বাৰ্তা:কিণ্ডাৰগাৰ্টেন

Latest comment: 4 মাহ পূৰ্বে by 2409:4065:CCE:27A8:0:0:4B8A:3007 in topic জীৱনী



বাৰ্তা সম্পাদনা কৰক

আমাৰ কিণ্ডাৰগাৰ্টেনসমূহৰ কিছু কথা


                           --বীৰেণ শইকীয়া (talk) 12:23, 23 November 2019 (ইউ.টি.চি.)--বীৰেণ শইকীয়া (talk) 12:23, 23 November 2019 (ইউ.টি.চি.)--বীৰেণ শইকীয়া (talk) 12:23, 23 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিদ্যালয়ত শিক্ষা লাভ কৰাটো শিশুৰ বাবে অতি প্ৰয়োজন, কিন্তু এখন বিদ্যালয়লৈ যোৱা আগৰ সময়চোৱাত এটি শিশুৱে কি কৰিব, বা বিদ্যালয়লৈ যোৱাৰ বাবে তেওঁ ইচ্ছুকনে, সাজু হৈছেনে? –ঠিক ইয়াৰপৰাই কিণ্ডাৰগাৰ্টেনৰ ভূমিকা কথাষাৰ আহি পৰে। কিণ্ডাৰগাৰ্টেন(Kindergarten) শব্দটো জাৰ্মান ভাষাৰ শব্দ, যাৰ অৰ্থ হৈছে- শিশুৰ বাগিছা(garden for children)। ১৮শ শতিকাৰ শেষৰ ফালে জাৰ্মানী আৰু ফ্ৰান্স দেশত ইয়াৰ আৰম্ভ হৈছিল। ইয়াৰ উদ্দেশ্য আছিল- শিশুসকলক বিদ্যালয়লৈ যাবৰ বাবে সাজু কৰোৱা। অৰ্থাৎ, এই প্ৰচেষ্টাক আমি শিক্ষাদানৰ প্ৰথম প্ৰদক্ষেপ বুলি অভিহিত কৰিব পাৰো। খেলা-ধূলা, গান-গোৱা, ছবি-অঁকা আৰু সামাজিকভাবে সংযুক্ত আচৰণ কৰা আদিক গুৰুত্ব দিয়া হৈছিল। সাম্প্ৰতিক সময়ত কিণ্ডাৰগাৰ্টেনৰ সংজ্ঞাৰে অসংখ্য প্ৰতিষ্ঠানত বিভিন্ন প্ৰচেস্টাৰে ৩বছৰৰপৰা ৬ বছৰ বয়সৰ শিশু সকলক শিক্ষা দি থকা দেখা যায়। কে. জি. বা Kindergarten আৰু প্ৰাক্-প্ৰাথমিক বা Preschool শব্দ দুটা বহুতো দেশত একে অৰ্থতে ব্যৱহাৰ হৈ আহিছে। অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত প্ৰাক্-প্ৰাথমিক, অংকুৰ, মুকুল আদিৰে নামাংকণ কৰা দেখা যায়। যি কি নহওক, ক’ব পাৰি যে প্ৰাক্-বিদ্যালয়ৰ উদ্দেশ্য হৈছে এটি শিশুক বিদ্যালয়লৈ যোৱাৰ আগেয়ে সম্পূৰ্ণভাৱে তৈয়াৰ কৰি লোৱা, বা এনে এখন বিদ্যালয়, য’ত শিশু ছাত্ৰ-ছাত্ৰীসকলৰ বয়স বিদ্যালয়লৈ যোৱাৰ বয়সৰ জোখাৰে অতি কম। