বাসদেৱ মহী (জন্ম: ২ মাৰ্চ ১৯৪৪ - ২৭ আগষ্ট ২০২১) বা Vasdev Vensimal Sidhnani হৈছে এগৰাকী সিন্ধী কবি, অনুবাদক, সমালোচক, চুটি গল্প লেখক আৰু অৱসৰপ্ৰাপ্ত প্ৰবক্তা। তেওঁ সাহিত্য অকাডেমিৰ কাৰ্যবাহী পৰিষদৰ সদস্য আৰু ২০০৮ চনৰপৰা ২০১৩ চনলৈ সামূহিকভাৱে ভাৰতীয় ভাষাৰ প্ৰচাৰ পৰিষদৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেওঁ ইতিমধ্যে পঁচিশখন কবিতা সংকলনৰ উপৰি বহুকেইখন অনুবাদ আৰু সমালোচনাৰ কিতাপ লিখিছে। ২০১২ চনত প্ৰকাশিত চেকবুক শীৰ্ষক তেওঁৰ চুটি গল্পৰ কিতাপখনৰ বাবে মহীয়ে সৰস্বতী সন্মান সহ অসংখ্য বঁটা লাভ কৰিছে। তেওঁৰ কিছু সমালোচনামূলক প্ৰবন্ধ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত অনুষ্ঠিত সাহিত্য উৎসৱত প্ৰকাশ পাইছে।[2]

বাসদেৱ মহী

বাসদেৱ মহীৰ ফাইল ফটো
জন্ম Vasdev Vensimal Sidhnani
২ মাৰ্চ, ১৯৪৪ (৮০ বছৰ)
মিৰপুৰ খাচ, ব্ৰিটিছ ভাৰত
ছদ্মনাম বাসদেৱ মহী
পেচা
  • কবি
  • অনুবাদক
  • সমালোচক
  • গল্পকাৰ
ভাষা সিন্ধী ভাষা
শিক্ষা স্নাতকোত্তৰ
ইংৰাজী সাহিত্য
মাতৃশিক্ষায়তন গুজৰাট বিশ্ববিদ্যালয়
ধৰণ
  • গজল
  • গদ্য
  • সমালোচনা
  • চুটি গল্প
  • ৰছনা
  • নাটক
বিষয় সমাজ, সাহিত্য
উল্লেখযোগ্য বঁটা
দাম্পত্যসংগী জানকী (বি. ১৯৬৪)
ৱেবছাইট vasdevmohi.com

তাজাদ শীৰ্ষক তেওঁৰ প্ৰথম কাব্য সংকলনখনে ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে জনপ্ৰিয়তা লাভ কৰিছিল। পিছত তেওঁ সুবাহ কিথে আহে শীৰ্ষক আন এটা কবিতা সংকলন প্ৰকাশ কৰে।[1] ১৯৭৭ চনত, তেওঁ তেওঁৰ কবিতা পুথি বৰফ জো থাহিয়াল বাবে সিন্ধী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৪৪ চনৰ ০২ মাৰ্চ তাৰিখে ব্ৰিটিছ ভাৰতৰ মিৰপুৰ খাচত (আধুনিক পাকিস্তানত) বাসদেৱ মহীৰ জন্ম হৈছিল।[3] ভাৰত বিভাজনৰ পিছত তেওঁৰ পৰিয়ালে ১৯৪৭ চনত যোধপুৰলৈ প্ৰব্ৰজন কৰে। পিছত, ১৯৫০ চনত, তেওঁলোক আহমেদাবাদলৈ যায়। তেওঁ ১৯৬৪ চনৰ নৱেম্বৰত জানকীক বিয়া কৰাইছিল। তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৬৬ চনত জীৱন বীমা নিগমত (এল আই চি) যোগদান কৰিছিল। পিছত তেওঁ সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৮৭ চনত ডুবাইৰ ইণ্ডিয়ান হাই স্কুলত ইংৰাজী শিক্ষক ৰূপে কাম আৰম্ভ কৰে। ২০০৪ চনত তেওঁ এই চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে।[2][1]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৭৬ চনৰ আশে পাশে, প্ৰথমখন কাব্য সংকলন তাজাদ প্ৰকাশৰ জৰিয়তে, এগৰাকী সাহিত্যিক ৰূপে বাসদেৱ মহীৰ কৰ্মজীৱন আৰম্ভ হৈছিল। ১৯৭৯ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ সন্মিলনত উপস্থিত আছিল। তেওঁ সমালোচনা, নাটক, চুটি গল্প আৰু কবিতা আদি সাহিত্যিৰ বিভিন্ন ধাৰাত লিখি আছে। তেওঁ মানকু নামেৰে কবিতাৰ এক নতুন ধাৰা আৰম্ভ কৰিছিল; ই হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত কবিতা, যি সাধাৰণতে সামাজিক বৈষম্যৰ বিৰুদ্ধে লেখকৰ বেদনা প্ৰকাশ কৰিবলৈ লিখা হয়। জাপানী হাইকু কবিতা আৰু পৰম্পৰাগত গজলৰ সংমিশ্ৰেণেৰে তেওঁ হাইকু গজল লিখি গজল সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক