ধ্বনি বা বাগ্‌ধ্বনি বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়।[1] ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়। প্ৰাকৃতিৰ বিচাৰ বিশ্লেষণৰ নাম প্ৰাকৃতিবিজ্ঞান (morphemics and morphology)। বিভিন্ন স্তৰত এইবোৰৰ ভাষানিৰপেক্ষ বিচাৰ বিশ্লেষণ হ’ব পাৰে; আৰু সেই কাৰণে সামান্য (general) ধ্বনিবিজ্ঞান, বৰ্ণবিজ্ঞান আৰু প্ৰাকৃতিবিজ্ঞান তথা সমস্ত বাগ্‌বিজ্ঞানৰ (general linguistics) সৃষ্টি হৈছে। বাগ্‌বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষা নিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে। সেয়েহে, ভাষাৰ লিখিত ৰূপদানত আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি (International Phonetic Alphabet) স্বীকৃতি হ’ব পাৰিছে।[2]

বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়। অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়।[3]

ধ্বনিতত্ত্বসম্পাদনা কৰক

অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি।

স্বৰধ্বনিসম্পাদনা কৰক

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।[4][5]

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।[6]

অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ তালিকা
সন্মুখ কেন্দ্ৰীয় পশ্চ
উচ্চ
উচ্চ-মধ্য
উচ্চ-নিম্ন-মধ্য
এ’
অ’
নিম্ন-মধ্য
নিম্ন

ব্যঞ্জনধ্বনিসম্পাদনা কৰক

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়।[4][5]

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।

অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰা-ওচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব।[6]

অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনিৰ তালিকা
উচ্চাৰণ স্থান দ্বৌষ্ঠ্য দন্তমূলীয় পশ্চ-তালব্য কণ্ঠ্য
উচ্চাৰণৰ ধৰণ
অঘোষ
ঘোষ
অঘোষ
ঘোষ
অঘোষ
ঘোষ
ঘোষ
অল্পপ্ৰাণ
মহাপ্ৰাণ
নাসিক্য
উষ্ম
পাৰ্শ্বিক
কম্পিত

বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাইসম্পাদনা কৰক

ধ্বনি ভাষাৰ অপৰিহাৰ্য সামগ্ৰী। ধ্বনি বা ধ্বনি সমষ্টিৰে আমাৰ মনৰ ভাব প্ৰকাশ কৰোঁ যদিও, বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাই।[1] উদাহৰণস্বৰূপে-

উদাহৰণ ধ্বনি মন্তব্য
তোমাৰ না কি? ত্‌ + ও + ম্‌ + আ + ৰ্‌ ন্‌ + আ + ম্‌ ক্‌ ই ইয়াৰে ত্‌, ও, ম্‌, আ, ৰ্‌, ন্,‌ আ, ম্‌, ক্‌, ই -ৰ কোনো নিৰ্দিষ্ট অৰ্থ নাই

অৰ্থবোৰ মানুহে লগাই দি লোৱা কথা; ধ্বনিবোৰৰ নিজস্ব গুণৰ পৰা অৰ্থ নিৰ্ণীত নহয়।

কেতিয়াবা এটা মাথোঁ ধ্বনিৰেও এটা আকৃতি বা শব্দ হ’ব পাৰে। যেন, 'ই'। এই 'ই' এটা ধ্বনি। ধ্বনি হিচাপে ইয়াৰ কোনো অৰ্থ নাই। কিন্তু যেতিয়া এই 'ই' ধ্বনিটোৰে 'এই মানুহটো বা এই বস্তুটো' বুজোৱা হয় তেতিয়া এই 'ই'-টো অৰ্থযুক্ত হৈ পৰে, আৰু ই কেৱল ধ্বনি হৈ নাথাকি এটা আকৃতি বা ৰূপ বা শব্দত পৰিণত হয়।[1]

বাগ্‌ধ্বনি আৰু বৰ্ণসম্পাদনা কৰক

মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগ্‌ধ্বনি, বা চমুকৈ ধ্বনি বোলে।[1] আৰু মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোৰে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাকক বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।[7]

বিশিষ্ট ধ্বনি আৰু আখৰ[8]সম্পাদনা কৰক

বিশিষ্ট স্বৰ ধ্বনি অসমীয়া আখৰ
এ’
অ’
বিশিষ্ট ব্যঞ্জন ধ্বনি অসমীয়া আখৰ
হ্য
ড়


বৰ্ণ, অক্ষৰ আৰু আখৰসম্পাদনা কৰক

বৰ্ণমালাৰ বৰ্ণবোৰ একো একোটা চিহ্ন বিশেষ; এই বৰ্ণবোৰক আখৰ কোৱা হয়। শ্ৰৱণেন্দ্ৰিয়ৰে শুনা স্তৰত যিটো শ্ৰূয়মাণ বৰ্ণ, চাক্ষুষ অৰ্থাৎ দৃশ্যমান স্তৰত সেইটোৱেই আখৰ। বৰ্ণই প্ৰকাৰান্তৰে আখৰ, আৰু আখৰে প্ৰকাৰান্তৰে বৰ্ণ।[টোকা 1][9]

