বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখনা ৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। ঢকুৱাখনা চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গ'লে এই প্ৰসিদ্ধ থানখন পোৱা যায়॥ থানখনৰ লগতে বাসুদেৱৰ এখন নামঘৰ আছে। সত্ৰৰ মুঠ মাটিকালি প্ৰায় ২০০ বিঘা। বৰ্তমান এই তীৰ্থস্থানখন বলাহী চামপৰা আৰু সৌপাৰাৰ মাজৰ সোৱণশিৰি নামৰ ঠাইত অৱস্থিত।[1]

শ্ৰী শ্ৰী বাসুদেৱ থান

শ্ৰী শ্ৰী বাসুদেৱ থান, ঢকুৱাখনা, লখিমপুৰ
শ্ৰী শ্ৰী বাসুদেৱ থান is located in Assam
শ্ৰী শ্ৰী বাসুদেৱ থান
অসম মানচিত্ৰত বাসুদেৱ থানৰ অৱস্থান
ভূ-স্থানাংক 27°11′N 94°12′E / 27.18°N 94.20°E / 27.18; 94.20
নাম
অন্য নাম বাসুদেৱ থান
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা লখিমপুৰ
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী অসমীয়া, মিচিং

ইতিহাস আৰু প্ৰবাদসম্পাদনা কৰক

পূৰ্বতে সত্ৰৰ ভূমি (য'ত এইখন মূলতে অৱস্থিত আছিল) ১৩৯২ খ্ৰীষ্টাব্দত সদধাপুৰ/শদিয়া ৰাজ্যৰ চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দিজিক দান কৰিছিল আৰু লগতে মন্দিৰ এটা নিৰ্মাণ কৰা হৈছিল। কিন্তু, বানপানীৰ কাৰণে মন্দিৰভাগৰ স্থান পৰিত্যক্ত হয় আৰু ১৪০১ খ্ৰীষ্টাব্দত ৰজা লক্ষ্মীনাৰায়ণে (সত্যনাৰায়ণৰ পুত্ৰ) এভাগ নতুন মন্দিৰৰ প্ৰতিষ্ঠিত কৰে। মন্দিৰভাগৰ ভূমি ৰবিদাস বনসপতি নামৰ এজন পুৰোহিতক দান কৰা হৈছিল। পাচৰ পৰ্য্যায়ত ৰবিদাসৰ বংশৰ বাহুদ নামৰ এজন ব্ৰাহ্মণে বৈষ্ণৱ সন্ত দামোদৰদেৱ আতাক সত্ৰ প্ৰতিষ্ঠাৰ বাবে মন্দিৰটো দি দিছিল।

চৰিত পুথিৰ মতে, ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভূজৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰি পাছদিনা ঠাকুৰৰ আগত ব্যক্ত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ(শদিয়া) পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰে। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামৰ ঠাইৰ বাসুদেৱ মন্দিৰৰ ভূমিত সত্ৰ স্থাপন কৰে। এই চাৰিভাগী আৰু লাউমুৰী নামে ঠাইত এই দুখন সত্ৰ দামোদৰ ঠাকুৰে[2] প্ৰতিষ্ঠা কৰাৰ বাবে নৰোৱাসত্ৰ নামেৰে প্ৰসিদ্ধ হ’ল। ১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামেৰে জনাজাত হয়। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰে। কিন্তু সোৱণশিৰিয়ে খহাই নিয়াত থানখন তাৰ পৰা তুলি আনি চামপৰা আৰু কঢ়ানৈৰ মাজত ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত প্ৰতিষ্ঠা কৰা হয় আৰু বাসুদেৱ থান নামেৰে প্ৰসিদ্ধি লাভ কৰে। সাতসৰী অসম বুৰঞ্জীত উল্লেখ থকা মতে, মানৰ আক্ৰমণত সত্ৰ উজাৰ হোৱাৰ পাছত নৰোৱাৰে অচ্যুত আতাই পুনৰ সংস্কাৰ কৰি থানখন পাতে। অচ্যুত আতাৰ বিয়োগৰ পাছত তেওঁৰ চাৰিজন পুত্ৰৰ বৰপুত্ৰ মুক্তিনাথদেৱ সত্ৰৰ সত্ৰাধিকাৰ হোৱাৰ লগতে থানৰ আভ্যন্তৰিণ বিষয়ত পুত্ৰ কুশচন্দ্ৰদেৱ আৰু মহেশচন্দ্ৰদেৱ আৰু বহিৰ্বিষয়ৰ চোৱা চিতা কৰিছিল শিৱচন্দ্ৰদেৱে। এওঁলোকৰ দিনতে ১৯৩৫ খ্ৰীষ্টাব্দত বৰ্তমান বাংলাদেশৰ আৰু তেতিয়াৰ পূৰ্ববংগৰ পৰা ৰাজমিস্ত্ৰী আনি চাৰিকোণীয়া বিশিষ্ট পকী মন্দিৰ নিৰ্মাণ কৰা হয়[3]

