শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়, ফুকনৰখাত, ৰহমৰীয়া । (দিনাংক :- ২৮/০২/২০১৯) সম্পাদনা কৰক

শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়, ফুকনৰখাত, ৰহমৰীয়া ২০০৮ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল । পুষ্পেন্দ্ৰনাথ গোঁহাইক সভাপতি আৰু হৰিকান্ত দুৱৰাক লৈ ২০০৭ চনত বিদ্যালয়খন গঠনৰ উদ্দেশ্যে এখনি প্ৰস্তুতি সমিতি গঠন কৰে । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড় জিলা শাখাৰ নিৰ্মল আঞ্চলিক শাখাৰ অন্তৰ্গত বনমালী, দিয়ায় আৰু শ্ৰীমন্তজ্যোতি প্ৰাথমিক শাখাৰ উদ্যোগত স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ সহযোগত শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়, ফুকনৰখাত, ৰহমৰীয়া বিদ্যালয়খন প্ৰতিষ্ঠা কৰে । বিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত ভৱকান্ত কোঁৱৰ, ঘন বৰুৱা, মহেন্দ্ৰনাথ কোঁৱৰ, দহন চেতিয়া, কেশৱ কোঁৱৰ, গোপীনাথ কোঁৱৰ, ক্ষমা কোঁৱৰ, পুলেন কোঁৱৰ, বনেশ্বৰ গগৈ, হম্বৰ গোঁহাই, প্ৰয়াত জীৱন কোঁৱৰ, হৰেন গোঁহাই, ধৰ্ম্মেশ্বৰ গোঁহাই, নবীন গগৈ, ফটিকচন্দ্ৰ কোঁৱৰ জৰিত আছিল । পুষ্পেন্দ্ৰনাথ গোঁহাইক সভাপতি, বিপিনচন্দ্ৰ কোঁৱৰক সম্পাদক আৰু হৰিকান্ত দুৱৰাক সহকাৰী সম্পাদক হিচাবে লৈ ২০০৮ চনৰ ১৫ ফেব্ৰুৱাৰীত পৰিচালনা সমিতিখন গঠন কৰি বিদ্যালয়খন প্ৰতিষ্ঠা কৰে । বিপিনচন্দ্ৰ কোঁৱৰ অধ্যক্ষ (১৫ ফেব্ৰুৱাৰী ২০০৮ - জুন ২০১৩), হৰিকান্ত দুৱৰা উপাধ্যক্ষ, মানসী মহন্ত কোঁৱৰ, মন্দিৰা গগৈ বৰুৱা আৰু মঞ্জু গোঁহাই সহকাৰী শিক্ষয়িত্ৰী প্ৰতিষ্ঠা কালৰ শিক্ষক-শিক্ষয়িত্ৰী আছিল । বিপিনচন্দ্ৰ কোঁৱৰ, হৰিকান্ত দুৱৰা আৰু বিদ্যাধৰ গগৈ (বৰ্তমান) অধ্যক্ষ আৰু হৰিকান্ত দুৱৰা, বিদ্যাধৰ গগৈ, মঞ্জু গোঁহাই, সুভাষ কেশৰী আৰু বাবুল লহাৰ (বৰ্তমান) উপাধ্যক্ষ হিচাবে দায়িত্বত আছিল । পুষ্পেন্দ্ৰনাথ গোঁহাই আৰু ফটিকচন্দ্ৰ কোঁৱৰ (বৰ্তমান) পৰিচালনা সমিতিৰ সভাপতি আছিল । বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীসকল হ'ল বিদ্যাধৰ গগৈ (অধ্যক্ষ), বাবুল লহাৰ (উপাধ্যক্ষ), হৰিকান্ত দুৱৰা, মঞ্জু গোঁহাই, মন্দিৰা গগৈ বৰুৱা, অৰ্চনা গগৈ, মুনমী গগৈ, সুভাষ কেশৰী, চিত্ৰলেখা কোঁৱৰ, জোনমনি গোঁহাই, দীপজ্যোতি খনিকৰ, ধৰিত্ৰী দত্ত সহকাৰী (শিক্ষক-শিক্ষয়িত্ৰী) আৰু প্ৰনিতা কোঁৱৰ (চতুৰ্থ বৰ্গৰ কৰ্মচাৰী) । বিদ্যালয়খনত কম্পিউটাৰ, আধ্যাত্মিক শিক্ষা, শঙ্কৰী সংগীত, যোগাসন, নৃত্য, বাঁহী, পেঁপা, বক্তৃতা প্ৰশিক্ষণ দিয়া হয় । বিদ্যালয়খনত এটি ডিজিটেল শ্ৰেণীকোঠা আছে । হৰিকান্ত দুৱৰা (talk) 08:01, 28 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

"অপৰিমেয় সংখ্যা" পৃষ্ঠালৈ উভতি যাওক।