অসমীয়া আখৰ শব্দটো সংস্কৃত অক্ষৰ শব্দৰ পৰা ওলাইছে যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। অক্ষৰ শব্দই syllable বুজায়। এটা মাথোন হৃদস্পন্দন উচ্চাৰিত ধ্বনি বা ধ্বনিসমষ্টিকে অক্ষৰ বোলে।[9]

'বৰ্ণ', 'অক্ষৰ' আৰু 'আখৰ' এই তিনিওটা প্ৰকৃতপক্ষে বেলেগ। সংস্কৃত ভাষাত বৰ্ণসূচক আখৰবোৰে একোটা একোটা অক্ষৰৰো প্ৰতিনিধিত্ব কৰে; অৰ্থাৎ সংস্কৃতৰ আখৰবোৰ অক্ষৰো। উদাহৰণস্বৰূপে, স্বৰ বৰ্ণমালাৰ अ, आ, इ, ई আদি প্ৰত্যেকটোৱেই একো একোটা বৰ্ণ আৰু একো একোটা অক্ষৰ; অসমীয়া মতে ইহঁতৰ প্ৰত্যেকেই একো একোটা আখৰ; ইহঁত অৱশ্যে অক্ষৰো। ব্যঞ্জন বৰ্ণমালাৰ ক্ষেত্ৰত সুকীয়া। যেনে- ক (क), খ (ख), গ (ग), ঘ (घ) আদি প্ৰত্যেকেই একো একোটা অক্ষৰহে; কিয়নো ইহঁতৰ প্ৰত্যেকতে 'অ' -স্বৰ যুক্ত হৈ থাকে। যেনে- ক=ক্‌অ (क=क्अ), খ=খ্‌অ (ख=ख्अ), গ=গ্‌অ (ग=ग्अ), ঘ=ঘ্‌অ (घ=घ्अ) ইত্যাদি। ব্যঞ্জন বৰ্ণৰ আখৰবোৰত দুটাকৈ বৰ্ণ নিহিত হৈ থাকে। এটা হ’ল ব্যঞ্জন বৰ্ণ আৰু আনটো অ -স্বৰ বৰ্ণ।[9]

হলন্ত আখৰবোৰহে প্ৰকৃতপক্ষে সংস্কৃত ভাষাত একাকী বৰ্ণ; অৰ্থাৎ क এটা অক্ষৰ আৰু क् এটা বৰ্ণ।[9]

অসমীয়াত क (ক) এটা অক্ষৰ, क् (ক্‌) এটা বৰ্ণ আৰু क (ক) আৰু क् (ক্‌) দুয়োটাই একে আখৰ।[9]

লগতে চাওকসম্পাদনা কৰক

  1. অসমীয়া ব্যাকৰণ
  2. অসমীয়া ভাষা
  3. অসম

টোকাসম্পাদনা কৰক

  1. বৰ্ণবিজ্ঞানৰ মতে বৰ্ণ উচ্চাৰিত হ’ব নোৱাৰে। বৰ্ণ এটা অমূৰ্ত ৰূপ (abstraction); বৰ্ণৰ অন্তৰ্গত ধ্বনিহে (allophone) মানুহৰ মুখত উচ্চাৰিত হয়। সেই কাৰণে, বৰ্ণৰ শ্ৰূয়মাণ গুণ বা তেনে কথা ওলালে বৰ্ণৰ উচ্চাৰণাত্মক গুণৰ কথা কোৱা হৈছে বুলি বুজিব লাগে।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2000). বাগ্‌ধ্বনি. পৃষ্ঠা. 31-34. 
  2. গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2017). ভাষা আৰু ব্যাকৰণ. পৃষ্ঠা. 33-34. 
  3. বৰুৱা, ড॰ ভীমকান্ত (2006). অসমীয়া বৰ্ণমালা. পৃষ্ঠা. 126-135. 
  4. 4.0 4.1 গ্ৰন্থ-অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ড॰ বাণীকান্ত কাকতি, ২০০২
  5. 5.0 5.1 গ্ৰন্থ-অসমীয়া ভাষা, ড॰ ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭
  6. 6.0 6.1 গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড॰ উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬
  7. বহল ব্যাকৰণ. বীণা লাইব্ৰেৰী. September, 2012. 
  8. গোস্বামী, ড॰ উপেন্দ্ৰনাথ (2013). অসমীয়া ভাষাৰ ব্যাকৰণ. পৃষ্ঠা. 5-7. 
  9. 9.0 9.1 9.2 9.3 9.4 গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2017). অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ. পৃষ্ঠা. 57-83.