বাম্বোলপিটা গীত ভাদমাহৰ পূৰ্ণিমা তিথিত গৰখীয়াসকলে গোৱা এক বিশেষ শ্ৰেণীৰ গীতদৰং জিলাৰ পশ্চিম অঞ্চলত বিশেষকৈ হালধা, বিষ্ণুপুৰ, বুঢ়া, কুঁহিয়াৰকুছি, বামুনঝাৰ, খৈৰাবাৰী আদি অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি দেখিবলৈ পোৱা গৈছিল। কোনো কোনো অঞ্চলত বাম্বোলপিটাক বাম্বোল খেদা বা হেপৰপিটা গীত বুলিও জনা যায়।

নামৰ তাত্‍পৰ্য্য

সম্পাদনা কৰক

বাম্বোলৰ অৰ্থ হ’ল "বাম্" মানে বাঁহ আৰু "বোল" মানে টুকুৰাই কোৱা বা গোৱা। অৰ্থাৎ দীঘল বাঁহ এডালত সৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা গীতকেই বাম্বোল পিটা গীত বুলি কোৱা হয়। হেপৰপিটা আৰু বাম্বোলপিটাৰ নামটোক লৈ এটা জনশ্ৰুতিও শুনা যায়। সেই মতে – এবাৰ হেনো ভূটীয়া ৰজাৰ লগত ইংৰাজৰ ’কেম্বেল’ চাহাবৰ যুদ্ধ লাগিছিল। ভূটীয়া ৰজাৰ লগতে স্থানীয় লোকেও কেম্বেল চাহাবক পিটিবলৈ টাঙন টোকন লৈ যোগ দিছিল। কেম্বেল চাহাবৰ নামটো লোকমুখত পৰি ভুলকৈ "বাম্বেল" বা "বাম্বোল" বুলি উচ্ছাৰিত হোৱাত সিয়েই পিছলৈ "বাম্বোলপিটা গীত" নামে পৰিচিত হয় আৰু হেঁপাহ পলুৱাই পিটাৰ পৰা গৈ "হেপৰপিটা" হয়গৈ বুলি ধাৰণা কৰা যায়।

গাঁৱৰ ডেকাল'ৰাহঁতে বিশেষকৈ গৰখীয়াসকলে প্ৰত্যেকে নিজৰ কান্ধত একোডাল বাঁহৰ টোকন কাটি লয় আৰু একহাতমান দীঘল একোডাল সৰু বাহৰ টুকুৰা কাটি লৈ দীঘল টোকনডালত গীতৰ তালে তালে কোবাই যায়। গাঁৱত ঘৰে ঘৰে জুম পাতি গীত গোৱাৰ পিছত সংগৃহীত টকা পইছাৰে দলবান্ধি ভোজ ভাত খাই আৰু আনন্দ কৰে। গীতটো এজনে লগাই দিয়ে আৰু বাকীবোৰে তুলি ধৰে।


তথ্য সংগ্ৰহ

সম্পাদনা কৰক