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ২-৪ বছৰ বয়সৰ শিশুসকলক অন্তৰ্ভূক্ত কৰা দেখা যায়। এখন কিণ্ডাৰগাৰ্টেনত বিশেষভাবে প্ৰস্তুত কৰা আঁচনিৰ অন্তৰ্গত ৩-৬ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক শিকোৱা হয়। ইয়াক বিধিগত শিক্ষা(formal education)ৰ প্ৰথম সোপান হিচাপে দেখা যায়। বহুতো বিদ্যালয়ত কিণ্ডাৰগাৰ্টেন ব্যৱস্থাটো শিশুৰ শিক্ষা আহৰণৰ প্ৰথম অৱস্থা বুলি গণ্য কৰা হয়। বিশ্বৰ বিভিন্ন দেশত ভিন ভিন মানদণ্ডৰ কিণ্ডাৰগাৰ্টেনসমূহৰ অৱস্থান আছে। শিশুৰ বিদ্যালয়ত প্ৰৱেশ বা নামভৰ্তিৰ বয়স দেশ ভেদে বেলেগ বেলেগ। প্ৰায়ভাগতে শ্ৰেণীবোৰ বিভিন্ন নামেৰে ৪ বছৰ বয়সতেই আৰম্ভ কৰা দেখা যায়। আনহাতে বহুতে ইয়াক প্ৰয়োজনীয় বুলি নাভাবে। কিণ্ডাৰগাৰ্টেনৰ প্ৰয়োজনীয়তা- ১. কেনেকৈ শিকোৱা হয়ঃ কিণ্ডাৰগাৰ্টেনত শিশুসকলক খেল-ধেমালিৰ মাজেৰে শিক্ষণৰ আভাস দিয়া হয়। তেওঁলোকক বাধ্যতাৰে নহয়- আনন্দ অভিজ্ঞতাৰ দ্বাৰা শ্ৰেণী-কোঠাত তেওঁলোকৰ অৱস্থিতিৰ বিষয়ে অৱগত কৰা হয়। ২. সামাজিক সংযোগঃ নিজা গৃহত সততে লগ নোপোৱা বহুজন লগৰ সমনীয়াক একে সময়তে কাষত পোৱাৰ সৌভাগ্য হয়। কিণ্ডাৰগাৰ্টেনে সামাজিক দক্ষতাৰ উন্নতিৰ শিক্ষা প্ৰদান কৰে। তেওঁলোকে মুক্ত মনেৰে সমনীয়া স’তে ভাৱৰ আদান-প্ৰদান আৰু বন্ধুত্ব গঢ়াত আগবাঢ়িব পাৰে। ৩. সৃস্টিশীলতাঃ কিণ্ডাৰগাৰ্টেন এনে এখন ঠাই য’ত শিশুসকলে মুক্তভাবে সুবিধা পায় আৰু সৃজনিশীল পন্থাৰে শিকাৰ সুবিধা লাভ কৰে। পৰৱৰ্তি সময়ত শিকনৰ এই সূত্ৰসমূহৰ যোগেদি উচ্চ স্তৰত প্ৰতিস্থা লাভ কৰে। ৪. উচ্চ স্তৰৰ বাবে প্ৰস্তুতিঃ গৃহ পৰিসীমাৰপৰা বিদ্যালয়ৰ পৰিসীমালৈ কৰা পৰিক্ৰমাত কিণ্ডাৰগাৰ্টেনে শিশুক সহায় আগবঢ়ায়। ঘৰুৱা পৰিৱেশত তেওঁলোকে আন বয়স্ক লোকক মনোযোগ নিদিয়ে। শিশুসকলে গাঠনি আৰু ৰুটিনৰ বিষয়ে শিকে আৰু পৰৱৰ্তি স্তৰৰ বুনিয়াদী জ্ঞান লাভ কৰে। ৫. ভৱিষ্যতৰ সফলতাঃ এখন প্ৰকৃত কিণ্ডাৰগাৰ্টেনত প্ৰৱেশ কৰা অৰ্থ হৈছে শিশুটিৰ ভৱিষ্যতত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰা। একোখন মহাবিদ্যালয়ত তেওঁলোকে যিমানখিনি অৰ্জন কৰিব পাৰিব, এই সকলোখিনি আৰম্ভনি শিক্ষাৰ এটা সবল ভূমিকা আছে। ভাৰতবৰ্ষৰ কিণ্ডাৰগাৰ্টেনসমূহঃ ১. সাংগঠনিক ব্যৱস্থাপনা- ভাৰতবৰ্ষৰ কিণ্ডাৰগাৰ্টেনসমূহত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। কিছুমান প্ৰতিষ্ঠানত প্ৰাথমিক বিদ্যালয়লৈ কিণ্ডাৰগাৰ্টেন আৰু উচ্চ কিণ্ডাৰগাৰ্টেন(LKG and UKG) ব্যৱস্থাৰ প্ৰচলন আছে। নাৰ্চাৰী