বাঁহ
বাঁহ গছ (Bambuseae) এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ। বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম।[1] এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়। দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্মান, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্স আদি বিভিন্ন প্ৰকাৰৰ কামত ব্যৱহাৰ কৰা হয়। অসমৰ হাবিত ২৬ বিধ বাঁহ প্ৰজাতি পোৱা যায় আৰু ইহঁত গ্ৰেমিনি বা পয়েছি গোত্ৰৰ অন্তৰ্গত। বাঁহ গছ ২৪ ঘণ্টাত ৪৭.৫ ইঞ্চিলৈকে বৃদ্ধি হয়।
বাঁহ গছ Bambuseae tribe | |
---|---|
![]() | |
জাপানৰ এখন বাঁহনী বাৰী | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Poales |
পৰিয়াল: | Poaceae |
উপপৰিয়াল: | Bambusoideae |
Supertribe: | Bambusodae |
গোত্ৰ: | Bambuseae Kunth ex Dumort. |
Subtribes | |
See the full Taxonomy of the Bambuseae. | |
Diversity | |
Around 92 genera and 5, 000 species |
প্ৰজাতিসম্পাদনা কৰক
অৰ্থনৈতিক গুৰুত্বসম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলৌ বাঁহ, বৰবাঁহ, বজালবাঁহ আদি।
বাঁহ গছৰ ব্যৱহাৰসম্পাদনা কৰক
ব্যৱহাৰিক মূল্যৰ কথালৈ লক্ষ্য কৰি বাঁহ উদ্ভিদক সততে "সেউজীয়া সোণ" বুলি অভিহিত কৰা হয়। বাঁহৰ গাজটোৰ পৰা এছাৰি ডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহুলভাৱে ব্যৱহাৰ হয়। বাঁহৰ কাঠি-কামীৰে জেউৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী যেনে - জাকৈ, খালৈ, প'ল-জুলুকি আদি তৈয়াৰ কৰা হয়। বাঁহ ঘৰ বনোৱা কামতো ব্যৱহাৰ কৰা হয়। তাঁতশালৰ প্ৰায়বিলাক সামগ্ৰীয়েই বাঁহৰ পৰা তৈয়াৰ কৰা হয়। বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰা হয়।
খাদ্য হিচাপেসম্পাদনা কৰক
বাঁহৰ গাজৰপৰা খৰিচা তৈয়াৰ কৰা হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা খাদ্যৰ উপযোগী বাঁহসমূহৰ প্ৰজাতিসমূহ এনেধৰণৰ:[2]
ৰাজ্যৰ নাম | স্থানীয় নাম |
---|---|
অৰুণাচল প্ৰদেশ | এপ' |
হাট্ | |
ই আই | |
ৱইয়াং | |
বিজে | |
অসম | ভলুকা |
জাতি | |
কাক | |
এচপাৰ | |
গাধৈ বা বৰ বাঁহ | |
মুলী | |
দলু | |
মণিপুৰ | নাট্ |
চেনেই বি চান্দেল | |
মাৰিব্ব | |
পিচা/চেনেইবি | |
অনান্ | |
মাৱবি | |
মেঘালয় | বাৰৱা, ৱানক, চিট্শ্লাও, লাঙচেইজ, প্লাঙ |
ডেংগা, চিয়েইজং | |
ৱাথৰী/গাজা | |
মিজোৰাম | ফুলৰুৱা, |
ৰাৱনাল, | |
মৌটক্, মেম্ও, চৰচিপ, লাউঙটলাই, চাইহা | |
নগালেণ্ড | এনাঙ ৱাৰক, বুটগট কেৰে |
ভেপুই, আউ, ৱানগেট্ ভিনেই, ৰেচউ কেৰে | |
আছি | |
আনিং, জেকিন, খুৰপি | |
চিকিম | পাৰেং |
চয়া/মিঠা/গুলিয়া/টেম'/টম্বা/জংগলি | |
ভালু | |
চাইনীজ/জাপানীজ | |
ত্ৰিপুৰা | বাৰাক |
বাৰি | |
মৃটিংগা | |
পিচা | |
মুলি | |
দলু |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Farrelly, David (1984). The Book of Bamboo. Sierra Club Books. ISBN 0-87156-825-X.
- ↑ নেগী, অনিল; গুৰুঙ, ধ্ৰুৱ (২০০৯). "সপ্তম অধ্যায়: বাঁহ চপোৱাৰ পিছত স্থায়ীত্ব বৰ্দ্ধনৰ উপাচাৰ". উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ পৰিচালনাৰ হাত পুথি. সঞ্চালক, বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠান, চতাই, যোৰহাট. পৃষ্ঠা. ৫৩-৬৮.
- ↑ ড॰ মহেশ গগৈৰ প্ৰবন্ধ "বাৰীৰে ঢাপৰে জাতিবাঁহ এজুপি", "প্ৰকৃতি", আমাৰ অসম পৰিপূৰিকা "সাপ্তাহান্তিক", শনিবাৰ, ১৮ আগষ্ট, ২০১২
চিত্ৰ সম্ভাৰসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত বাঁহ গছ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |