বাগো অঞ্চল (মান: ပဲခူးတိုင်းဒေသကြီး; পূৰ্বৰ পেগু সংমণ্ডল আৰু বাগো সংমণ্ডল) হৈছে ম্যানমাৰ দেশৰ দক্ষিণ মধ্য অংশত অৱস্থিত ম্যানমাৰৰ এটা প্ৰশাসনিক অঞ্চল। ইয়াৰ উত্তৰে মেগৱে অঞ্চল আৰু মাণ্ডেলে অঞ্চল; পূবে কায়িন ৰাজ্য, মান ৰাজ্য আৰু মাৰ্টাবান উপসাগৰ; দক্ষিণে ইয়াংগুন অঞ্চল আৰু পশ্চিমে আয়েয়াৰৱাডি অঞ্চল আৰু ৰাখাইন ৰাজ্য। ই ৪৬°৪৫'উত্তৰ আৰু ১৯°২০'উত্তৰ আৰু ৯৪°৩৫'পূব আৰু ৯৭°১০'পূবৰ মাজত অৱস্থিত। ইয়াৰ জনসংখ্যা ৪,৮৬৭,৩৭৩ জন (২০১৪)।

পাৰ্চী ভূগোলবিদ ইবন খোৰদাদবেহে প্ৰায় ৮৫০ খ্ৰীষ্টাব্দত চহৰখনৰ কথা উল্লেখ কৰিছে। সেই সময়ত ৰাজধানী মন তেতিয়াও থানত আছিল। থিৰুভালাঙ্গাডু প্লেটত দক্ষিণ ভাৰতৰ চোল সম্ৰাট ৰাজেন্দ্ৰ চোলা প্ৰথমক তেওঁৰ শাসনকালৰ চতুৰ্দশ বৰ্ষত, ১০২৮ খ্ৰীষ্টাব্দত "কাদাৰাম" জয় কৰা বুলি বৰ্ণনা কৰা হৈছে। এটা ব্যাখ্যা অনুসৰি, কাদাৰামে বাগো অঞ্চলক বুজায়।[1][2]

পৰবৰ্তী ব্যাখ্যাই কাদাৰামক বাগোৰ পৰিৱৰ্তে আধুনিক মালয়েছিয়াৰ কেদাহ অঞ্চল বুলি হে উল্লেখ কৰিছে।[1]

প্ৰশাসনিক শ্ৰেণীবিভাজন

সম্পাদনা কৰক
 
বাগো অঞ্চলৰ ৬ খন জিলা
  বাগো জিলা
  পাই জিলা
  থাৰাৱডী জিলা
  টাউংগু জিলা
  নিয়াউংলেবিন জিলা
  নাটালিন জিলা

জনগাঁথনি

সম্পাদনা কৰক
ঐতিহাসিক জনসংখ্যা
বছৰ জনসংখ্যা ±%
১৯৭৩ ৩,১৭৯,৬০৪
১৯৮৩ ৩,৭৯৯,৭৯১ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"
২০১৪ ৪,৮৬৭,৩৭৩ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৪"
উৎস: ২০১৪ ম্যানমাৰ লোকপিয়ল[3]


 

বাগো অঞ্চলত ধৰ্ম (২০১৪)[4]

  বৌদ্ধ ধৰ্ম (93.5%)
  খ্ৰীষ্টান ধৰ্ম (2.9%)
  হিন্দু ধৰ্ম (2%)
  ইছলাম (1.2%)
  অন্য ধৰ্ম (0.3%)
  জনজাতীয় ধৰ্ম (0.1%)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 Sastri, K. A. Nilakanta (2000). The Cōlas. প্ৰকাশক Madras: University of Madras. 
  2. Majumdar, R. C. (1937). Ancient Indian colonies in the Far East. 2: Suvarnadvipa. প্ৰকাশক Dacca: Ashok Kumar Majumdar. পৃষ্ঠা. 212–218. 
  3. Census Report. The 2014 Myanmar Population and Housing Census. 2. প্ৰকাশক Naypyitaw: Ministry of Immigration and Population. May 2015. পৃষ্ঠা. 17. https://drive.google.com/file/d/0B067GBtstE5TeUlIVjRjSjVzWlk/view. 
  4. Department of Population Ministry of Labour, Immigration and Population MYANMAR (July 2016). The 2014 Myanmar Population and Housing Census Census Report Volume 2-C. Department of Population Ministry of Labour, Immigration and Population MYANMAR. পৃষ্ঠা. 12–15. https://drive.google.com/open?id=0B067GBtstE5TSl9FNElRRGtvMUk.