ব্যৱস্থাটোকেই নিম্ন কিণ্ডাৰগাৰ্টেনত ব্যৱহূত হৈ আহিছে। যি নহওক, LKGত প্ৰৱেশৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। সাধাৰণতে ৩-৪ বছৰ বয়সৰ শিশুক ইয়াত অন্তৰ্ভূক্তি কৰা হয়। তেওঁলোকক খেলা-ধূলাৰ প্ৰতি উৎসাহিত কৰা হয়। বৰ্ণমালা আৰু বুনিয়াদী সংখ্যাৰ জ্ঞান দিয়া হয়। শিশুসকলে সামাজিক, আবেগিক আৰু শাৰিৰীক দক্ষতা অৰ্জন কৰে। উচ্চ কিণ্ডাৰগাৰ্টেন বা UKG অধিক ব্যৱস্থা সম্পন্ন, সংগঠিত। বিভিন্ন সৃস্টিশীল সূত্ৰৰদ্বাৰা শিশুসকলে লিখিব আৰু পঢ়িবলৈ শিকে। শব্দ ভাণ্ডাৰ উন্নত কৰা হয়, লগতে বুনিয়াদী অংক শিকোৱা হয়। শিশুভেদে শিক্ষক-শিক্ষয়েত্ৰীয়ে ব্যক্তিগত অভিজ্ঞতাসম্পন্ন প্ৰচেষ্টাৰে শিক্ষণ প্ৰযুক্তি ব্যৱহাৰ কৰে। শিশুসকলক প্ৰথম স্তৰ(first grade)ৰ বাবে শিক্ষণৰ আৱশ্যক হয়। ২. উন্নয়নৰ লক্ষ্য- কিণ্ডাৰগাৰ্টেনসমূহত শিক্ষা প্ৰদানতকৈ শিশুৰ সামগ্ৰিক উন্নয়নত অধিক গুৰুত্ব দিয়া হয়। UKG ৰ অন্তিম সময়চোৱাত, আদৰ্শগতভাবে শিশুৱে ৬ বছৰ বয়সত অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকক নিম্ন উল্লেখিত পাৰদৰ্শিতাবোৰ আহৰণৰ দক্ষতা প্ৰদান কৰা হয়- ক. শাৰিৰীক দক্ষতা(Physical Skills) - I) বল এটা ধৰা II) জপিওৱা ৰচিৰ সহায়ত জাঁপ মৰা III) এটা ভৰিৰে দুপিয়াই যোৱা IV) ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত খোজ কঢ়া V) এখন হাত আনখন হাততকৈ বেছি ব্যৱহাৰ কৰা VI) পেঞ্চিল এডাল ধৰিবলৈ শিকা VII) বুনিয়াদী আকাৰসমূহ কাটিবলৈ শিকা VIII) চামুচ, গিলাচ আদি ধৰিবলৈ শিকা খ. সম্ভেদ জ্ঞানৰ দক্ষতা(Cognitive Skills) - I) ৰং আৰু অবয়ৱৰ চিনাক্তকৰণ II) বৰ্ণমালা শিকন আৰু আখৰ উচ্চাৰণ III) নিজা নাম, ঠিকনা আৰু ফোন নম্বৰ মনত ৰখা IV) সাধু কবলৈ জনা V) ২০ সংখ্যালৈ পঢ়িবলৈ শিকা VI) ১৫ মিনিটৰ এটা প্ৰকল্প সম্পন্ন কৰা VII) কি আঁকিব বা কি কেনেকৈ খেলিব পৰিকল্পনা কৰা গ. সামাজিক আৰু আৱেগিক দক্ষতা(Social and Emotional Skills) – I) অভিভাৱক-অভিভাৱকৰ সন্মতি গ্ৰহণ কৰা II) বন্ধুবৰ্গৰ প্ৰতি সচেতন ব্যৱহাৰ III) নীতি-নিয়ম মানি চলা IV) মনোযোগ দিয়াৰ ক্ষেত্ৰত আনন্দ উপভোগ- নাচ বা গান ব্যৱহাৰ কৰা V) আনৰ সৈতে আদান-প্ৰদান বা বিনিময় কিয় ভাল-জনা ।

