বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ

উপাচাৰবিহীন বাঁহ বহু কম সময়ৰ বাবেহে ভাল হৈ থাকে (২ বছৰৰ পৰা ৫ বছৰ)।[1] বগা পচন, কোমল পচন, ভেঁকুৰ, চিদ্ৰকাৰী পোক, উঁই পৰুৱা আদিৰ প্ৰতি বাঁহ যথেষ্ট সংবেদনশীল। এই জৈৱ কাৰকসমূহৰ কাৰণেই বহু মজুত ৰখা বাঁহ নষ্ট হৈ যায়। বাঁহ হেমিচেলুল’জ, পেণ্ট’জেনচ্, লিগনিন আৰু প্ৰচুৰ পৰিমাণৰ জলীয় কণাৰে গঠিত। বাঁহৰ বহি: ত্বকীয় স্তৰত চিলিকা থাকে কিন্তু আন অংশত ইয়াৰ অৱস্থিতি দেখা নাযায়। ৰেজিন, মম অৰু টেটিল বহু কম পৰিমাণে বাঁহত থাকে আৰু প্ৰাকৃতিক স্থায়িত্ব প্ৰদানত কোনো অৰিহণা নিদিয়ে। যথেষ্ট পৰিমাণৰ শ্বেতসাৰৰ উপস্থিতিয়ে বাঁহক দাগ কাৰক ভেঁকুৰ আৰু ঘুন পোকৰ আক্ৰমণৰ প্ৰতি সংবেদনশীল কৰি তোলে। এনেবোৰ কাৰণতেই বাঁহ আৰু বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰিক স্থায়িত্ব বৃদ্ধিৰ বাবে বিশেষ উপাচাৰ গ্ৰহণ কৰা হয়।[2] বাঁহৰ উপাচাৰক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়। কেঁচা বাঁহৰ উপাচাৰ আৰু শুকান বাঁহৰ উপাচাৰ। বাঁহৰ উপাচাৰৰ কিছুমান পৰম্পৰাগত প্ৰণালীও আছে। এই প্ৰণালীসমূহত ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ কৰা নহয়।[2][3][4]

পৰম্পৰাগত পদ্ধতি

সম্পাদনা কৰক

পৰম্পৰাগত পদ্ধতি উপাচাৰ বিষাক্ত নহয় আৰু এই উপাচাৰে কিছু পৰিমাণে বাঁহক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। পৰম্পৰাগত পদ্ধতি উপাচাৰে ভেঁকুৰ, উঁই পৰুৱা আদি প্ৰাকৃতিক কাৰকৰ বিপক্ষে সিমান ভাল সমাধান দিব নোৱাৰে। ক্ষুদ্ৰ পৰিসৰৰ বাবেহে এই পদ্ধতি সুবিধাজনক। উপাচাৰৰ পৰম্পৰাগত পদ্ধতিসমূহ হ’ল শ্বেতসাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা, ধুমায়িতকৰণ, জুইত সেকা, প্ৰ্লেপ লগোৱা আদি।[2]

কটা বাঁহৰ শ্বেতসাৰ পৰিমাণ নিয়ন্ত্ৰণ

সম্পাদনা কৰক

চিদ্ৰকাৰী পোক আৰু দাগকাৰক ভেঁকুৰসমূহ প্ৰধানকৈ আকৰ্ষিত হয় বাঁহত থকা শৰ্কৰাৰ প্ৰতি। কম শৰ্কৰাযুক্ত বাঁহ জৈৱ ক্ষয়কৰণ কাৰকৰ প্ৰতি গুণগতভাৱে প্ৰতিৰোধী। বাঁহত শৰ্কৰাৰ পৰিমাণ কমাবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়:[2]

নিম্ন শৰ্কৰা স্থিত ঋতুত বাঁহ কটা

সম্পাদনা কৰক

শুকান ঋতুত বাৰিষা কালতকৈ শৰ্কৰাৰ পৰিমাণ বেছি থাকে। সেয়ে বাৰিষা কালৰ পিছত বাঁহ কটা হয়।[1][5]

