বাবু পূজা (ইংৰাজী: Babu Puja) অসমৰ তিনিচুকীয়া জিলাৰ ছৈখোৱাস্থিত শ্ৰী শ্ৰী কেঁচাখাইটী শালত প্ৰতিবছৰে অনুষ্ঠিত হয়।[1] শালৰ এই বিশেষ পূজা আঘোণ মাহৰ এক বিশেষ দেওবাৰে অনুষ্ঠিত হয়। অতি জাগ্ৰত বুলি বিশ্বাস ৰখা এই শালত বহাগ, কাতি আৰু মাঘ মাহৰ বুধবাৰ একোটাত দেউৰী সম্প্ৰদায় পুৰুহিতৰ দ্বাৰা পূজা সম্পন্ন হয়৷ বুধবাৰে অনুস্থিত হোৱা পূজাত চৰকাৰী তথা চাহবাগিছাৰ চাকৰীয়াল সকলে যোগ দিয়াত অসুবিধা হোৱাৰ বাবে তেওঁলোকৰ অনুৰোধ ক্ৰমে আঘোণ মাহৰ দেওবাৰ এটাত পূজা অনুস্থিত কৰাৰ সিদ্ধান্ত লোৱা হল৷ পিছলৈ চাকৰীয়াল অৰ্থাৎ বাবুসকলৰ বাবে বিশেষ ভাবে অনুস্থিত এই পূজা ভাগ বাবুপূজা নামেৰেই জনাজাত হৈ পৰিল। প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে বাবু পূজা অনুষ্ঠিত কৰা হয়।[2]

বাবু পূজা

কেঁচাখাইটী শালৰ প্ৰৱেশদ্বাৰ
ঠাই কেঁচাখাইটী শাল, ছৈখোৱা, তিনিচুকীয়া জিলা, অসম
অংশগ্ৰহণকাৰী দেউৰী, চুতীয়া আৰু কছাৰীসকল

ঐতিহ্যমণ্ডিত শদিয়াৰ ঐতিহাসিক চাৰিশাল গোঁসানীৰ ভিতৰত অন্যতম এই কেঁচা খাইটী শাল৷ বছৰত চাৰিবাৰ এই শালৰ দ্বাৰ ভক্ত সকলৰ বাবে মুকলি কৰা হয়৷ প্ৰতি বছৰৰ বহাগ, কাতি, আঘোণ আৰু মাঘ মাহত শালৰ মূল দ্বাৰ মুকলি কৰা হয়৷ ইয়াৰ ভিতৰত আঘোণ মাহত সম্পন্ন হোৱা বাবু পূজাত অত্যাধিক ভক্তৰ আগমন হয়।[3]

ইংৰাজৰ আগমনৰ বহু আগতেই দেউৰী, কছাৰী, চুতীয়া আদি স্থানীয় জনগোষ্ঠীয়ে তাম্ৰেশ্বৰী বা কেঁচাইখাইটি দেৱী পূজাৰ পৰম্পৰা আৰম্ভ কৰিছিল। তেওঁলোকৰ ৰজাসকলেও ইয়াক পৃষ্ঠপোষকতা কৰিছিল। এই দেৱীক কেঁচা মাংসভোজী বুলি বিশ্বাস কৰা হয় আৰু সেয়েহে ভক্তসকলে আশীৰ্বাদৰ বাবে দেৱীৰ আগত পশু বলি দিয়ে। বছৰত তিনিবাৰকৈ, মাঘ, ব’হাগ আৰু কাতি মাহত এই পূজা পালন কৰা হয়। এই তিনি মাহৰ সংক্ৰান্তিৰ প্ৰতি দ্বিতীয় বুধবাৰে মানুহে বলিৰে আশীৰ্বাদৰ বাবে দেৱীক পূজা কৰে। পিছলৈ যেতিয়া ইংৰাজে শাসন কৰিবলৈ আহি থানৰ ওচৰৰ অঞ্চলত চাহ বাগিচা আৰম্ভ কৰিলে, তেতিয়া এই সম্প্ৰদায়ৰ লোকসকলে চাহ বাগিচাত নিয়োজিত হৈ পৰিল, আৰু সপ্তাহৰ দিনত পূজা চলোৱাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰিল। সেয়েহে স্থানীয় ৰাইজে প্ৰতি বছৰে আঘোণৰ প্ৰথম দেওবাৰে বিশেষ পূজা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়, বিশেষকৈ চাহ বাগিচাত কাম কৰা বাবু বা কৰ্মচাৰীসকলৰ বাবে। তেতিয়াৰ পৰাই এই পূজাক বাবু পূজা নাম প্ৰচলন হৈছিল।

এই মন্দিৰৰ মুখ্য দেৱী কেঁচাখাইটীক ভগৱান শিৱ আৰু পাৰ্বতীৰ কন্যা বুলি বিশ্বাস কৰা হয়। লগতে পাৰ্বতী দেৱীৰ অংশ বুলিও বিশ্বাস কৰা হয়। দেৱী তাম্ৰেশ্বৰী পাঁচটা জাগ্ৰত মন্দিৰৰ ভিতৰত এইটো অন্যতম। ব্ৰহ্মপুত্ৰৰ পাৰত অৰুণাচল প্ৰদেশ, শদিয়া আদি বিভিন্ন ঠাইত আন আন মন্দিৰসমূহ অৱস্থিত।

ৰীতি-নীতি

সম্পাদনা কৰক

বাবু পূজাত মানুহে ছাগলী, হাঁহ, পাৰ আদি জীৱ-জন্তু বলি দিয়ে। আগতে মন্দিৰত মানুহকো বলি দিয়া হৈছিল যদিও এতিয়া, কেৱল ছাগলী-হাঁহকহে বলি দিয়া হয়। পাৰচৰাইবোৰ দেৱীৰ নামত মুকলি কৰি দিয়া হয়। মূল মন্দিৰত দেৱীৰ পাঁচ/ছটা মূৰ্তি আছে। এই মূৰ্তিসমূহ বছৰৰ এই চাৰিটা বিশেষ দিনতহে দৰ্শন লাভ কৰিব পাৰি। দেউৰী পুৰোহিতে প্ৰাচীন দেউৰী ভাষাত এই পূজা পৰিচালনা কৰে। ১৯৫০ চনৰ ভূমিকম্পৰ পিছত বৰ্তমানৰ স্থানত থকা মন্দিৰটো প্ৰতিষ্ঠা কৰা দৌলত চন্দ্ৰ বুঢ়াগোহাঁইৰ পৰিয়ালে বৰ্তমান এই মন্দিৰ আৰু ইয়াৰ পূজাসমূহ প্ৰধানকৈ পৃষ্ঠপোষকতা কৰে।