বাঘধেনু অসমৰ এটা প্ৰাচীন আৰু লুপ্তপ্ৰায় লোকবাদ্য। গৰখীয়া ল'ৰাই মুকলি পথাৰত এই বাদ্য বজায়। বাঘধেনুৰ শব্দত বৰষুণ আহে বুলি অসমীয়া লোকসমাজত প্ৰচলিত আছে। [উদ্ধৃতিৰ প্ৰয়োজন]। এই বাদ্যক মিচিং সমাজত বু-বাং বুলি কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

বাঘধেনু
বাঘধেনু
শ্ৰেণী ভাৰত লোকবাদ্য
আনুষঙ্গিক বাদ্য
গগনা, বীণ

ব্যৱহাৰ সম্পাদনা কৰক

গৰখীয়া ল'ৰাৰ মাজত বাঘধেনুৰ যথেষ্ট গুৰুত্ব আছে। গৰু চৰাই ফুৰোতে খৰাং বতৰত বৰষুণৰ কামনাৰে পথাৰত এই বাদ্য বজায় এইদৰে গায়--

হাতী কাণ ঘোঁৰা কাণ
জৌ জৌ কৈ বৰষুণ আন

বাঘধেনু কেৱল ল'ৰাইহে বজায়।[উদ্ধৃতিৰ প্ৰয়োজন] জনবিশ্বাসমতে ই বাঘৰ গোঁজৰণিৰ দৰে শব্দ কৰে বাবে ইয়াক 'বাঘধেনু' বুলি কোৱা হয়। পূৰ্বতে গছতলৰ বিহুতো ইয়াৰ প্ৰচলন আছিল বুলি কোৱা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]

নিৰ্মাণ পদ্ধতি সম্পাদনা কৰক

বাঘধেনু বাঁহ আৰু ৰছী বা মোটা সূতাৰে তৈয়াৰী বাদ্য। বাঘধেনু নিৰ্মাণ কৰিবলৈ দুচটা বাঁহ কাটি ল'ব লাগিব। এচটা বাঁহৰ দৈঘ্য ডেৰ-দুই ফুট হ'ব লাগিব আৰু অলপ বহল হ'ব লাগিব। আন চটা বাঁহ এফুট বা আধাফুট (ঠাইবিশেষে বেলেগ) হ'ব লাগিব। দুই চটা বাঁহৰ মূৰত এটা টুপী সাজিব লাগিব। এডাল তিনিফুট মানৰ ৰছী বা এডাল মোটা সূতাৰে এই বাঁহ দুচটাৰ মূৰ দুটা বান্ধি সংযোগ কৰি বাঘধেনু সজা হয়। বাঘধেনু বজাওতে সৰু চটা বাঁহ হাতেৰে ধৰি বতাহত ঘূৰাই শব্দ উলিওৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]