পৈণত বাঁহ কটোৱা বা চপোৱা

সম্পাদনা কৰক

বাঁহত থকা শৰ্কৰাৰ পৰিমাণ বয়সৰ লগেত সলনি হৈ থাকে। যদিও প্ৰথম বছৰ বাঁহত থকা শৰ্কৰাৰ পৰিমাণ কম; বাঁহৰ শক্তি নিম্নমানৰ হয়। ইয়াৰ পাছত শৰ্কৰাৰ পৰিমাণ বেছি থাকে। পৈণত অৱস্থাত আকৌ বাঁহত থকা শৰ্কৰাৰ পৰিমাণ কমি যায়। সেয়ে ৩-৪ বছৰৰ ওপৰৰ পৈনত বাঁহহে কটা হয়।[2]

বাঁহৰ কাণ্ডৰ বাষ্পমোচন

সম্পাদনা কৰক

বাঁহ কটাৰ পাছত বাঁহবো ডাল-পাতৰ সৈতে হেলনীয়াকৈ ৰখা হয় যাতে কটাৰ পাছত কেইবাদিনলৈও জীয়াই থকা প্যাৰেনক্যাইমা কোষবোৰে বাঁহত সঞ্চয়িত খাদ্য সম্ভাৰ ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলেও শৰ্কৰাৰ পৰিমাণ কমি যায়।[2]

পানীত নিমজ্জন

সম্পাদনা কৰক

পানীত পূৰ্ণসিক্ত কৰি ৰাখিলে বাঁহত থকা দ্ৰৱণীয় পৰিপুষ্টি পদাৰ্থবোৰ ওলাই যায়। বাঁহবোৰ কেইবা সপ্তাহো পুখুৰী, নদী আদিৰ পানীত নিমজ্জিত কৰি ৰাখি সম্পূৰ্ণ এসপ্তাহ মাহ ছাঁত শুকোৱা হয়।[2][3]

ধুমায়িতকৰণ

সম্পাদনা কৰক

বায়ু সঞ্চালিত কোঠাত ৰাখি বায়ু নিস্কাষাণ কৰি বাঁহবোৰ শুকুৱাই স্থায়িত্ব বঢ়োৱা হয়।[2]

জুইত সেকা

সম্পাদনা কৰক

গোটা বাঁহৰ ওপৰত তেল লগাই জুইত সেকিও পৰম্পৰাগতভাৱে বাঁহ সংৰক্ষণ কৰা হয়। বৰ্হি ভাগত তেল লগাই জুইত সেকিলে বহি: কোষৰ দ্ৰুত শুস্কিকৰণ ঘটে। ই কোষৰ আংশিক জ্বলন আৰু শৰ্কৰাৰ বিগলন বা বিয়োজন ঘটায়। গোটা বাঁহ কম জুইত একেৰাহে ঘূৰাই ঘূৰাই সেকা ভাল। বেছিকৈ শুকুৱালে বা বেছি তাপ প্ৰয়োগ কৰিলে বাঁহৰ ক্ষতিহে হয়। এই পদ্ধতিৰ যোগেদি গোটা বাঁহক পোন ও কৰিব পাৰি।[2]

প্ৰলেপ লগোৱা

সম্পাদনা কৰক

বিভিন্ন ধৰণৰ প্ৰলেপ প্ৰয়োগ কৰিও বাঁহৰ স্থায়িত্ব বঢ়োৱা হয়। আল্‌কাত্‌ৰা, চূণ, আল্‌কাত্‌ৰা আৰু চূণ, আল্‌কাত্‌ৰা আৰু বালি আদিৰ প্ৰলেপ প্ৰয়োগ কৰিব পাৰি। বাঁহৰ যিফালেদি জৈৱ ক্ষৰণ কাৰক সোমাই যোৱাৰ সম্ভাৱনা থাকে তাতেই এই প্ৰলেপ লগাই অভেদ্য আৱৰণ সৃষ্টি কৰা হয়। সাধাৰণতে বাঁহৰ কটা অংশত, মুক্ত পাবত, ঘঁহনি খাই যোৱা অংশত, ফটা আৰু কটা মূৰত এই প্ৰলেপসমূহ একেৰাহে প্ৰয়োগ কৰা হয়।[2]

