বাট বুলনিৰ গীত
বাট বুলনিৰ গীত (ইংৰাজী: Baat Bulanir Geet) বা “বাট ফুৰা নাম’’ অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মী সমাজখনত গোৱা এবিধ নাম যাৰ সৈতে কিছু সংস্কৃতি জড়িত হৈ আছে৷ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যওঁতে আইসকলে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে বাটৰ কষ্ট নোহোৱা কৰিবলৈ আধ্যাত্মিক ভাবাপন্ন গীত গাই বাট বুলে, সেইবোৰেই বাট বুলনিৰ গীত৷ মহাপুৰুষ দুজনাৰ জন্মোৎসৱৰ শোভাযাত্ৰা, কীৰ্তন মহোৎসৱৰ কৰভাৰ[1] আৰু “ঘাটসেৱা’’ অনুষ্ঠান আদিত আইসকলে বাট বুলনিৰ গীত গাই যায়৷ সুন্দৰীদিয়া সত্ৰৰ চৰিত তোলা অনুষ্ঠানলৈ যাওঁতে মূল কীৰ্তনঘৰৰ পৰা আইসকলে বাট বুলনিৰ গীত গাই যায়৷[2] এই গীতসমূহ কীৰ্তন, দশম, নামঘোষাৰ উপৰি পুৰাণ, ভাগৱত, ৰামায়ণ, মহাভাৰতৰ কাহিনীৰ মুখপৰম্পৰাৰূপে চলি অহা গীত পদো গোৱা হয়৷ কেইটিমান বাট বুলনি গীতৰ অংশ:
শংকৰ মাধব এ, হে ভৈলা অৱতাৰ,
ইবাৰ কৰিব হৰি জগত উদ্ধাৰ৷
কৰুণা ৰাখো ৰাখো প্ৰাণ,
নেৰো হৰি চৰণ তোমাৰ৷
যাদৱ এ নাযাবা এৰি,
গোপিনীৰ লগতে আহিছে হৰি৷ আদি৷[1]
অসমৰ আন কিছুমান ঠাইত একেই ধৰণে “বাট ফুৰা নাম’’ নামে এবিধ নাম পোৱা যায়৷ ইয়াৰো ধৰ্মীয় তাৎপৰ্য আছে৷ এই বাট ফুৰা নাম মানৰ আক্ৰমণ আৰু অত্যাচাৰ, মহামাৰী আদিৰ পৰা ৰক্ষা পাবলৈ ভগৱানৰ আশীষ কামনাৰে পুৰুষ-মহিলাই বাটে বাটে নাম গাই ফুৰে৷ এই পৰম্পৰা মানৰ আক্ৰমণৰ সময়ৰ পৰাই আৰম্ভ হোৱা বুলি বহুতে ক’ব খোজে৷ বহু গাঁৱত প্ৰচলন থকা বাট ফুৰা নাম সাধাৰণতে ব’হাগ বা জেঠ মাহত গোৱা হয়৷ মুনিহ-তিৰোতা সকলোৱে মিলি কীৰ্তনঘৰত লগ হৈ “হৰিধ্বনি’’ কৰি নামৰ আৰম্ভণি কৰে৷ বাটে বাটে গাই ফুৰোঁতে যাৰ যাৰ পদূলিয়েদি নামৰ সমদল যায় তেওঁলোকে ধূপ-ধুনা-বন্তি জ্বলাই শৰাইত মাননী দি সেৱা কৰে৷ বহুতে বছৰেকত “বাট ফুৰা নাম’’ গালে গাঁৱলৈ অপায়-অমংগল আহিব নোৱাৰে বুলি বিশ্বাস কৰে৷ নামনি অসমৰ জাগাৰা অঞ্চলত জেঠ মাহৰ পূৰ্ণিমা তিথিত দুদিনীয়াকৈ এই নাম গায়৷[3]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 দাস, দিগম্বৰ (১৯৯৫). বৰপেটাৰ বুৰঞ্জী. জীৱন জেউতি প্ৰকাশন. পৃষ্ঠা. ১৫৫.
- ↑ মেধি, ডিম্বেশ্বৰ (২০১৮). লোকসংস্কৃতিৰ লেছেৰী বোটলা. বিশ্বাম্ৱা প্ৰকাশন. পৃষ্ঠা. ৫৩.
- ↑ বৰা, ভদ্ৰকান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৬৪.