প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ। ” এতিয়াৰ সত্ৰখনৰ নামকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মণে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগত্যা কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওবাই আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকাণ্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম”ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে। প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে নেপাল ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।

বিৱৰণসম্পাদনা কৰক

এই থানৰ মাতি প্ৰায় ২০০ বিধা আৱৰা। প্ৰায়ভাগেই গছ-গছনিৰৰে ভৰা। এই থানৰ ওচৰৰ অনেক গ্ৰামতো বিভিন্ন মূৰ্তি উদ্ধাৰ হৈছে, যি মূৰ্তি লোকে এই থানত অৰ্পণ কৰিছে।[4][5]

জন বিশ্বাসসম্পাদনা কৰক

লোকবিশ্বসানুসৰি ৰুক্মিণীয়ে বাসুদেৱ থানৰ মূৰ্তি নিৰ্মাণ কৰিছিল, বাসুদেৱক নিজৰ পতি হিচাপে পাবলৈ। সেয়ে এই থানত ইচ্ছা পূৰ্ণ কৰাৰ শক্ৰি আছে বুলি বিশ্বাস কৰা হয়।[6]

যোগাযোগসম্পাদনা কৰক

লখিমপুৰ জিলাৰ নকাড়ী আৰু ধেমাজি জিলাৰ গোগামুখ সমীপতম্‌ ৰেলৱে ষ্টেচন আৰু লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ হৈছে সমীপতম্‌ বিমান বন্দৰ।

শাখা থানসম্পাদনা কৰক

সত্ৰাধিকাৰ মুক্তিনাথদেৱ গোস্বামীৰ দিনত লখিমপুৰৰ বিহপুৰীয়া আৰু পথালি পাহাৰত দুখন শাখা থান প্ৰতিষ্ঠা কৰা হয়।[7] এই দুখন ক্ৰমে-

  • কাচি কটা বাসুদেৱ থান
  • তৰাজুলি বাসুদেৱ থান

বাসুদেৱ নামৰ অৰ্থ আৰু তাৎপৰ্যসম্পাদনা কৰক

"কৃষ্ণ বাসুদেৱ” নামৰ আভিধানিক ব্যুৎপত্তি আৰু অৰ্থ হৈছে-

ৱসুদেৱ+ষ্ণ (অপত্যাৰ্থে) = বাসুদেৱ;

অৰ্থঃ বসুদেৱৰ পুত্ৰ পূৰ্ণব্ৰহ্ম দৈৱকীনন্দন কৃষ্ণ, অৰ্থাৎ বসুদেৱ আৰু তৎপত্নী দৈৱকীৰ পুত্ৰৰূপে অৱতাৰ হোৱা পৰমব্ৰহ্ম কৃষ্ণই হৈছে "বসুদেৱ”

মহাপুৰুষ মাধৱদেৱৰ ঘোষাৰ নামান্বয় অংশৰ ভাঙনি কৰিলেও পোৱা যায় যে, পৰমব্ৰহ্মৰ ‘কৃষ্ণ’ আৰু ‘বাসুদেৱ’ এই দুয়োটি নামেৰে ব্যহ্মাৰ একৰূপতাকেই প্ৰকাশ কৰি এটি টীকাৰ দুটি পিঠিৰূপে জগতত বিৰাজ কৰিছে। কৃষ্ণৰূপে সমস্ত পৃথিৱীকে আনন্দ সাগৰত দ্ৰৱিত কৰি, বাসুদেৱৰূপে সমস্ত জগততে বাস কৰিছে আৰু সমস্ত জগতো তেওঁতে নিবাস কৰিছে। সেই নিমিত্তে পণ্ডিতসকলে পৰম ব্ৰহ্ম কৃষ্ণক বাসুদেৱ বুলি কৈছে।[8]

নৰোৱা নামৰ তাৎপৰ্যসম্পাদনা কৰক

ৱেড চাহাবৰ "অসমৰ বিৱৰণ” পুথিৰ মতে, ছাঁপৰা নৈৰ পাৰত নৰোৱা নামৰ ঠাইত এখন থান আছে বুলি উল্লেখ আছে আৰু তালৈ বছৰি সহস্ৰাধিক দৰ্শনাৰ্থী আহি বাসুদেৱ মূৰ্ত্তি দৰ্শন কৰেহি।[9]

"NAROA is much smaller district, which does not exceed eight miles in length and six in breadth. It is chiefly noted for a temple or Takoorbari. The waters of Sowpurra (Champora) river contribute to enrich the estate of the NAROA GOSAIN or GOSWAMI. --- P. Wedd"