ৰাসায়নিক পদ্ধতি

সম্পাদনা কৰক

পৰম্পৰাগত পদ্ধতি চিদ্ৰকাৰী পোকৰ বিপক্ষে যদিও উপযোগী হ’লেও ই উঁই পৰুৱা আৰু ভেঁকুৰৰ আক্ৰমণ ৰোধ কৰাত সক্ষম নহয়। এইবোৰ ক্ষেত্ৰত ৰাসায়নিক পদ্ধতি যথেষ্ট উপযোগী। বাঁহৰ বহি: ভাগত পানী বিৰোধী তৰপ থাকে আৰু অন্ত: ভাগত চুবেৰিণ থাকে যাৰ ফলত তৰলৰ অন্তৰ্গমন অসম্ভৱ। এই কাৰণতে কেৱল কাণ্ডৰ কটা মূৰৰ নলিকাদিয়েই ৰাসায়নিক সংৰক্ষকৰ প্ৰৱেশ ঘটাব পাৰি। বাঁহক সুৰক্ষা দিবলৈ প্যাৰেনক্যাইমা আৰু আঁহবোৰৰ মাজত ৰাসায়নিক সংৰক্ষকৰ প্ৰৱেশ ঘটোৱা হয়।[2]

বাঁহৰ উপাচাৰ
পৰম্পৰাগতৰাসায়নিক

কেঁচা বাঁহৰ উপাচাৰ

সম্পাদনা কৰক

কেঁচা বাঁহ কটাৰ পাছতেই ইয়াৰ স্থায়িত্ব বৰ্দ্ধনৰ বাবে বহুত উপাচাৰ গ্ৰহণ কৰিব পাৰি।

থিয়কৈ জুবুৰিয়াই ৰখা

সম্পাদনা কৰক

বাঁহ কটাৰ পাছতেই ডাল-পাতেসহ ৫-১০% জল বাহিত ৰাসায়নিক সংৰক্ষক থকা পাত্ৰত গুৰি অংশ ডুবাই থিয়কৈ ৰাখি থোৱা হয়। বাঁহৰ পাতত হোৱা বাষ্পমোচনৰ ফলত হোৱা সোঁতৰ টানে পাত্ৰৰ থকা ৰাসায়নিক সংৰক্ষক বাঁহৰ ভিতৰলৈ শুহি নিয়ে। বাঁহৰ গুৰি অংশ প্ৰায় ২৫ ছেণ্টিমিটাৰ দৈৰ্ঘ্য সংৰক্ষক দ্ৰৱণত ডুবাই ৰখা হয়। সংৰক্ষক যেতিয়া সম্পূৰ্ণকৈ বাঁহৰ কোষ কলাৰ মাজলৈ সোমাই যায় তেতিয়া সাধাৰণতে গাঁঠি আৰু কটা অংশত সংৰক্ষক দ্ৰৱণৰ টোপাল দেখিবলৈ পোৱা যায়।[2][6]

পূৰ্ণ সিক্তকৰণ

সম্পাদনা কৰক

পূৰ্ণ সিক্তকৰণ উপাচাৰ পদ্ধতিত ফলা আৰু সৰু সৰুকৈ ফলা বা চটা কৰা বাঁহৰ টুকুৰা চৰিয়া আকৃতিৰ পাত্ৰ বা জলাধাৰত ৰখা সংৰক্ষক দ্ৰৱণত নিমজ্জিত কৰি ৰখা হয়।[2]

বৃক্ষৰস স্থানান্তৰ

সম্পাদনা কৰক

এই পদ্ধতিত সতেজ গোটা বা ফলা বাঁহ ১০% জলীয় জলবাহিত কাঠ সংৰক্ষক থকা পাত্ৰত ২৫ চেণ্টিমিটাৰ ডুবাই থিয়কৈ ৰখা হয়। বৃক্ষৰস যেতিয়া ওপৰলৈ উঠে তাৰ লগে লগে শলিতা প্ৰক্ৰিয়াৰে সংৰক্ষক দ্ৰৱণো ওপৰলৈ উঠিব যায়। নিৰ্দিষ্ট সময়ৰ মূৰেমূৰে পাত্ৰত নতুন পৰিমাণৰ সংৰক্ষক দ্ৰৱণ দি সংৰক্ষকৰ সমতা নিয়ন্ত্ৰণ ৰখা হয়। যদিহে বাঁহৰ টুকুৰাটো দীঘলীয়া হয় তেতিয়া উপাচাৰৰ কাৰণে তুলনামূলক ভাৱে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়।[2][6]

প্ৰসাৰণ বা পৰিব্যাপ্তি প্ৰক্ৰিয়া

সম্পাদনা কৰক

প্ৰসাৰণ বা পৰিব্যাপ্তি প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিও কেঁচা বাঁহৰ স্থায়িত্ব বৰ্দ্ধন কৰা হয়। এই প্ৰক্ৰিয়াত উচ্চ জলীয়কণাযুক্ত নতুনকৈ কটা বাঁহকাণ্ড জল-বাহিত সংৰক্ষক দ্ৰৱণত কিছুদিনৰ কাৰণে ডুবাই ৰখা হয়। এনে কৰিলে প্ৰয়োজনীয় পৰিমাণৰ সংৰক্ষক বাঁহত প্ৰৱেশ কৰে। সংৰক্ষকৰ সন্তুষ্টিজনক প্ৰসাৰণ ১০-২০ দিনৰ ভিতৰতে পোৱা যায়। ফলাবাঁহত গোটা বাঁহতকৈ সংৰক্ষকৰ পৰিশোষণ আৰু অন্তৰ্গমন বেচিকৈ হয়। উচ্চ হাৰত মজুত আৰু উপযুক্ত অন্তৰ্গমনৰ কাৰণে বাঁহৰ গাঁঠিৰ ওচৰত বিন্ধা কৰা হয়॥[2]

বাউচেৰি পদ্ধতি

সম্পাদনা কৰক

বাউচেৰি পদ্ধতিত যন্ত্ৰৰ দ্বাৰা বায়ু চাপ প্ৰয়োগ কৰি সংৰক্ষক দ্ৰৱণ সম্পূৰ্ণ দৈৰ্ঘ্যৰ বাঁহৰ কোষ কলাৰ মাজেৰে সুমুৱাই দিয়া হয়। ফৰাচী উদ্ভাৱক আগষ্টে বাউচেৰিয়ে এই আহিলাবিধ সাজি উলিয়ায়[7] আৰু তেখেতৰ নামৰ লগত সংগতি ৰাখি ইয়াক “বাউচেৰি প্ৰণালী” বুলি কোৱা হয়। ইয়াৰ পিছত ভাৰতত পুৰুষোত্থম আৰু সহযোগীসকলে সাধাৰণ চাইকেলৰ বায়ু পাম্প ব্যৱহাৰ কৰি বাঁহৰ উপাচাৰৰ কাৰণে ইয়াৰ বিকাশ কৰে।[8] পুৰুষোত্থম আৰু সহযোগীসকলৰ এই পদ্ধতিক “পৰিৱৰ্তিত বাউচেৰি উপাচাৰ” নামেৰে জনা যায়। বাউচেৰি পদ্ধতি ২৪ঘণ্টাৰ ভিতৰত কটা কেঁচা বাঁহক ডাল-পাতৰ সৈতে আৰু ডাল-পাত নথকাকৈ, দুই ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।[4] এই উপাচাৰ পদ্ধতিৰ বাবে বৰ্তমানে বহুত উন্নত আহিলাত যেনে ভৰি পাম্প , বৈদ্যুতিক পাম্প আদি আছে। যিহেতু সংৰক্ষক সম্পূৰ্ণভাৱে বাঁহৰ কলা - কোষৰ মাজত আৱদ্ধ কৰা হয়, সেয়ে এই উপাচাৰ প্ৰণালী বিপদমুক্ত আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ।[2]

শুকান বাঁহৰ উপাচাৰ

সম্পাদনা কৰক

পূৰ্ণ সিক্তকৰণ

সম্পাদনা কৰক

বতাহত শুকোৱা বাঁহ সংৰক্ষক দ্ৰৱনত (তেল বা দ্ৰাৱক প্ৰকৃতিৰ) সাময়িক ভাৱে ডুবাই ৰখা হয়।[2]

গৰম ঠাণ্ডা পদ্ধতি

সম্পাদনা কৰক

শুকান বাঁহক গৰম কৰা পাত্ৰত ভৰাই গৰম কৰি পাত্ৰটোত গৰম ক্ৰিয়োজেটঃ ইন্ধন তেল মিশ্ৰণেৰে ভৰাই দিয়া হয়। উষ্ণতা বঢ়াই পিছত সংৰক্ষক ঠাণ্ডা কৰা হয়।[2]