৩. পদ্ধতিসমূহ (Systems) – যি বিলাক প্ৰাক্-প্ৰাথমিক বিদ্যালয়ত কিণ্ডাৰগাৰ্টেন পদ্ধতি প্ৰৱৰ্তন হৈ আছে, সেইবোৰত বিভিন্ন পেডাগজি(pedagogy) নিৰ্বাচন কৰি লয়। কেইটামান জনপ্ৰিয় পেডাগজি হৈছে- ক) প্লে’ৱে’(Playway) - ফ্ৰেডৰিক্ ৱিলহেম আগষ্ট ফ্ৰ’বেল(Friedrich Wilhelm August Froebel,1782-1852)এ প্লে’ৱে’ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল। খেলৰ মাজেৰে শিশুৰ বিকাশৰ ধাৰা তেওঁ বিশ্বাস কৰিছিল। খ) মণ্টেছৰী(Montessory) - মাৰীয়া মণ্টেছৰী(Maria Montessori,1870-1952) প্ৰথমে এগৰাকী স্বাস্থ্যবিদ আছিল যদিও ‘বিজ্ঞানসন্মত পেডাগজি’(‘Scientific Pedagogy’) অধ্যয়ণৰ মাজেৰে শিক্ষণ আৰু শিকণৰ এক প্ৰণালী উদ্ভাৱন কৰে, যাক মণ্টেছৰী পদ্ধতি বুলি জনা যায়। গ) ৱালডৰ্ফ(Waldorf) –ৰূদল্ফ যোচেফ ল’ৰেঞ্জ ষ্টে’নাৰ(Rudolf Joseph Lorenze Steiner,1861-1925) এনে পদ্ধতিৰ উদ্ভাৱক। বিভিন্ন ঠাইৰ ভিন ভিন পৰিৱেশৰ শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে এক বহল শিক্ষা ব্যৱস্থাৰ তেওঁ পৃষ্ঠপোষক আছিল। ঘ) ৰেজিঅ’-এমিলীয়া(Reggio-Emilia) – দ্বিতীয় মহায়ুদ্ধৰ পাছত ইটালিৰ ৰেজিঅ’-এমিলিয়া নামৰ ভগ্নপ্ৰায় চহৰখনত বাসিন্দাসকলে এখন যুদ্ধৰ টেংক, তিনিখন ট্ৰাক, কেইটামান ঘোঁৰা আৰু যুদ্ধৰ কিছু সামগ্ৰী বিক্ৰী কৰি ভিল্লা চেল্লা(Villa Cella) গাঁৱত এখন বিদ্যালয় স্থাপন কৰে। এই বিদ্যালয়তে লৰিচ মালাগুজি (Loris Malaguzzi ,1920-1994) নামৰ এজন শিক্ষকে বিশেষ প্ৰণালীৰে শিক্ষণ আৰম্ভ কৰে। প্ৰাকৃতিক পৰিৱেশত সম্পূৰ্ণ ব্যক্তি স্বাধীনতাৰে শিক্ষা দিযাৰ তেওঁ বিশ্বাস কৰিছিল। শিশুৰ ‘100 languages’ যথেষ্ট প্ৰসাৰ লাভ কৰিছিল। কিণ্ডাৰগাৰ্টেন পদ্ধতি বৃহৎ বিদ্যালয়বোৰত সংযুক্ত হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰকৃততে ই এটা মিশ্ৰিত প্ৰক্ৰিযা হৈ পৰে। শিক্ষা পৰিষদ বা ব’ৰ্ডৰ অন্তৰ্ভূক্ত বিদ্যালয় সমূহত এনে কৰা অৰ্থ হৈছে বিদ্যালয়ত অব্যাহত শিক্ষা প্ৰণালীৰ সৈতে শিশুসকলক সহজ কৰি গঢ় দিয়া। পৰিষদ বা ব’ৰ্ডৰ শিক্ষা প্ৰণালীৰ সৈতে কিণ্ডাৰগাৰ্টেন পদ্ধতি প্ৰয়োগৰ বিশেষভাবে গৱেষণা কৰি লোৱা প্ৰয়োজন। কিণ্ডাৰগাৰ্টেন প্ৰতিষ্ঠানে ল’ব লগা প্ৰয়োজনীয় দিশ – ১) সুৰক্ষা আৰু বিশ্বাসযোগ্যতা – ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ(National Commission for the Protection of Child Right)এ ৩-৬ বছৰ বয়সৰ শিশুৰ বাবে স্থাপিত ব্যক্তিগত বিদ্যালয়ৰ বাবে কেইটামান নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিছে। শিক্ষা প্ৰতিষ্ঠান সমূহৰ চৰকাৰী পঞ্জীয়নৰ আৱশ্যক। শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত ১:২০ হোৱাৰ উপৰি দৈনিক পাঠ-দানৰ সময়সূচী ৩-৪ ঘণ্টাৰ ভিতৰত হোৱাটো বাঞ্চনীয়। চাৰিসীমাৰ দেৱাল, অগ্নি সুৰক্ষা, প্ৰাথমিক চিকিৎসা আৰু অন্যান্য সুৰক্ষামূলক ব্যৱস্থাবোৰ থাকিব লাগে। ভাৰত চৰকাৰৰ সংহত শিশু উন্নয়ণ আঁচনি(Integrated Childhood Development Scheme)ৰ অন্তৰ্গত কিণ্ডাৰগাৰ্টেনৰ অনুমতি আৰু বৃহৎ প্ৰতিষ্ঠান সমূহে পৰিষদ বা ব’ডৰ অনুমতি লোৱা প্ৰয়োজন। ক) শাৰীৰিক সুৰক্ষা – ১. চাৰিসীমাৰ দেৱাল, সুৰক্ষাকৰ্মী থাকিব ২. শ্ৰেণীকোঠা আৰু বাৰান্দাবোৰত CCTV ৰ ব্যৱস্থা আৱশ্যক ৩. শ্ৰেণীকোঠাৰ মজিয়া উপযোগী হ’ব লাগে ৪. খেলৰ বা অন্যান্য সামগ্ৰীসমূহ বিজ্ঞানসন্মত হোৱা প্ৰযোজন ৫. বিপদজনক সামগ্ৰীসমূহ শিশুৰপৰা আঁতৰাই ৰাখিব লাগে ৬. বিদ্যুতৰ ব্যৱস্থাবোৰ কোনো আৱয়বেৰে প্ৰতিৰোধ কৰি ৰখাৰ প্ৰয়োজন ৭. পৰিস্কাৰত ব্যৱহৃত বস্তুবোৰ সাৱধানে ৰাখিব লাগে ৮. দৈনিক সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণ কৰা ৯. সাঁতোৰ ব্যৱস্থা থাকিলে অভিজ্ঞলোক থকা দৰকাৰ