দামোদৰ ঠাকুৰে আই কনকলতাৰ সৈতে আহি বৰদোৱা থান পুনৰুদ্ধাৰ কৰি নতুনকৈ এখনি সত্ৰ প্ৰতিষ্ঠা কৰে আৰু নতুনকৈ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে সত্ৰখনিক নৰোৱা সত্ৰ বোলা হ’ল[10]। আনহাতে বাসুদেৱৰ মূৰ্ত্তি বিৰাজ কৰা থানখনত নৰোৱা বংশৰ গোঁসাই থকাৰ কাৰণে ইয়াক নৰোৱা সত্ৰও বুলি জনা যায়[11]

বাসুদেৱ থানৰ মূৰ্ত্তিসম্পাদনা কৰক

বাসুদেব থানৰ মূৰ্ত্তিসমূহ ভালেমান কালৰ পুৰণি। পুৰণি বাসুদেৱ থানৰ মূৰ্তিভাগ চুতীয়া ৰজা সত্যনাৰায়ন দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান থানৰ(সত্ৰৰ) বৃহৎ শিলৰ মূৰ্ত্তিখন কুণ্ডিলৰ চুতীয়া ৰজাৰ হাতত আছিল আৰু পৰ‌বৰ্তি কালত দামোদৰ দেৱৰ দিনত নৰোৱা সত্ৰলৈ স্থানান্তৰ কৰা হৈছিল। এনেদৰে বাসুদেৱ থান আৰু নৰোৱা সত্ৰৰ সংযোগ ঘটে। ‘ঠাকুৰ চৰিত্ৰ’ নামৰ সাঁচিপতীয়া পুথি এখনৰ পৰা জয়ধ্বজ সিংহৰ দিনত বাসুদেৱ-মূৰ্ত্তি শদিয়াৰ পৰা আনি নৰোৱা থানত স্থাপন কৰা হৈছিল বুলি জনা যায়। কলীয়া শিলত খোদিত এই মূৰ্ত্তিটোৰ শিল্পকাৰ্য যথেষ্ট লেখতলগীয়া। চতুৰ্ভুজবিশিষ্ট এই মূৰ্ত্তিৰ উচ্চতা ৪ ফুট অৰ্থাৎ ১২২ চেঃমিঃ। মন্দিৰত থকা অন্যান্য মূৰ্তি আৰু কলাৰ্কীতিসমূহে ১৪ তম খ্ৰীষ্টাব্দত চুতীয়া ৰজাৰ দিনৰ বুলি ধৰিব পৰা যায়।

সত্ৰাধিকাৰ তথা ধৰ্মাচাৰ্যসকলসম্পাদনা কৰক

  • প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী দামোদৰ ঠাকুৰ
  • ৰমাকান্ত ঠাকুৰ
  • ৰামচন্দ্ৰ ঠাকুৰ
  • ৰামদেৱ
  • ভদ্ৰদেৱ
  • লক্ষ্মীদেৱ
  • বামদেৱ
  • অচ্যুৎ চন্দ্ৰদেৱ
  • মুক্তিনাথদেৱ
  • মহেশ চন্দ্ৰদেৱ
  • শ্ৰী শ্ৰী ৰূপেন্দ্ৰ দেৱ[12]
  • শ্ৰী শ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামী

অতিথিশালাসম্পাদনা কৰক

বাসুদেৱত এটা অতি সুন্দৰ অতিথিশালা আছে। দূৰণিৰ ভক্তসকলৰ বাবে ইয়াত থকা আৰু খোৱাৰ সু-ব্যৱস্থা আছে।

যোগাযোগসম্পাদনা কৰক

বাসুদেৱলৈ আহিবলৈ দুটা ৰাস্তা আছে। এটা ঘিলামৰাৰ বৰদৈবামৰ পৰা আৰু আনটো ঢকুৱাখনা পৰা।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. http://www.assaminfo.com/tourist-places/27/shri-shri-basudev-than.htm
  2. www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm
  3. * শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
  4. 6th para Assaminfo.com
  5. http://www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm cic
  6. cicwebpages, Assam, Dhakuakhana, Basudevthan1 Para 6
  7. * শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
  8. * শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
  9. ড॰ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫
  10. শ্ৰী শ্ৰী বাসুদেৱ থান- অতীত আৰু বৰ্তমান, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
  11. ১৯৮৫ চনৰ অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত অধ্যাপক শ্ৰীহৰেন্দ্ৰদেৱ গোস্বামীয়ে লিখা প্ৰবন্ধ
  12. শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
  13. শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱাসত্ৰৰ ইতিবৃত্ত, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
  14. শ্ৰী শ্ৰী বাসুদেৱ থান- অতীত আৰু বৰ্তমান, লেখক- প্ৰফুল্লনাৰায়ণ গোস্বামী শাস্ত্ৰী (প্ৰকাশকঃ শ্ৰীযুত মোহন চন্দ্ৰ দেৱ গোস্বামী, প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ২০১৫)
  15. ড॰ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫
  16. ১৯৮৫ চনৰ অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত অধ্যাপক শ্ৰীহৰেন্দ্ৰদেৱ গোস্বামীয়ে লিখা প্ৰবন্ধ