ঘিলামৰা
ঘিলামৰা অঞ্চলটো অসমৰ লখিমপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত[1]
ঘিলামৰা | |||
— অঞ্চল — | |||
স্থানাঙ্ক | 27°19′N 94°25′E / 27.31°N 94.41°E | ||
দেশ | ![]() | ||
ৰাজ্য | অসম | ||
জিলা | লখিমপুৰ | ||
লোকসভা সমষ্টি | ১৪ নং লখিমপুৰ লোকসভা সমষ্টি | ||
বিধানসভা সমষ্টি | ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টি | ||
জনসংখ্যা • ঘনত্ব |
80,205 (2011[update]) • 298 /কিমি২ (772 /বৰ্গ মাইল) | ||
চৰকাৰী ভাষা | অসমীয়া | ||
---|---|---|---|
আঞ্চলিক ভাষা | অসমীয়া, মিচিং | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি | >269 km2 (104 sq mi) | ||
ক'ড
|
ভৌগোলিক বিৱৰণসম্পাদনা কৰক
ঘিলামৰা অঞ্চলটো ঘিলামৰা অৰক্ষী থানা আৰু ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত। ইয়াৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি জিলা, দক্ষিণে গোগামুখ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ নদ। ঘিলামৰা এখন সমতল ঠাই। সৰ্বমুঠ ২৬৯ বৰ্গ কি:মি: লৈ অঞ্চলটো বিয়পি আছে।
ইতিহাসসম্পাদনা কৰক
ঘিলামৰা নামটোৰ ইতিবৃত্ত বুৰঞ্জীত পোৱা যায়। ঘিলামৰা অঞ্চল এসময়ৰ শক্তিশালী চুতীয়া ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। এই অঞ্চলতে চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে ১৪০১ খৃষ্টাব্দত কৰা ভূমিদানৰ ফলি পোৱা গৈছিল। চুতীয়া ৰাজ্যৰ অন্তিম খন তামৰ ফলি ঘিলামৰাৰ ওচৰৰে কোঁৱৰ গাঁৱ অঞ্চলত উদ্ধাৰ হৈছিল। ফলিখনৰ জড়িয়তে চুতীয়া ৰজা ধীৰনাৰায়ণে ১৫২২চনত ব্ৰাহ্মণক ভূমি দান কৰিছিল। আহোমৰ লগত হোৱা ৰণত পৰাজিত হৈ ঘিলামৰা অঞ্চলৰ চুতীয়াসকলে পুণৰ বিদ্ৰোহ কৰিবলৈ লৈছিল আৰু শত্ৰুৰ লগত তয়া-ময়া ৰণ লাগিছিল। সেই ৰণতে চুতীয়াসকলৰ ঘিলা নামৰ সেনাপতিজনৰ মৃত্যু হৈছিল। ইয়াৰ পৰাই অঞ্চলটোৰ নাম ঘিলামৰা হৈছিল বুলি জনা যায়। [2]
চুতীয়াৰ শাসন কালত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ সোৱণশিৰিৰ পাৰৰ ঘিলামৰা-ঢকুৱাখনা-ধেমাজীৰ এই সমগ্ৰ অঞ্চলটোক হাবুং নামেৰে জনা গৈছিল। এই অঞ্চলতে চুতীয়া ৰজাই হাবুঙাধিপতি বৃহৎপাত্ৰ নামৰ এজন সেনাপতিক শাসক হিচাপে ৰাখিছিল। ১৫২৩ চনৰ ডিব্ৰুগড়ৰ চুতীয়া-আহোম ৰণত চুতীয়াৰ বৃহৎপাত্ৰে অংশগ্ৰহণ কৰিছিল বুলি বুৰঞ্জীত পোৱা যায়। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চুকাফাই খেতি কৰিবলৈ উপযুক্ত স্থান বিচাৰি হাবুঙত তিনি বছৰ (১২৪২-১২৪৪) শালি খেতি কৰি বানপানী হোৱাৰ বাবে দক্ষিণ পাৰলৈ ঘূৰি গৈছিল।[3]
১২০০ শতিকাৰ পৰা ১৫০৫ চনলৈকে এই অঞ্চল চুতীয়া ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। চুতীয়া ৰজা গৌৰীনাৰায়ণে স্বেতাগিৰি ৰাজ্য দখল কৰি ঘিলামৰাৰ দক্ষিণত ৰতনপুৰ নামৰ এখন নগৰ গঠন কৰি ৰাজধানী কৰি লৈছিল। অঞ্চলটোত চুতীয়া ৰজা সকলে মাটি দান কৰা তিনিখন তামৰফলি উদ্ধাৰ হৈছে-
- ধেনুখনা তামৰফলি, ১৩১৪ শক (১৩৯২ চন)
- ঘিলামৰা তামৰফলি, ১৩৩২ শক (১৪০১ চন)
- বৰমূৰ্ত্তীয়া বিল তামৰফলি, ১৩১৪ শক (১৩৯২ চন)
- কোঁৱৰগাঁও তামৰ ফলি, ১৪৪৪ শক(১৫২২ চন)
১৫১২ চনত চুহুংমুং দিহিঙীয়া ৰজাৰ শাসনকালত আহোম সৈন্যই হাবুং আক্ৰমণ কৰে যাৰ ফলত আহোম-চুতীয়া যুদ্ধ আৰম্ভ হয়। ১৫২০ চনত চুতীয়া সেনায়ে আহোমৰ মাজুলীত স্থিত মৌঙ-খ্ৰাঙ্গ দূৰ্গ আক্ৰমণ কৰি আহোম সৈন্যক পৰাস্ত কৰি পুণৰ এই অঞ্চলতোক নিজৰ অধীনলৈ আনে। ১৫২৪ চনত চুতীয়া ৰজা নীতিপালক পৰাস্ত কৰাৰ ফলত এই অঞ্চল আহোম ৰাজ্যৰ ভিতৰুৱা হয়।