খ) চাফ-চিকুনতা – ১. চাফ-চিকুন আৰু শিশুৰ শাৰিৰীক অনুকুল হ’ব লাগে ২. মজিয়া বিজাণুমুক্ত আৰু পৰিস্কাৰ হোৱা বাঞ্চনীয় ৩. স্বাস্থ্যসন্মত শৌচাগাৰ আৰু প্ৰেস্ৰাৱগাৰ ৪. হাত ধোৱা আৰু আন স্বাস্থ্যজনিত অভ্যাসৰ প্ৰতি উৎসাহিত কৰা

গ) শিক্ষক-কৰ্মচাৰী নিৰ্বাচন – ১. শিক্ষক-শিক্ষয়েত্ৰীৰ প্ৰাক্ শিশুকালিন শিক্ষাৰ অৰ্হতা আৱশ্যক ২. শিক্ষক-শিক্ষয়েত্ৰী উন্নয়ণ আৰু পৰিকল্পনাৰ বিষয়ে সতৰ্ক থকা প্ৰয়োজন ৩. কিণ্ডাৰগাৰ্টেনৰ নিজা শিক্ষণ প্ৰণালী আৰু পাঠ্যক্ৰমৰ প্ৰতি শিক্ষক-শিক্ষয়েত্ৰীৰ জ্ঞান থকা তখা শিশুক সেইদৰে প্ৰস্তুত কৰিব লাগে

