৰেঙণি, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৬
 
বসন্ত কুমাৰ শৰ্মা ৰচনাৱলীৰ বেটুপাত

সম্পাদিত গ্ৰন্থ ঃ (আলোচনা সম্বলিত) সম্পাদনা কৰক

  • গোপালদেৱৰ 'উদ্ধৱযান নাট’, সাৰদা প্ৰকাশন, গুৱাহাটী, ২০০২
  • ৰামচৰণ ঠাকুৰৰ ’কংসবধ’, সাৰদা প্ৰকাশন, ডিব্ৰুগড়, ২০০৪
  • শঙ্কৰদেৱৰ 'ৰামবিজয় নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৩
  • পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৩
  • শঙ্কৰদেৱৰ কালিয়দমন নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৪
  • বিশ্ব সাহিত্য পৰিচয়, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৪
  • শঙ্কৰদেৱৰ ‘ৰুক্মিণী হৰণ নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৬
  • শঙ্কৰদেৱৰ ‘পাৰিজাত হৰণ নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৬
  • মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৬

সামাজিক জীৱন সম্পাদনা কৰক

  • আজীৱন সভ্য, অসম সাহিত্য সভা
  • প্ৰকাশন প্ৰতিষ্ঠান প্ৰতিষ্ঠা - ড° বসন্ত কুমাৰ শৰ্মাই ১৯৯৬ চনত ডিব্ৰুগড়ত 'সাৰদা প্ৰকাশন' নামৰ এটি প্ৰকাশন প্ৰতিষ্ঠান আৰম্ভ কৰি পাছলৈ ইয়াৰ শাখা গুৱাহাটী আৰু চিলাপথাৰলৈকে সম্প্ৰসাৰণ কৰিছিল। প্ৰকাশন প্ৰতিষ্ঠানটোৱে বিদ্যাৰ্থীৰ সহায়ক হোৱাকৈ ভালেমান পুৰণি দুষ্প্ৰাপ্য কিতাপ প্ৰকাশ কৰাৰ লগতে গল্প, উপন্যাস,নাটক আৰু সাহিত্য আলোচনাৰ পুথিও প্ৰকাশ কৰিছিল।

আধাৰ গ্ৰন্থ সম্পাদনা কৰক

ড° বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী, প্ৰথম আৰু দ্বিতীয় খণ্ড, সম্পাদনা: ড° অজিত শইকীয়া, সুহৃদ, প্ৰাক্তন বিদ্যাৰ্থী গোট, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০২১।