চেংধৰা গাঁও :

ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া মৌজাৰ পূৱ দিশত চেংধৰা গাঁওখন অৱস্থিত । চেংধৰা গাঁৱৰ চাৰিসীমা হ'ল :- পূৱে ফুকনৰখাট গাঁও, পশ্চিম-দক্ষিণে মোকালবাৰী চাহ বাগিচা, উত্তৰে চেংধৰাবাৰী চাহ বাগিচা । গড়পৰা সত্ৰ গড়কাপ্তানী পথটি গাঁওখনৰ সোমাজেৰে গৈছে ।

         চেংধৰা গাঁৱত প্ৰায় সত্তৰটি পৰিয়াল আছে । গাঁওখনৰ ৯০% লোক কৃষিজীৱী । গাঁওখনত এখন মজলীয়া বিদ্যালয়, এখন উচ্চ মাধ্যমিক বিদ্যালয়, দুটি নামঘৰ, ফুকনৰখাট গাঁও পঞ্চায়ত কাৰ্য্যালয়, মধুজ্যোতি যুৱক সংঘ আৰু চেংধৰা মহিলা সমিতিৰ কাৰ্য্যালয়টি আছে । গাঁওখনৰ উত্তৰে ভেঁগুৰি নামেৰে এখনি ৰাজহুৱা হাবি, এখনি শ্মশান ঘাট, এখনি খেলপথাৰ আৰু দক্ষিণ দিশত চেংধৰা বিল আছে । বিলখনিত পদুম ফুল, মেটেকা আদি জলজ উদ্ভিদ, শেৱালী হাঁহ, গঙ্গা চিলনী, দাউক আদি চৰাই আৰু বিভিন্ন প্ৰজাতিৰ মাছ, বেং আছে । বিল খনলৈ বনৰীয়া ৰাজহাঁহ, ৰাংকং, বৰটোকোলা, বগলী আদি কিছুমান পৰিভ্ৰমি চৰাই আহে ।