ঘ) পূৰ্ব-ইতিহাস নিৰীক্ষণ – ১. সকলো শিত্ৰক-কৰ্মচাৰীৰ পূৰ্ব-ইতিহাস আৰু যোগ্যতা নিৰূপক যাৱতীয় নথি-পত্ৰ নিৰীক্ষণ কৰা ২. বিদ্যলয়ৰ প্ৰকৃতিৰ ধাৰা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত নিৰীক্ষণ অব্যাহত থকা

২) পাঠ্যক্ৰম আৰু ক্ৰিয়া-কৰ্ম – আন প্ৰাক্- বিদ্যালয় সমূহৰ দৰে কিণ্ডাৰগাৰ্টেনৰ শিশুসকলকো যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। যদিও ব্যৱস্থাবোৰৰ ভিন্নতা আছে, তথাপি শিশুসকলে এক মিশ্ৰণেৰে কিছুমান শিক্ষা লাভ কৰে-

   ১. অংকঃ তেওঁলোকক বুনিয়াদী সংখ্য শিকোৱা হয়। কিছুমান অবয়ব বস্তুৰ গণনা কৰিবলৈ শিক্ষা দিয়া হয়। যোগ-বিয়োগৰ সাধাৰণ জ্ঞান, সময়ৰ বুনিয়াদী ধাৰণা দিয়্ হয়। 
   ২. ভাষাঃ বৰ্ণমালা আৰু বৰ্ণৰ সুকীয়া উচ্চাৰণৰ বিষয়ে বুজোৱা হয়। স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ শিকোৱা হয়। সৰল প্ৰকাৰৰ কবিতা আৰু সাধু তেওঁলোকক পঢ়ি শুনোৱা হয়। পাছত শিশুসকলে নিজেই পঢ়িবলৈ সক্ষম হ’ব পাৰে। তদুপৰি সাধাৰণ শব্দৰ বানান আৰু বাক্য লিখিবলৈ শিকোৱা হয়।
   ৩. বিজ্ঞানঃ গছ-গছনি, চৰাই আৰু জন্তু চিনাক্ত কৰা, স্বাস্থ্য সন্মত খাদ্যৰ বিষয়ে জ্ঞান, শৰীৰৰ অংগসমূহৰ কাৰ্য আদি বিবিধ জ্ঞানেৰে শিশুসকলক শিক্ষা দিয়া হয়। 
   ৪. সমাজবিজ্ঞানঃ তেওঁলোকৰ চাৰিওকাষৰ পৰিৱেশ, সমাজৰ যি সম্প্ৰদায়ত শিশুসকলে বাস কৰে তাৰ সম্যক জ্ঞান আৰু ত্ৰুটিৰ মাজেৰে শুদ্ধতাৰ নিৰ্ধাৰণ আদি শিকোৱা হয়।
   কিণ্ডাৰগাৰ্টেনত এটা বগষয়ত বিশেষ চকু দিবলগীয়া হয় – যাতে শাৰিৰীক আৰু মানসিক কৰ্মৰাজিত সমানে সময় বা গুৰুত্ব দিয়া হয়। খেলা-ধূলাৰ বাবে এখন খেল পথাৰৰ প্ৰয়োজন। শাৰিৰীক সমৃদ্ধি আৰু বিকাশৰ বাবে শিশুৰ খেলা-ধূলাৰ আৱশ্যক। ঐক্যবদ্ধভাবে খেল-ধেমালিৰ মাজেৰে তেওএলোকৰ আদান-প্ৰদানৰধাৰণাৰ সৃষ্টিক জাগ্ৰত কৰা হয়।
   সেইবাবে অভিভাৱকে এনে প্ৰতিষ্ঠানৰ পৰা ফঠ্যক্ৰমৰ বিষয় সম্বলিত লিখিত বিৱৰণ বিচৰা প্ৰয়োজন।ইয়াৰ দ্বাৰা নিজৰ শিশুৰ প্ৰয়োজনীয় সমৃদ্ধি আৰু বিকাশৰ গতি আৰু মাত্ৰা সম্পৰ্কে জ্ঞাত হ’ব পাৰি। ভৱিষ্যতৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়েত্ৰীয়ে কিণ্ডাৰগাৰ্টেনসমূহত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

