বানৱাৰীলাল পুৰোহিত এজন ভাৰতীয় ৰাজনৈতিক নেতা তথা বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল। তেওঁ অসমৰ প্ৰাক্তন ৰাজ্যপাল।[2] ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ১৭ আগষ্ট ২০১৬ চনত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে।[3] ২০১৭ চনৰ ২৭ জানুৱাৰী তাৰিখে তেওঁ মেঘালয় ৰাজ্যৰো ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰে।[4]

বানৱাৰীলাল পুৰোহিত
অসমৰ ৰাজ্যপাল
কাৰ্যকাল
২২ আগিষ্ট ২০১৬ [1] – ১০ অক্টোবৰ ২০১৭
পূৰ্বসূৰী পদ্মনাভ বালকৃষ্ণ আচাৰ্য
উত্তৰসূৰী জগদীশ মুখী
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি

তেওঁ মহাৰাষ্ট্ৰৰ নাগপুৰ লোকসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ সংসদত প্ৰতিনিধিত্ব কৰিছিল। দুবাৰ ভাৰতীয় কংগ্ৰেছ পাৰ্টিৰ পৰা আৰু এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা। ১৯৮৪ চনত তেওঁ প্ৰথম বাৰৰ বাবে কংগ্ৰেছ পাৰ্টিৰ পৰা অষ্টম লোকসভালৈ নিৰ্বাচিত হৈছিল।[5] ১৯৮৯ চনত তেওঁ পুনৰ কংগ্ৰেছৰ টিকেটত জয় লাভ কৰে।

তাৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু অযোধ্যাত ৰাম মন্দিৰ সাজিবলৈ এক আন্দোলনৰ সূচনা কৰে। সেই সময়ত তেওঁ ১৯৯১ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলৰ হৈ প্ৰতিদ্বন্দিতা কৰে যদিও তেওঁ পৰাজয় বৰণ কৰে। ১৯৯৬ চনত তেওঁ আকৌ বিজেপি দলৰহৈ একাদশ লোকসভালৈ প্ৰতিদ্বন্দিতা কৰে আৰু জয়ী হয়। ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছৰ বিলাষ মোটাম্বাৰৰ হাতত পৰাজয় বৰণ কৰে।

তেওঁ ১৯৮০ ৰ পৰা নাগপুৰৰ দা হিতাভাড়া নামৰ দৈনিক বাতৰি কাকত খনৰ স্বত্বাধিকাৰী। তেওঁ ২০১৬ চনৰ ১৭ আগষ্টত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হয়।

তথ্য উৎস সম্পাদনা কৰক