চাপ উপাচাৰ

সম্পাদনা কৰক

চাপ উপাচাৰত চাপ প্ৰয়োগ কৰি সংৰক্ষক দ্ৰৱ বাঁহত ভৰাই দিয়া হয়।[2]

পূৰ্ণকোষ বা বিথেল পদ্ধতি

সম্পাদনা কৰক

বাঁহ কাণ্ডবোৰ চুঙাকৃতিৰ চাপ পাত্ৰত ভৰাই পাত্ৰৰ মুখখন বন্ধ কৰি শূন্য চাপ সৃষ্টি কৰা হয় আৰু পাত্ৰটোত সংৰক্ষক ভৰাই দিয়া হয়। সম্পূৰ্ণকৈ সংৰক্ষকেৰে পাত্ৰটো ভৰ্তি হলে চাপ পুনৰ সৃষ্টি কৰা হয়।

শূন্যকোষ পদ্ধতি

সম্পাদনা কৰক

এই প্ৰক্ৰিয়াত চুঙাকৃতিৰ চাপ পাত্ৰত বাঁহ ভৰাই ঢাকনি বন্ধ কৰি দিয়া হয়। বাঁহৰ কোষ আৰু চিলিণ্ডাৰত বায়ু থাকিবলৈ দিয়া হয় আৰু চাপ প্ৰয়োগ কৰি সংৰক্ষক দ্ৰৱনেৰে চিলিণ্ডাৰটো ভৰাই দিয়া হয়। চাপ এৰি দি শেষত এবাৰ শূন্য চাপ সৃষ্টি কৰি নিগৰি থকা সংৰক্ষক আতঁৰোৱা হয়।

ৰং কৰিও শুকান বাঁহক জৈৱ আক্ৰমণৰ পৰা বচোৱা হয়।[2]

ৰাসায়নিক সংৰক্ষকৰ চাটি মাৰিব আৰু ইয়াৰ পিছত প্লাষ্টিক চিটেৰে ঢাকি শুকান বাঁহক সংৰক্ষণ কৰা হয়।[2]

  1. 1.0 1.1 Kaur, P. J.; Satya, S.; Pant, K. K.; Naik, S. N. (2016). "Eco-friendly preservation of bamboo species: Traditional to modern techniques". BioRes. খণ্ড 11 (4): 10604-10624. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 2.17 2.18 2.19 2.20 নেগী, অনিল; গুৰুঙ, ধ্ৰুৱ (২০০৯). "সপ্তম অধ্যায়: বাঁহ চপোৱাৰ পিছত স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ". উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ পৰিচালনাৰ হাত পুথি. সঞ্চালক, বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠান, চতাই, যোৰহাট. পৃষ্ঠা. ৫৩-৬৮. 
  3. 3.0 3.1 BAMBOO PRESERVATION, Practical Action, Practical Action The Schumacher Centre for Technology and Development Bourton-on-Dunsmore Rugby, Warwickshire, CV23 9QZ United Kingdom
  4. 4.0 4.1 Janssen, Jules J.A. (2000). Designing and Building with Bamboo. Technical University of Eindhoven Eindhoven, The Netherlands. 
  5. Liese,, W.; Kumar, S. (2003). Bamboo Preservation Compendium. INBAR Publication, Beijing, China. 
  6. 6.0 6.1 Gnanaharan, R. (2000). PRESERVATIVE TREATMENT METHODS FOR BAMBOO : A REVEIW PART-II OF BAMBOO SHELTER : A DEMONSTRATION OF BEST CONSTRUCTION PRACTICE. KERALA FOREST RESEARCH INSTITUTE PEECHI, THRISSUR. 
  7. "Dr. Boucherie's patent process for preserving wood from decay". Journal of the Franklin Institute খণ্ড 62 (1, July): 1-4. 1856. 
  8. Purushotham, A.; Sudan, S.K.; Sagar, V. (1953). "Preservative treatment of green bamboos under low pneumatic pressures.". Indian Forester খণ্ড 79: 652-672..