আন্তঃগাঁথনিসম্পাদনা কৰক
- গাঁৱৰ সংখ্যা =১২২ খন,[4]
- গাওঁ পঞ্চায়ত =৯ খন,
- আৰক্ষী থানা= ১ টা,
- সৰ্বমুঠ জনসংখ্যা =৮০২০৫ (পুৰুষ ৫৩০৪২ জন আৰু মহিলা ২৭১৬৩ গৰাকী)।
- অন্যান্য জনগোষ্ঠীৰ মুঠ =২৫৮৭৯ জন।
- শিক্ষিত মানুহৰ সংখ্যা =২৩২৮৯ (পুৰুষ ১১৭৪৯, মহিলা ১১৫৪০) সৰ্বমুঠ কৰ্মচাৰীৰ সংখ্যা ১৯৭( প্ৰতি বৰ্গ মি:ত) জন,
স্বাস্থ্য বিভাগসম্পাদনা কৰক
১. চৰকাৰী হস্পিতাল= ১খন (সৰ্বমুঠ বিছনা ৩০ খন)
২. প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ= ২খন
পশু চিকিৎসা বিভাগসম্পাদনা কৰক
১. চৰকাৰী পশু চিকিৎসালয় কেন্দ্ৰ- ১ টা
পেয় জলৰ বিতৰণসম্পাদনা কৰক
১. নাদৰ সংখ্যা= ৬৫টা
২. দমকল সংখ্যা= ২৭৬৩টা
পথ যোগাযোগসম্পাদনা কৰক
১. সৰ্বমুঠ পকী পথ= ২৬ কি:মি:
২. অৰ্ধ পকী পথ= ৬৫ কি:মি:
বেংকসম্পাদনা কৰক
১. বেংক: ঘিলামৰাত ৩টা বেংক আছে; ইউ বি আই, ভাৰতীয় ষ্টেট বেংক আৰু অসম গ্ৰামীণ বিকাশ বেংক।
সামাজিক গাঁথনিসম্পাদনা কৰক
১. মহিলা মণ্ডল= ৯৯টা
২. অঙ্গনৱাদী কেন্দ্ৰ= ৭৮টা
৩. মহিলা আৰু শিশু কল্যাণ কেন্দ্ৰ= ১টা
অন্যান্যসম্পাদনা কৰক
১. বৈদ্যুতিকৰণেৰে সামৰা গাওঁ= ২৯খন
২. দৈনিক বজাৰ= ২খন
৩. সাপ্তাহিক বজাৰ= ১ খন(শনিবৰীয়া)
৪. পুঁথিভৰাল= ১৮টা
৫. চিনেমা গৃহ= নাই
শিক্ষা অনুষ্ঠানসম্পাদনা কৰক
- নৰ্থ বেংক কলেজ[5]
- বালিকা মহাবিদ্যালয়
- ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়[6]
- ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
- কান্তখনিকৰ ছোৱালী হাইস্কুল
- পশ্চিম ঘিলামৰা হাইস্কুল
- ঘাঁহিগাওঁ এম ভি স্কুল
- ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা
- বাটমাৰী হাইস্কুল
- সঙ্গীত মহাবিদ্যালয়
- নৰ্থ বেঙ্ক ফাইন আৰ্টছ কলেজ
উল্লেখযোগ্য স্থানসম্পাদনা কৰক
গোপালপুৰ সত্ৰসম্পাদনা কৰক
গোপালপুৰ সত্ৰ (ইংৰাজী- Gopalpur Satra) চাৰি ৰাজসত্ৰৰ অন্যতম মাজুলীস্থিত দক্ষিণপাট সত্ৰৰ এখন শাখা সত্ৰ। এই সত্ৰখনি লখিমপুৰ জিলাৰ ঘিলামৰাৰ উত্তৰ-পূব প্ৰান্তত কঢ়া আৰু কুমটীয়া নদীৰ সংগমস্থলীত অৱস্থিত। সত্ৰখনি স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত প্ৰতিষ্ঠা কৰা হৈছিল। সত্ৰৰ উপাস্য বিগ্ৰহজনাৰ নাম বংশীবদন বা গোপাল। গোপালৰ নামানুসাৰেই সত্ৰখনৰ নাম গোপালপুৰ।
জলবায়ুসম্পাদনা কৰক
হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই অঞ্চলৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ। অসমৰ অন্যান্য এলেকাত দেখা দিয়া বালি–ধুমুহা এই জিলাত নাই।
অৰ্থনীতিসম্পাদনা কৰক
অৰ্থনৈতিকভাৱে ঘিলামৰা ইমান উন্নত নহয়। ইয়াৰ সৰহখিনি মানুহ কৃষিজীৱি। মুগা উৎপাদনৰ ক্ষেত্ৰত ঘিলামৰাৰ এক সুকীয়া নাম আছে।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ http://northbankcollege.com/about.html
- ↑ Kalita, Jitaram, Dhakuakhana Mahkumar Thair Naamor Itibriti aru Anyanyo Prabandha, p. 25.
- ↑ গগৈ, নিত্যানন্দ, ঘিলামৰাৰ ইতিকথা, ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, ২০১৪ চন
- ↑ http://www.cic.nic.in/cicwebpages/Assam/ghilamara/webpage%20ghi/block.htm
- ↑ https://www.northbankcollege.in/
- ↑ http://www.cic.nic.in/cicwebpages/Assam/ghilamara/webpage%20ghi/new_page_18SJ.htm