৩) শিক্ষক-শিক্ষয়েত্ৰীৰ বাবে লক্ষণীয় কেতবোৰ দিশ –

   ১. সৃষ্টিশীল, নম্ৰ, ধৰ্য গুণৰ অধিকাৰী
   ২. শিশুৰ শ্ৰেষ্ঠ উন্নয়নৰ বাবে গঠনমূলক সূচী তৈয়াৰ কৰা
   ৩. প্ৰতিজন শিশুৰ বোধগম্যতাৰ জ্ঞান
   ৪. PTA(Parents Teachers Association)  আৰু PTM(Parents Teachers Meeting)ত বলিষ্ঠ অংশগ্ৰহণ
   ৫. জৰুৰীকালিন অৱস্থাৰ মুখামুখী হ’ব পৰাকৈ প্ৰশিক্ষিত
   ৭. অভিভাৱক তথা জৰুৰীকালীন যোগাযোগৰ নম্বৰসমূহ সংগ্ৰহ কৰি থোৱা
   ৮. চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত ছাত্ৰ-শিক্ষকৰ অনুপাত হৈছে ২০:১ । 

৪) আচৰণ পৰিচালনা-

    কিণ্ডাৰগাৰ্টেন সমূহত শিশুসকলৰ আচৰণৰ বাবে কিছুমান নিৰ্দেশাৱলীৰ প্ৰয়োজন। তদুপৰি শিশুসলৰ প্ৰয়োজনীয় বা ব্যৱহাৰ পৰিৱৰ্তন ঘটাবলৈ শিক্ষক-শিক্ষয়েত্ৰী সকলে নিজা সৃজনীমূলক নীতি প্ৰয়োগ কৰিব পাৰে।
    ক. উদ্যমী (proactive) পদ্ধতিঃ শিশুক ইচ্ছাবিৰূদ্ধভাবে অধিক সময় নিয়োজিত কৰি ৰখাৰ পৰিৱৰ্তে নৃত্য-গীত আদিৰে বিৰাম দিয়া আৱশ্যক। ককৰ্থনাৰ সলনি প্ৰশংসাৰে আচৰণৰ সলনি কৰিব পাৰি।
    খ. নমূনাকৰণ(modelling) ব্যৱহাৰঃ সঠিক আচৰণৰ বাবে নমূনা বা আৰ্হিৰ সহায়েৰে প্ৰদৰ্শন কৰিবলৈ দি প্ৰশংসা কৰিব লাগে।
    গ. দৈনিক সূচী(routine): দৈনিক সূচী প্ৰস্তুত কৰি নিৰ্দেশনাৰ প্ৰতি মনোযোগ সৃষ্টি কৰিব লাগে।

৫) অন্যান্য-

    কিণ্ডাৰগাৰ্টেনৰ লগত সংযোজিত আৰু বহুতো দিশ বা বিষয় আছে। একে স্থানত সকলোবোৰ সামৰি লোৱা আসম্ভৱ। বিশেষভাবে যাতায়তৰ বিষয়টোও মন কৰিবলগীয়া। প্ৰতিষ্ঠানখনৰ পৰিৱেশ, অথবা স্থানীয় পৰিৱেশ সঠিক হোৱাটো বাঞ্চনীয়।

ফ্ৰৱেলৰ জীৱনী সম্পাদনা কৰক

জীবনী 2409:4065:CCE:27A8:0:0:4B8A:3007 13:33, 28 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

জীৱনী সম্পাদনা কৰক

ফ্ৰৱেলৰ 2409:4065:CCE:27A8:0:0:4B8A:3007 13:36, 28 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

"কিণ্ডাৰগাৰ্টেন" পৃষ্ঠালৈ উভতি যাওক।